৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 6/2023:-
1. লখিমপুৰৰ ত্যাগক্ষেত্ৰত বিজেপিৰ বিশাল জনসভা।
জনসভাত ১০ হাজাৰ লোকৰ অংশগ্ৰহণ কৰে।
উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱাকে ধৰি বহু বিজেপি নেতা কৰ্মী।
2. প্ৰদূষণক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুৰুত্বপূৰ্ণ বৈঠক।
প্ৰদূষণৰ বাবে ১০ নৱেম্বৰলৈ বিদ্যালয় বন্ধৰ ঘোষণা কৰে।
3. ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিমন্তৰ বিশাল নিৰ্বাচনী ৰেলী।
‘অন্ধকাৰ আঁতৰিব, সূৰ্য ওলাই আহিব, পদুম ফুলিব’ ছত্তীশগড়ত এই শ্ল’গান মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ।
4. কেদাৰনাথ মন্দিৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
মন্দিৰ চৌহদত ভক্তসকলক প্ৰসাদ বিতৰণ কৰে।
5. গুৱাহাটীত দশম ভাৰতীয় উদ্যান শস্য সন্মিলন ২০২৩ৰ আয়োজন।
আজিৰে পৰা ৯ নৱেম্বৰলৈ হ’ব এই সন্মিলন।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা।
6. মহানগৰীৰ হাতীগড় চাৰিআলিত পুনৰ ফুটে পানীৰ পাইপ।
7. অসমীয়া এনিমেচন ছবি ‘লাচিত, দ্য ৱাৰিয়ৰ’লৈ বিশেষ সন্মান।
ছবিখনে লাভ কৰে শ্ৰেষ্ঠ এনিমেচন ছবিৰ সন্মান।
YathaKatha International Film and Literature Festivalত এই সন্মান লাভ।
মুম্বাইত অনুষ্ঠিত সমাৰোহত ছবিখনলৈ এই সন্মান প্ৰদান কৰা হয়।
‘লাচিত, দ্য ৱাৰিয়ৰ’ৰ কাহিনী-পৰিচালনা কৰে পাৰ্থসাৰথি মহন্তই।
8. জন্মদিন উপলক্ষ্যে বিৰাট কোহলিলৈ সোণৰ বেট উপহাৰ।
ক্ৰিকেট এছ’চিয়েশ্যন অব বেংগলৰ সভাপতি স্নেহাশিস গাংগুলীয়ে প্ৰদান কৰে এই উপহাৰ।
9. তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ ২০২৩ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা।
“জালকটা জুই” শীৰ্ষক চুটিগল্প সংকলনৰ বাবে এই বঁটা আগবঢ়োৱা হয়।
10. অভিনেতা, সংগীত শিল্পী গৌৰৱ বনিয়াৰ মৃত্যু।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ৪৫ বছৰ বয়সত GMCHত মৃত্যু হয়।
অভিনেতা ইন্দ্ৰ বনিয়াৰ পুত্ৰ গৌৰৱ বনিয়া।
কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল গৌৰৱ বনিয়াই।
11. জাগীৰোডৰ দেওশালত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল ফুটবল খেলুৱৈ।
ম’বাইল চাৰ্জ দিওঁতে শ্বৰ্ট-চাৰ্কিট হৈ মৃত্যু হয় ধনজিৎ বড়োৰ।
12. কাইলৈ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
মুঠ ৪০খন আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ১৭৪ গৰাকী প্ৰাৰ্থী।
মিজোৰামত ভোটকেন্দ্ৰলৈ ৰাওনা হোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
থিতাতে নিহত হয় এজন নিৰাপত্তা বাহিনীৰ জোৱান।
জোৱানজনৰ নাম লামুন জোৱালা।
টুই-চাং সমষ্টিৰ উদালথানাত সংঘটিত হৈছে এই ঘটনা।
13. ৰাজস্থানৰ দৌছাত ভয়ংকৰ পথ দুৰ্ঘটনা।
উৰণসেতুৰ পৰা ৰে’লপথত বাগৰে যাত্ৰীবাহী বাছ।
ঘটনাস্থলীত ৪জনৰ মৃত্যু হয়, ২৪জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
হৰিদ্বাৰৰ পৰা উদয়পুৰলৈ গৈ আছিল বাছখন।
14. গোলাঘাটত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।
বাগিচাৰ স্বত্বধিকাৰীৰ বিৰুদ্ধে বিক্ষোভ শতাধিক শ্ৰমিকৰ।
প্ৰাপ্য মজুৰিকে ধৰি অন্যান্য সুবিধা প্ৰদানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
ৰাজেশ বাজাজ মালিকাধীন দুখনকৈ বাগিচাত এই প্ৰতিবাদ।
15. সোণাৰিত আশা কৰ্মীৰ উত্তাল প্ৰতিবাদ।
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
16. মহানগৰীৰ বৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত লক্ষাধিক টকাৰ ক্ষতিসাধন হয়।
জ্বলি ছাই হ’ল প্ৰায় ১২খনকৈ দোকান।
17. মঙলদৈৰ মেনাপাৰাত উদ্ধাৰ কৰে চোৰাং গৰুভৰ্তি ট্রাক।
১৫নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰে ট্রাকখন।
ট্রাকখনত আছিল ১৫টাকৈ চোৰাং গৰু।
গৰুভৰ্তি ট্রাক এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেনৰ।
18. কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ঘৰত তদাৰক শাখা আৰু GSTবিভাগৰ অভিযান।
চাহ বাগিচা ক্ৰয় কেলেংকাৰিত সাঙোৰ খাইছিল বিধায়কজনৰ নাম।
19. গোৱালপাৰাৰ লক্ষীপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান।
প্ৰায় ৬০ হেক্টৰ ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ।
20. ” গ্ৰেপ্তাৰ বাৰু মোক কৰিবা কিন্তু মোৰ চিন্তা,মোৰ কণ্ঠক কেনেকৈ ৰোধ কৰিবা।
এদিন মই মৰি গ’লেও মোৰ কণ্ঠ টোপনীটো আপুনি শুনিব, মোৰ কথাই টোপনীটো আপোনাক শান্তি নিদিব মোডী জী” – মন্তব্য অৰবিন্দ কেজৰিৱালৰ।
Sangita Dutta News Editor Rnewsindia24.com