সেই সময়ত তেওঁ মুক্তি সংঘ নামৰ অনুষ্ঠান এটাৰ সম্পাদীকা আছিল।
১৯৩১ চনত ব্ৰিটিছ চৰকাৰে স্বহিদ ভগৎ সিঙক ফাঁচী দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ দোষত তেওঁক বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হয়।
১৯৩৪ চনত ঘৰুৱাভাৱে মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হয়।
তাৰ পাছত তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েট পঢ়িবলৈ যায়।
পৰৱৰ্তী সময়ত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু পিছলৈ ১৯৩৮ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটীৰ আৰ্ল ল’ কলেজত তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে।
সেই সময়ত তেওঁ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদীকা আছিল।
সেই সময়তে গান্ধীজীয়ে ব্যক্তিগত সত্যাগ্ৰহ প্ৰৱৰ্তন কৰে আৰু তাৰ পিছতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়।
তেওঁ এই আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰে।