1. ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ বিশেষ নিৰ্দেশনা ।
বাপতিসাহোন বিহু, কোনো সভা, সাংস্কৃতিক অনুষ্ঠান, সমদল, সজাগতা ৰেলী আদি অনুষ্ঠিত কৰাৰ ক্ষেত্রত চৰকাৰক কৰ দিব লাগিব।
আনহাতে, ‘বিহু আয়োজনৰ বাবে সমিতিসমূহক ১.৫ লাখকৈ টকা প্ৰদান কৰিব অসম চৰকাৰে’ ।
সামাজিক মাধ্যমত এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
2. কোকৰাঝাৰৰ ছেৰফাংগুৰিত বিজেপিৰ বিশাল জনসভা।
জনসভাত অংশগ্ৰহণ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল।
উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।
10. দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷
অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় বাবাতো দাস আৰু বিকি হুছেইন নামৰ দুজন যুৱক৷
দেৰগাঁও বাছ আস্থানৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা৷
18. দুৰ্নীতিৰ গোচৰত SI ভাগ্যেশ্বৰ হাজৰিকাক ৪ বছৰৰ বাবে কাৰাদণ্ড।
বিশেষ ন্যায়াধীশ আদালতে দিয়ে এই ৰায়দান।
২০১৮ চনত ৩ হাজাৰ টকা ঘোঁচ লৈ গ্ৰেপ্তাৰ হয় SI গৰাকী।
19. International Cricket Council (ICC)ৰ তৰফৰ পৰা জাৰি নতুন নিয়ম।
দুই অভাৰৰ মাজত বলাৰে সময় পাব সৰ্বোচ্চ ৬০ চেকেণ্ড।
এটা ইনিংছত ৩বাৰ পলম হ’লে ৫ ৰানৰ পেনাল্টী।
ডিচেম্বৰৰ পৰা এপ্ৰিললৈ চলিব ইয়াৰ পৰীক্ষামূলক প্ৰয়োগ।