৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 9/2023:-
1. মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ।
সাটনাত জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
2. APSC ৰ ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণ।
ন্যায়াধীশ বি কে শৰ্মাৰ প্ৰতিবেদনৰ আধাৰত গ্ৰহণ কৰে কাৰ্যব্যৱস্থাৰ।
২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বিষয়াৰ বিৰুদ্ধে হ’ব ব্যৱস্থা।
বিষয়টোক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই।
3. অভিনেতা, নাট্যকৰ্মী ৰিজু দত্তৰ দেহাৱসান।
উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুড হেল্থ হাস্পতালত চিকিৎসাধীন হৈ শেষ নিশ্বাস ত্যাগ কৰে ।
4. ৰোহিংগীয়াৰ বিৰুদ্ধে দেশজুৰি NIAৰ অভিযান।
৪৪টাকৈ এজেণ্টক গ্ৰেপ্তাৰ কৰা হয়।
অভিযানত কাম কৰি আছে অসম আৰক্ষীৰ ১৭টা দলে।
Xযোগে এই তথ্য সদৰী কৰে DGP জি পি সিঙে।
5. ‘ৰাঘৱ’ক লৈ সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ।
ছবিৰ প্ৰযোজক তথা অভিনেতা যতীন বৰাই তৰে গোচৰ।
ইতিমধ্যে তলব কৰাৰ বাবে তালিকা প্ৰস্তুত কৰে ক্ৰাইম ব্ৰাঞ্চে।
6. জিলা কংগ্ৰেছৰ উদ্যোগত লখিমপুৰত বিশাল পদযাত্ৰা কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাণা গোস্বামী, বিধায়ক ভাস্কৰ বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ আৰু দলীয় বহু নেতাই।
7. এছিয়াৰ ৮৫৬ বিশ্ববিদ্যালয়ৰ ভিতৰত ১১৭নং স্থানত IIT গুৱাহাটী।
তালিকাৰ শীৰ্ষত চীনৰ পিকিং বিশ্ববিদ্যালয়।
তালিকাৰ ৪০ নম্বৰত IIT বোম্বে আৰু ৪৬ নম্বৰ স্থানত IIT দিল্লী।
8. গোৱালপাৰাৰ লক্ষীপুৰৰ উচ্ছেদস্থলীত উপস্থিত অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া।
উচ্ছেদস্থলী পৰিদৰ্শন কৰে শীৰ্ষ বিষয়া পি বিজয়কাৰে।
9. বিশ্ব অভিলেখৰ বাবে সাজু ৰাম নগৰী অযোধ্যা।
দীপাৱলীত মুঠ ৫১টা ঘাটত প্ৰজ্জ্বলন কৰিব ২৪ লাখ বন্তি।
ড ৰাম মনোহৰ লোহীয়া অবধ বিশ্ববিদ্যালয়ে সম্পূৰ্ণ কৰিছে এই প্ৰস্তুতি।
আনহাতে, দীপাৱলীক লৈ ব্ৰিটেইনতো ব্যাপক উছাহ। 10 ডাউনিং ষ্ট্ৰীটত প্ৰধানমন্ত্ৰী ঋষি সুনাকে বিশেষ দীপাৱলীৰ আয়োজন কৰে।
আদৰণি জনাই হিন্দু সম্প্ৰদায়ৰ অতিথিসকলক।
10. উদ্বেগজনক দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা।
বুধবাৰৰ তুলনাত আজিৰ দিনটোত সামান্য বৃদ্ধি প্ৰদূষণৰ মাত্ৰা।
দিল্লীৰ আজিৰ দিনটোৰ এয়াৰ কোৱালিটী ইনডেক্স ৪৫৩।
আনন্দ বিহাৰৰ AQI ৪৩২, আৰ কে পুৰামৰ AQI ৪৫৩, পাঞ্জাবীবাগৰ AQI ৪৪৪।
11. ৰোগাক্ৰান্ত সুস্মিতা তালুকদাৰলৈ ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য সাংসদ বদৰুদ্দিন আজমলৰ।
হাম হাস্পতাল, আজমল ফাউণ্ডেশ্যন, মৰ্কজুল মাৰিফৰ পৰা আগবঢ়োৱা হয় ধনৰাশি।
সুস্মিতা তালুকদাৰৰ সৈতে
ফোনযোগে বাৰ্তালাপ কৰে বাৰ্তালাপ সাংসদ গৰাকীয়ে।
12. তামিলনাডুৰ কোইম্বাটুৰত ভূমিস্খলন।
কুঞ্জাপ্পা-পানাই সংযোগী পথত খহি পৰে পাহাৰৰ মাটি।
ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সংঘটিত এই ভূমিস্খলন।
প্ৰবল বৃষ্টিপাতৰ বাবে ৫ জিলাত বন্ধ হয় বিদ্যালয়ৰ পাঠদান।
বন্ধ বিদ্যালয়সমূহ- কোইম্বাটুৰ, তিৰুপ্পুৰ, মাদুৰাই, থেনি, দিনিদিগুল, নীলগিৰি।
13. হাৰিয়ানাৰ যমুনানগৰত ভয়ংকৰ ঘটনা।
বিষাক্ত সুৰা সেৱনৰ ফলত ৬জন লোকৰ মৃত্যু।
বমিত আক্ৰান্ত হৈ মৃত্যু হয় আটাইকেইজন।
কেইবাজনো লোকক সোধা-পোছাৰ বাবে আটক কৰে আৰক্ষীয়ে।
14. CJM আদালতত হাজিৰ হয় বিধায়ক আফতাবুদ্দিন মোল্লা।
সাম্প্ৰদায়িক মন্তব্য কৰি মঙলবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল মোল্লা।
এদিনৰ বাবে মোল্লাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে।
আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত পুনৰ আদালতত হাজিৰ মোল্লা।
15. বটদ্রৱাৰ শিলপুখুৰীৰ পৰা চাইবাৰ অপৰাধীক আটক।
বৰিবজাৰ আৰক্ষীয়ে শিলপুখুৰীৰ পৰা আটক কৰে অপৰাধীটোক।
ধৃত চাইবাৰ অপৰাধীটো ৱাহিদুৰ জামান আনচাৰী।
16. ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই ভাতৃৰ সন্ধানত অব্যাহত অভিযান।
SDRF-NDRF-এ চলাই আছে উদ্ধাৰ অভিযান।
মঙলবাৰে ডিব্ৰুগড়ৰ মহনাঘাটত মাতৃৰ পিণ্ডদান কৰিবলৈ গৈ সন্ধানহীন হৈছিল দুই ভাতৃ।
17. পল্টন বজাৰ ৰে’লৱে ষ্টেচনত GRPৰ অভিযান।
অভিযানত জব্দ ৮০০ পেকেট বিদেশী চিগাৰেট।
জব্দকৃত অবৈধ চিগাৰেটখিনিৰ দাম ৪ লাখ টকা।
গ্ৰেপ্তাৰ কৰে মণিকাণ্ডন আৰ নামৰ এটা সৰবৰাহকাৰীক।
18. মহানগৰীৰ শ্বহীদ ন্যাসত নেছ’ৰ তীব্ৰ প্ৰতিবাদ।
অশান্ত মণিপুৰলৈ পুনৰ শান্তি ঘূৰাই অনাৰ দাবী।
আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত এই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
19. ওদালগুৰিৰ মেধিপাৰাত ভয়ংকৰ ঘটনা।
কাঠফলা মেচিনেৰে ৮ বছৰীয়া শিশুক হত্যা।
মৃত শিশুটি ৰছিদ আনছাৰী।
মজনু আলী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
M/S AKTAR FURNITURE/TIMBER SHOPত সংঘটিত হয় এই ঘটনা। ।
20. মৰাণৰ ৰাঙলীত পথ দুৰ্ঘটনা।
এক্সকেভেটৰ আৰু বাইকৰ সংঘৰ্ষত ফলত থিতাতে নিহত হয় বাইক চালকজন।
নিহত যুৱকজনৰ নাম মনদ্বীপ কুৰ্মী বুলি চিনাক্ত কৰা হয়।
Sangita Dutta News Editor Rnewsindia24.com