৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 13 /2023:-
1. “বিজেপি শাসনলৈ আহিলেই হ’ব দ্ৰুত উন্নয়ন” – চট্টিশগড়ত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
2. মহাৰাষ্ট্ৰত নিৰ্মাণ কৰা হ’ব কামাখ্যা মন্দিৰ, লগতে নিৰ্মাণ কৰা হ’ব নামঘৰ।
ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
3. জাগীৰোড সমষ্টিৰ বাঘজাপ গাওঁ পঞ্চায়তৰ বাঘজাপ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় সাংস্কৃতিক মহাসংগ্ৰাম।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
4. ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ২ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম দিৱস।
অনুষ্ঠানস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী বিমল বৰাই।
উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ উন্নয়ণ আয়ুক্ত জিতু কুমাৰ দাস, টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহন, বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
5. ‘টাইগাৰ-৩’ চলি থকাৰ সময়ত ছবিগৃহত ফটকা ফুটুৱালে অনুৰাগীয়ে।
‘নিজেও সুৰক্ষিত থাকক, আনকো সমস্যা নোহোৱাকৈ ছবিখন উপভোগ কৰিবলৈ দিয়ক’- ঘটনাক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতা ছলমান খানে।
6. শান্তিপূৰ্ণভাৱে দীপাৱলী আৰু কালী পূজা উদ্যাপনৰ বাবে সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে DGP জি পি সিঙে।
7. শিল্পী দ্বীপেন বৰুৱালৈ ২০২৩ বৰ্ষৰ ‘বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা’। বিজু ফুকন ট্ৰাষ্টে ঘোষণা কৰে এই বিশেষ বঁটা।
মুঠ ১৪টা শিতানত প্ৰদান কৰিব অন্যান্য বঁটা।
8. পেণ্টৰ ভিতৰৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ।
উদ্ধাৰ হয় ৭০০ গ্ৰাম ওজনৰ কেইবাটাও সোণৰ বিস্কুট।
তামিলনাডুৰ ত্ৰিচী বিমানবন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ কৰে সোণখিনি।
9. মহানগৰীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।
নিহত যুৱকজন জু-ৰোড তিনিআলিৰ ছানী শৰ্মা।
জনতা ভৱনৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।
10. উত্তৰাখণ্ডৰ নিৰ্মীয়মাণ টানেলত অঘটন।
নিৰ্মাণৰ সময়তে ভাঙি পৰে ছিলকিয়াৰা টানেলৰ এটা অংশ।
টানেলৰ ভিতৰত আবদ্ধ হয় ৪০জনকৈ শ্ৰমিক।
উত্তৰকাশীত ছিলকিয়াৰাৰ পৰা দণ্ডালগাঁৱলৈ নিৰ্মাণ কৰি থকা হৈছে টানেলটো।
ঘটনাস্থলীত NDRF-SDRFৰ উদ্ধাৰকাৰী দলে অভিযান চলাই।
11. মহানগৰীৰ ৰাজপথত সুৰামত্ত যুৱতীৰ তাণ্ডৱ।
জু-ৰোডৰ নৱনির্মিত উৰণসেতুত যুৱতীৰ অসভ্যালি।
আৰক্ষীৰ ইউনিফর্মৰ নামফলকো ছিঙি দিয়ে সুৰামত্ত যুৱতীয়ে।
আৰক্ষীয়ে বাইক ৰখোৱাক লৈ লিপ্ত হয় তৰ্কযুদ্ধত।
আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।
12. গোসাইগাঁৱত ভয়ংকৰ ঘটনা।
ডাইনী সন্দেহত মাৰ্চিলা মুৰ্মূ নামৰ মহিলাগৰাকীক হত্যা।
সুৰা সেৱন কৰি পৰিকল্পিতভাৱে হত্যা কৰে মহিলাগৰাকীক।
ভোগঝৰা-সহৰপুৰ গাঁৱত সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীক।
ধৃত হত্যাকাৰী লক্ষ্মণ টুডু।
13. শিলচৰৰ বেৰেংগাত পথ দুৰ্ঘটনা।
তীব্ৰবেগী টাটা পান্স বাহনে মহটিয়াই নিয়ে কিশোৰক।
বাহনখনৰ খুন্দাত থিতাতে নিহত হয় ১৩ বছৰীয়া কিশোৰ।
দুৰ্ঘটনাগ্ৰস্ত বাহনখন ভাঙি চূৰমাৰ কৰে উত্তেজিত ৰাইজৰ।
টিউচনৰ পৰা কিশোৰটি ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ঘটনা।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ কৰা হয় সুৰাৰ বটলো।
14. দেৱালীৰ আনন্দ-উল্লাসৰ মাজতে গোলাঘাটৰ আঠাবাৰীত অগ্নিকাণ্ড।
আতচবাজীৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
জুইত জাহ যায় তিনিটা বাসগৃহৰ লগতে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান।
15. হায়দৰাবাদৰ নামপল্লীত শোকাৱহ ঘটনা।
এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু হয়।
বজাৰঘাটৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত আছিল গুদামটো।
বাহনকে ধৰি অগ্নিকাণ্ডত বহু লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
16. ডিব্রুগড়ৰ দুই নিখোজ ভাতৃৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
উদ্ধাৰ হোৱা মৃতদেহটো জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ বুলি চিনাক্ত।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি AMCHলৈ প্রেৰণ কৰে।
৭ নৱেম্বৰৰ পৰা নিখোজ হৈ আছিল দুই ভাতৃ।
17. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ মৃত্যু।
দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে বন্যহস্তীটো।
চোৰাং চিকাৰীয়ে কাটি লৈ যায় হাতীটোৰ দাঁত।
18. কয়িলাবৰৰ কুঠৰীত বনৰীয়া ম’হৰ আক্রমণত এজনৰ মৃত্যু।
মৃত লোকজনৰ নাম উত্তম বাউৰি।
19. গোষ্ঠীসংঘৰ্ষত জৰ্জৰ মণিপুৰৰ হিংসাক লৈ গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত।
হিংসাৰে জড়িত ৯টা মেইটেই উগ্ৰপন্থী সংগঠনক নিষিদ্ধ ঘোষণা কৰে গৃহ মন্ত্ৰালয়ে।
পিপলছ লিবাৰেশ্যন আৰ্মীক ৫ বছৰৰ বাবে বে-আইনী ঘোষণা।
PLAৰ ৰাজনৈতিক গোট RPF, UNLFক, মণিপুৰ পিপলছ আৰ্মীক নিষিৰ্ধ ঘোষণা।
PREPAK, KCPকো নিষিদ্ধ ঘোষণা কৰে গৃহ মন্ত্ৰালয়ে।
20. ‘বিজেপিৰ পাকঘৰ খালি, বজাৰত খালি মোনা লৈ ঘূৰি ফুৰিছে।
‘নিজৰ ভুল নেদেখা দলটো AIUDF আৰু ভুল দেখি নেদেখা ভাও ধৰা নেতাজন বদৰুদ্দিন আজমল।- মন্তব্য কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।
Sangita Dutta News Editor Rnewsindia24.com