৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Nov 8/2023:-
1. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ অৱসৰকালীন সাহায্য প্ৰদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত মুঠ ২৬০০ গৰাকীৰ ভিতৰত ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা অংগনবাড়ী কৰ্মীয়ে ৪ লাখ টকাকৈ, ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে ৩ লাখ টকাকৈ আৰু সহায়িকা সকলে ২লাখ টকাকৈ এককালীন সাহায্য লাভ কৰে।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওঁগ, মন্ত্ৰী নন্দিতা গাৰ্লোচা, সাংসদ কুইন ওজা, বিধায়িকা সুমন হৰিপ্ৰিয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ সচিব পার্থ প্ৰতিম মজুমদাৰ, সঞ্চালক বিভাষ মোদীৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।
2. ফটকা ফুটোৱাক লৈ অসম আৰক্ষীৰ নতুন নিৰ্দেশনা।
দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈকে ফুটুৱাব পাৰিব ফটকা।
কেমিকেল যুক্ত সকলো আতচবাজী বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা।
3. পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ।
প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতি, ক্ষমতাৰ দুৰ্ব্যৱহাৰৰ অভিযোগ।
এই অভিযোগতে প্ৰধানমন্ত্ৰী গৰাকীৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে।
তদন্ত প্ৰক্ৰিয়াৰ মাজতে পদত্যাগ কৰে এণ্টোনিঅ’ কোষ্টাৰে।
4. শিৱসাগৰ ডিমৌত ১,৮০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাটমণ্ডল।
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে পূৰ্ণিমা গগৈক।
5. ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত শদিয়া বিধানসভা সমষ্টি ভিত্তিক “বৃহৎ কৰ্মী সভা”।
উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, দলৰ বিষয়ববীয়াৰ, বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
6. ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ৷
নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন জুবিন গাৰ্গ।
বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।
7. মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ পদত্যাগ।
APCCৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।
ব্যক্তিগত কাৰণত সভাপতি পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰে পত্ৰত।
8. TMC নেতা অভিষেক বেনাৰ্জীলৈ দ্বিতীয় বাৰ EDৰ চমন৷
শুকুৰবাৰে EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী।
শিক্ষক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত জাৰি কৰা হৈছে এই চমন।
9. “আফতাবুদ্দিন মোল্লা সন্দৰ্ভত মুখ খুলিব নোৱাৰিব কংগ্ৰেছে”- APCCৰ কঠোৰ নিৰ্দেশনা প্ৰতিগৰাকী কংগ্ৰেছীলৈ।
10. অৱশেষত ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।
জনসংখ্যা নিয়ন্ত্ৰণক লৈ বিধানসভাত আপত্তিজনক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।
11. SDGP হৰমিত সিঙৰ সংবাদমেল।
দেশজুৰি NIAৰ মুঠ ১৭টাকৈ দলৰ বিশেষ অভিযান।
এই পৰ্যন্ত সমগ্র ভাৰতত অভিযান চলাই ৪৭টা দালালক গ্রেপ্তাৰ।
ফেব্রুৱাৰী মাহৰ পৰা ৰোহিংগীয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছিল।
এই স্পৰ্শকাতৰ বিষয়টোৰ তদন্তৰ বাবে NIAক দায়িত্ব দিয়া হৈছিল।
সংবাদমেলত এই তথ্য সদৰী SDGP হৰমিত সিঙৰ।
12. ২৮ নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ মেচ।
কাইলৈ পুৱা ৯ বজাৰ পৰা। Book my show যোগে উপলব্ধ হ’ব টিকট।
13. ডিব্ৰুগড়ৰ মহনাঘাটত মৰ্মান্তিক ঘটনা৷
মাতৃৰ পিণ্ডদান কৰিবলৈ গৈ সলিল সমাধি দুই ভাতৃৰ।
নাম অনন্ত কাকতি আৰু বাবা কাকতি।
14. ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰীক আক্ৰমণ।
প্ৰাক্তন ছাত্ৰ ছাদ্দাম হুছেইনে আক্ৰমণ কৰে স্নাতক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীক।
ছাত্ৰীগৰাকীৰ পৰা মোবাইল কাঢ়ি লৈ যায়।
সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক নগাঁও চিকিৎসালয়ত ভৰ্তি হয়।
আক্ৰমণকাৰী ছাদ্দাম হুছেইনক আটক কৰে আৰক্ষীয়ে।
15. আমিনগাঁৱত ৬ কোটি টকাৰ আফিং জব্দ হয়।
আৰক্ষীয়ে এখন বলেৰ’ পিকআপ ভানৰ পৰা জব্দ কৰে ৩৬ কেজি আফিং।
লগতে আটক কৰে ৪টা সৰবৰাহকাৰীক।
16. নগাঁৱৰ ভিন্ন স্থানত মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ অভিযান৷
ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে হবিবুৰ ৰহমান, ছাকলিন মোস্তাক, আব্দুৰ ৰহমানক৷
17. মহানগৰীৰ ধীৰেণপাৰাত মৃতদেহ উদ্ধাৰ৷
মৃতদেহটো প্ৰকাশ বড়োৰ বুলি চিনাক্ত কৰা হয়।
বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৭নং গেটৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো।
18. Coal India Limited Guwahatiৰ উদ্যোগত হাফ মাৰাথান৷
অহা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই হাফ মাৰাথান।
পুৱা ৫ বজাত খানাপাৰাত অনুষ্ঠিত হয় আৰম্ভণি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে বলিউডৰ অভিনেত্ৰী গুল পনাগে।
19. বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা৷
তিনিখন ডাম্পাৰ-এখন মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মেজিকখনত থকা এজন যাত্ৰীৰ।
আহত হয় কেইবাগৰাকী লোক।
20. কেৰালাত অসমৰ ২ যুৱকক হত্যা৷
নাম ধেমাজিৰ মহন্ত স্বৰ্গীয়াৰী, দীপাংকৰ বসুমতাৰী৷
এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল দুয়োজন যুৱক৷
ঘাতকক গ্ৰেপ্তাৰ কৰে কেৰালা আৰক্ষীয়ে।
Sangita Dutta News Editor Rnewsindia24.com