৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Nov 22/2023:- 

1. ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ বিশেষ নিৰ্দেশনা ।
বাপতিসাহোন বিহু, কোনো সভা, সাংস্কৃতিক অনুষ্ঠান, সমদল, সজাগতা ৰেলী আদি অনুষ্ঠিত কৰাৰ ক্ষেত্রত চৰকাৰক কৰ দিব লাগিব।

আনহাতে, ‘বিহু আয়োজনৰ বাবে সমিতিসমূহক ১.৫ লাখকৈ টকা প্ৰদান কৰিব অসম চৰকাৰে’ ।
সামাজিক মাধ্যমত এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

2. কোকৰাঝাৰৰ ছেৰফাংগুৰিত বিজেপিৰ বিশাল জনসভা।
জনসভাত অংশগ্ৰহণ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল।
উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।

3. শিলচৰত দুৰ্নীতিৰ অভিযোগত গ্রেপ্তাৰ হয় পঞ্চায়তৰ সচিব কৃপা শংকৰ দত্ত।
প্রায় ২২ লাখ টকা আত্মসাতৰ অভিযোগত গ্রেপ্তাৰ কৰে সচিবজনক।

4. জালুকবাৰী আৰক্ষী চকীৰ ৪ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ।
লংকেশ্বৰত বালিৰ ট্রাকৰ পৰা ধন সংগ্রহৰ অভিযোগ।
এজন স্থানীয় লোকে সমগ্র দৃশ্য বন্দী কৰিছিল ম’বাইলত।
লোকজনে সেই দৃশ্য প্রেৰণ কৰিছিল আৰক্ষী আয়ুক্তলৈ।
আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৰিজাৰ্ভ ক্ল’জ কৰে
ক্ৰমে মৃগেন তালুকদাৰ, ফাইজুল ৰহমান, ইনামূল হ’ক আৰু ৰুবুল নাথক।

5. জোনাইত প্ৰতিবাদী কাৰ্যসূচী।
মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাঙক ৰাজ্যিক বন্ধৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

6. জামুগুৰিহাটস্থিত নদুৱাৰ খণ্ড প্ৰাথমিক বিষয়া কাৰ্যালয় সন্মুখত টেট শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী ।
টেট উৰ্ত্তীণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

7. গোৱালপাৰা জিলাৰ ৰংজুলিত বন বিভাগৰ উচ্ছেদ অভিযান ।
বনাঞ্চলৰ ভিতৰত কৰা চাহখেতি,তামোল,ৰবৰ খেতিৰ প্ৰায় ২০০ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলায় বন বিভাগে।

8. মহানগৰীৰ আঠগাঁৱৰ MS ৰোডত আৰক্ষীৰ অভিযান৷
অভিযানত উৎখাত এটা আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰ।
লগতে আটক কৰে দুই- অভিযুক্তক৷
২ কোটিৰো অধিক নগদ ধন জব্দ কৰে আৰক্ষীয়ে৷

9. মহানগৰীৰ উলুবাৰীত সন্দেহযুক্ত হেৰ’ইনসহ এজনক আটক ।
ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৬২.৫০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন।

10. দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷
অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় বাবাতো দাস আৰু বিকি হুছেইন নামৰ দুজন যুৱক৷
দেৰগাঁও বাছ আস্থানৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা৷

11. গোলাঘাটত জামুগুৰি চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী।
দীৰ্ঘ দিন প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগত চাহ -শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

12. তামাৰহাটৰ প্ৰতাপগঞ্জত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
পাগলাহাট আৰক্ষীৰ অভিযানত জব্দ কৰে বুজন পৰিমাণৰ চুলাই৷
কোকৰাঝাৰৰ বাশবাৰীৰ পৰা চুলাই আনি প্ৰতাপগঞ্জত চলাইছিল বেহা।

13. অহা ২৩ নৱেম্বৰত বিশাখাপট্টনমত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’বলগা প্ৰথমখন T20 মেচত BCCIৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হয় অসমৰ যুৱ ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্তক৷

14. বাইহাটা চাৰিআলিত মৃতদেহ উদ্ধাৰ।
শালমাৰাৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হয় মৃতদেহটো।
মৃতদেহটো খেহেনীপাৰা গাঁৱৰ সুৰেশ কলিতাৰ বুলি চিনাক্ত কৰে স্থানীয় ৰাইজে।

15. মহানগৰীৰ খানাপাৰাত ‘হোম এণ্ড গাৰ্ডেন’ বিপণীৰ শুভাৰম্ভ।
বিপণীখনত উপলব্ধ হয় গৃহ সজ্জাৰ বিভিন্ন সা-সামগ্ৰী।
বিপণীখন মুকলি কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

16. চাবুৱাৰ উদালগুৰিত শোকাৱহ ঘটনা।
জল জীৱনৰ প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৭ বছৰীয়া শিশুৰ।
শিশুটিৰ নাম অভিজিৎ কষ্টা।

17. আমিনগাঁৱত বিধ্বংসী অগ্নিকাণ্ড ।
জুইত ভষ্মীভূত হয় ২০টাকৈ বাসগৃহ।
অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

18. দুৰ্নীতিৰ গোচৰত SI ভাগ্যেশ্বৰ হাজৰিকাক ৪ বছৰৰ বাবে কাৰাদণ্ড।
বিশেষ ন্যায়াধীশ আদালতে দিয়ে এই ৰায়দান।
২০১৮ চনত ৩ হাজাৰ টকা ঘোঁচ লৈ গ্ৰেপ্তাৰ হয় SI গৰাকী।

19. International Cricket Council (ICC)ৰ তৰফৰ পৰা জাৰি নতুন নিয়ম।
দুই অভাৰৰ মাজত বলাৰে সময় পাব সৰ্বোচ্চ ৬০ চেকেণ্ড।
এটা ইনিংছত ৩বাৰ পলম হ’লে ৫ ৰানৰ পেনাল্টী।
ডিচেম্বৰৰ পৰা এপ্ৰিললৈ চলিব ইয়াৰ পৰীক্ষামূলক প্ৰয়োগ।

20. অসমত তথ্যচিত্ৰ নির্মাণ কৰিবলৈ আহি পৰিস্থিতিৰ মুখামুখি হয় বিদেশী হস্তী বিশেষজ্ঞ।
গোলাঘাটৰ অভয়জানত পকা ধান খাবলৈ নামবৰৰ পৰা ওলাই আহিল জাকে জাকে বনৰীয়া হাতী।
বন্যহস্তীক আমনি নকৰিবলৈ স্থানীয় লোকক আহ্বান জনায় বিদেশী বিশেষজ্ঞই।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *