মনোৰঞ্জন
টাইগাৰ ৩
চলমান খানৰ পুনঃ প্ৰত্যাৱৰ্তন।
বহুদিন এখনৰ পাছত আন খন বিফল ছবিৰ পাছত ন- ৰূপেৰে চলমান খানক আকৌ নিজৰ ফৰ্মত দেখা গৈছে।
আগৰ বহু কেইখন ছবিৰ বিফলতাৰ পাছত টাইগাৰ ছবিৰ নতুন ধৰণে নিৰ্মাণ কৰাটোৱেই উচিত যেন লাগিল পৰিচালকৰ।
ছবি খনত চলমান খানৰ লগত অভিনয় কৰিছে কেটৰিণা কেঈফ, ইমৰাণ হাছ্মীৰ দৰে কেইবা গৰাকীও নামী- দামী অভিনেতাই। শ্বাহৰূখ খান আৰু হৃতিক ৰোশনেও কম সময়ৰ বাবে ছবি খনত ভুমুকি মাৰিছে।
ছবি খনৰ কাহিনী আৰম্ভ হৈছে সৰু কালৰ জয়াৰ পৰা।
তেওঁক পাকিস্থান আই. এছ. আই. ত যোগদান কৰিবলৈ উৎসাহ যোগোৱা আতিছ ৰেহমানীৰ শত্ৰুতাই টাইগাৰ আৰু জয়াক এক প্ৰচণ্ড বিপদৰ মাজলৈ ঠেলি দিছিল।
যি বিপদৰ মাজত পৰি দুয়ো নিজৰ নিজৰ দেশৰ বিশ্বাসঘাতক হিচাপে পৰিগণিত হ‘ব লগা হ‘ল।
চিনেমা খনত সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় সংগীতকাৰ প্ৰীতমে।
প্ৰথম বাৰৰ কাৰণে চলমান খানৰ অভিনীত চিনেমা খনৰ এটা গানত কণ্ঠ নিগৰাইছে জনপ্ৰিয় গায়ক অৰিজিত সিংএ।
পৰহি মুক্তি লাভ কৰা চিনেমা খনে প্ৰথম দিনাই এক মোটা অংকৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
চিনেমা খনৰ বাণিজ্যিক সফলতাক লৈ প্ৰযোজক- পৰিচালক নিশ্চিত বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছে।
থালাইবিঃ
অভিনেত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ এক বৰ্ণিল যাত্ৰা।
প্ৰাক্তন অভিনেত্ৰী আৰু মুখ্যমন্ত্ৰী জয়াললিতাৰ বৰ্ণিল জীৱন যাত্ৰাক লৈ নিৰ্মাণ হোৱা এক সুন্দৰ ছবি হ’ল ” থালাইবি”।
২০২১ চনত নিৰ্মাণ হোৱা চিনেমা খনৰ মুখ্য নাম ভুমিকাত অভিনয় কৰিছে অভিনেত্ৰী কংগনা ৰাণাউতে।
তামিল চিনেমা জগতৰ এগৰাকী বিখ্যাত অভিনেত্ৰী জে. জয়াললিতাৰ জীৱন কাহিনীক এখন চিনেমাত বন্দী কৰাটো সম্ভৱ নহয়।
যদিও সেই কাম কৰিবলৈ সক্ষম হৈছে নিৰ্দেশক এ. এল. বিজয়ে।
তামিল, তেলেগু আৰু হিন্দী তিনিওটা ভাষাতে মুক্তি দিয়া হৈছে ছবি খন।
ছবি খনত জয়াললিতাৰ অভিনয় জগতৰ আৰম্ভণিৰ পৰা ৰাজনীতি ৰ জগত খোজ পেলোৱাৰ প্ৰত্যেকটো মুহুৰ্ত ধৰি ৰখাৰ চেষ্টা কৰিছে।
তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আন এজন প্ৰাক্তন অভিনেতা এম. জে. ৰামচন্দ্ৰণৰ লগত তেওঁৰ প্ৰণয় কাহিনীও সাৱলীল ৰূপত প্ৰকাশ কৰা হৈছে।
বিতৰ্কিত জীৱনৰ অধিকাৰিণী জয়া ললিতাৰ জীৱন ভিত্তিক এই চিনেমা খন বহু লোকৰে অপছন্দ।
কিন্তু ব্যক্তিগত ভাৱে মোৰ সকলো অভিনেতা- অভিনেত্ৰীৰে অভিনয় আৰু কাহিনীৰ সাৱলীলতাৰ বাবে চিনেমা খন অতি পছন্দৰ।
সুকন্যা শইকীয়া, Rnewsindia24.com