৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 4/2023:-
1. মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সম্বৰ্ধনা জনাই মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীক৷
উমা চেত্ৰীলৈ ১০ লাখ টকাৰ সাহাৰ্য আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
2. যোৰহাটত উপস্থিত হয় ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংগচুকৰ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ভূটানৰ ৰজাগৰাকীয়ে৷
3. মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
জনতা ভৱনৰ নতুন ব্লক লোকসেৱা ভৱনত অনুষ্ঠিত হয় এই সংবাদমেল।
মাৰ্চত উদ্বোধন হ’ব গুৱাহাটী-উঃগুৱাহাটী সংযোগী দলঙৰ এটা অংশ।
আনহাতে, ‘গহপুৰ-নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰত হ’ব সুৰংগ৷
সুৰংগ নিৰ্মাণত ২০% ব্যয় কৰিব প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷
NHAIয়ে ব্যয় কৰিব ৮০ শতাংশ’৷
“গুৱাহাটীত নিৰ্মাণ হ’ব ৰিং ৰোড৷
ছয়লেনযুক্ত হ’ব এই ৰিং ৰোড৷
ৰিং ৰোড নিৰ্মাণৰ বাবে NHAIয়ে আহ্বান কৰিব নিবিদা৷
৫,৮০০ কোটি টকা ব্যয় হ’ব এই ৰিং ৰোড নিৰ্মাণত৷
4. নেপালত ভয়ংকৰ ভূমিকম্প।
ভূমিকম্পত মৃত্যু হয় ১৩৩গৰাকী।
৬.৪ ৰিখটাৰ স্কেলত তচ্নচ্ হৈ পৰে নেপাল।
5. পাকিস্তানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ।
মিয়ানৱালী বায়ুসেনা ঘাটিত আত্মঘাতী বোমাৰুৰ আক্ৰমণ৷
নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি মাৰণাস্ত্ৰসহ বিমানঘাটিত প্ৰৱেশ সন্ত্ৰাসবাদীৰ৷
বিমানঘাটিটোৰ ভিতৰত প্ৰৱেশ কৰি বিস্ফোৰণো ঘটাই আত্মঘাতী বোমাৰুৱে৷
নিৰাপত্তাৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত হৈছে ৩ জন সন্ত্ৰাসবাদী৷
আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰে তেহৰিক-ই-জেহাদ নামৰ সংগঠনটোৱে৷
6. কাজিৰঙাত উপস্থিত হয় বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা৷
বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ পৰিদৰ্শন কৰে অভিনেত্ৰী গৰাকীয়ে।
7. জুৰীয়াত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় লাট মণ্ডল সত্যনাৰায়ণ ডেকা।
8. বিনামূলীয়া চাউল লাভ কৰাৰ ম্যাদ আৰু ৫ বছৰলৈ বৃদ্ধি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
9. যোৰহাটৰ চিনামৰাত নিৰ্মাণ হ’বলগীয়া গঁড়আলি ৰেলৱে উৰণীয়া সেঁতুখনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অজন্তা নেওঁগে।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে- হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, ভবেন্দ্ৰ নাথ ভঁৰালী, জিলা ভাজপাৰ সভাপতি হেমন্ত কলিতা আৰু বহু গণ্যমান্য ব্যক্তিৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল।
10. নগাঁৱৰ কচুৱা শিমুলুগুৰিত আৰক্ষীৰ অভিযান৷
অভিযানত নকল টকা বনোৱা মেচিনসহ ৪ জনক আটক কৰে আৰক্ষীয়ে।
নকল টকা বিক্ৰী কৰিবলৈ যোৱাৰ সময়তে নাগালেণ্ডৰ দম্পতীৰ লগতে আন দুজনক আটক৷
11. ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত টাইকোৱাণ্ডোৰ কিউৰোগী ইভেণ্টত গোৱাক প্ৰতিনিধিত্ব কৰা অসমৰ ৰ’দালী বৰুৱাই সোণৰ পদক লাভ কৰে।
ওড়িশাক প্ৰতিনিধিত্ব কৰা অসমৰ সবিতা ৰামছিয়াৰী আৰু জাহ্নৱী মজুমদাৰে ৰূপৰ পদক লাভ কৰে।
12. চৰাইদেউত অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত দুখনকৈ বালিভৰ্তি ডাম্পাৰ জব্দ৷ BRC নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে চৰকাৰক ৰাজহ ফাঁকি দি শিল-বালি সৰবৰাহ কৰাৰ অভিযোগ৷
13. ৰাজ্যত অব্যাহত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ৷
মাহিলি ১০ হাজাৰ টকা মাননি দিয়াৰ দাবীত দলগাঁৱত ৰান্ধনীৰ উত্তাল প্ৰতিবাদ।
খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
14. দিল্লীস্থিত কৃষ্ণগুৰু শাখা সেৱাশ্ৰমত একনাম অখণ্ড কীৰ্তন৷
প্ৰতিবছৰৰ ৪ নৱেম্বৰ তাৰিখে বিশ্ব শান্তিৰ হকে আয়োজন কৰে একনাম অখণ্ড কীৰ্তনৰ৷
15. জনজাতিকৰণৰ দাবীত নতুন দিল্লীত সদৌ আহোম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ।
প্ৰতিবাদত অংশগ্ৰহণ কৰে মুঠ ১১টাকৈ আহোম সংগঠনে।
16. ডিগবৈ টিংৰাই ৰে’ল ষ্টেচনৰ সমীপত দুৰ্ঘটনা।
RE Special ৰে’লৰ খুন্দাত নিহত হয় এজন লোক।
চিনাক্ত হোৱা নাই নিহত লোকজন।
17. গোলাঘাটৰ বকিয়াল ১নং ৰংবঙত বনৰীয়া হাতীৰ আক্রমণত নিহত হয় এজন যুৱক।
নিহত যুৱকজনৰ নাম বাবু কুৰ্মী।
হাতী খেদিবলৈ যাওতে সংঘটিত হয় এই ঘটনা।
18. চৰাইদেউত অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
অভিযানত সোণাৰিৰ পৰা দুখন বালিভৰ্তি ট্রাক জব্দ কৰে।
BRC নিৰ্মাণ কোম্পানীলৈ দিহিঙৰ পৰা অবৈধভাৱে সৰবৰাহ কৰে।
19. ৰহাৰ দীঘলীআতিত ভয়ংকৰ পথ দুৰ্ঘটনা।
বলেৰ’ পিকআপ ভান আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।
থিতাতে নিহত হয় বলেৰ’খনৰ চালক অনু বড়ো।
দুয়োখন বাহন গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আছিল।
20. মহানগৰীৰ সাউকুছিত বশিষ্ঠ আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে এখন চোৰাং গৰু সৰবৰাহ কৰা বাহন।
স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে বাহনসহ গৰু।
চোৰাং গৰুসহ আটক কৰে বাহনখনৰ চালক আৰু হেণ্ডিমেনক।
Sangita Dutta News Editor Rnewsindia24.com