11. নিৰ্মাণৰ সময়তে ভাগি পৰিছিল উত্তৰকাশীৰ ছিলকিয়াৰা টানেলৰ এটা অংশ।
ঘটনাস্থলী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উপ-সচিব মংগেশ ঘিলদিয়ালে।
লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
12. গুৱাহাটীৰ নুনমাটিৰ চূণশালিৰ বালিচৰত উদ্ধাৰ হয় ৰক্তাক্ত মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো ৰাতুল দাস নামৰ যুৱকৰ বুলি চিনাক্ত কৰা হয়।
13. গোৱালপাৰাৰ দহিকটা পোহলানপাৰত হাতীৰ আক্ৰমণত নিহত হয় প্ৰাক্তন সেনা জোৱান।
জোৱান গৰাকীৰ নাম নৰেশ্চ ৰাভা।
14. কলিয়াবৰৰ নলতলিত শোকাৱহ পথ দুৰ্ঘটনা।
বাইকত খুন্দা অচিনাক্ত বাহনৰ।
দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা।
মৃত মহিলাগৰাকীৰ নাম মামনি দাস।
গুৰুতৰভাৱে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
18. পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হয় মৃণাল ডেকাৰ কাহিনী আৰু পৰিচালনাৰ চুটি ছবি ‘Beep’।
অহা ৫-১২ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই ২৯ সংখ্যক মহোৎসৱখনী৷
ভাৰতীয় চুটি ছবি প্ৰতিযোগিতা শাখালৈ বিভিন্ন ৰাজ্যৰ পৰা পঠিওৱা প্ৰায় ১০০০ খন চুটি ছবিৰ ভিতৰত মাত্ৰ ১২ খন ছবিয়েহে এই প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে৷
19. অহা ২১ নৱেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’ব আছুৰ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন।
অধিৱেশনক লৈ উখল-মাখল মৰিগাঁও।
১০ হাজাৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনিত সমৱেত হ’ব ৩ লাখতকৈও অধিক লোক।
20. আজমল এটা প্ৰতীক।
আজমলৰ প্ৰতীকেৰে অসমত বহুত মানুহ আছে।
আজমলৰ প্ৰতীকত লাভ জেহাদী, ভূমি জেহাদী, ডকাইত,চোৰৰ সংখ্যাই বেছি আছে।- মন্তব্য
মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।