৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Nov 27/2023:-
1. অন্ধ্ৰপ্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
দেশবাসীৰ মংগল কামনাৰে পূজা-অৰ্চনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
2. অচিৰেই দেশত বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিয়ে সদৰী কৰে এই তথ্য।
সময় অনুসৰি CAA কাৰ্যকৰী হ’ব বুলি দাবী মন্ত্ৰী গৰাকীৰ।
3. শীঘ্ৰেই সলনি হ’ব ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ নাম।
‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ হিচাপে নামকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ।
ইতিমধ্যে নাম সলনিৰ বাবে জাননী জাৰি কৰে কেন্দ্ৰীয় চৰকাৰৰ।
প্ৰতিখন ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰই।
২০১৮ৰ ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিছিল এই আঁচনিখন।
4. কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ৷
মানীবেগ আৰু মোবাইলৰ বাহিৰে আন কোনো সামগ্ৰী৷ ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব।
সন্ধিয়া ৭ বজাত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেচখন৷
5. নৱগঠিত ৪৮নং টংলা বিধানসভা সমষ্টিৰ খালিংদুৱাৰত বিজেপিৰ বিশাল জনসভা।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
6. গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰি অথবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ।
এই কথা সদৰি কৰে মন্ত্ৰী অশোক সিংঘালে।
7. BTRত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ।
পৰ্বতঝোৰাৰ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰা আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে।
8. আজি গুৰুনানকৰ ৫৫৪ সংখ্যক জন্ম জয়ন্তী।
ৰাজ্যজুৰি উদযাপন কৰা হয় জন্ম দিন।
তাৰ সমান্তৰালকৈ ফাঁচী বজাৰৰ পৰা উলিওৱা হয় এক ধৰ্মীয় শোভাযাত্ৰা। গুৰুনানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে কৰে অংশগ্ৰহণ ৰেলীত।
9. কোকৰাঝাৰৰ ফকিৰাগ্ৰামত UPPLৰ বৃহৎ যোগদান কাৰ্যসূচী।
BPF, AIUDFৰ কেইবাহাজাৰ নেতা-কৰ্মীৰ যোগদান UPPLত।
কাৰ্যসূচীত উপস্থিত থাকে BPF প্ৰধান প্ৰমোদ বড়ো আৰু বহু গণ্য মান্য ব্যক্তি।
10. পল্টন বজাৰত নৱনিৰ্মিত হনুমান মন্দিৰৰ শুভ উদ্বোধন।
পঞ্চমুখী হনুমান মূৰ্তি প্ৰতিষ্ঠাৰ লগতে অনুষ্ঠিত হয় বিশেষ সভা।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, মেয়ৰ মৃগেন শৰণীয়া আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
11. মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাকৰ চেপাত থিতাতে নিহত হয় বাইক আৰোহী।
নিহত লোকজনৰ নাম মইনুদ্দিন আহমেদ।
12. নাৰায়ণপুৰৰ চুনজুলিত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দলঙৰ তলত পৰিল বাইক আৰোহী।
থিতাতে নিহত হয় এজন, গুৰুতৰভাৱে আহত আনজন আৰোহী।
মৃত ব্যক্তি জন অজিত বৰা।
13. ঐতিহ্যপূৰ্ণ ২০০ বছৰীয়া ফাঁচী বজাৰৰ স্থানান্তৰকৰণৰ বিপৰীতে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ় দিবলৈ চৰকাৰক আহ্বান জনায় গুৱাহাটীবাসীয়ে।
14. ২০২৪ চনৰ জানুৱাৰীৰ পৰা বৃদ্ধি পাব মাৰুতি ছুজুকিৰ বাহনৰ দাম।
ধাৰাবাহিকভাৱে হোৱা মুদ্ৰাস্ফীতি আৰু সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে এই সিদ্ধান্ত।
এই তথ্য সদৰি কৰে কোম্পানীটোৱে।
15. সোণাৰিত মহিলা সন্ধানহীন।পুৱা বাসগৃহৰ পৰা নিৰুদ্দেশ হয় জুটুলনিৰ ৰূপালী শইকীয়া।
ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীক অৱগত কৰিছে পৰিয়ালে।
মহিলাগৰাকীৰ সন্ধান পালে ৯১০১৬৬২৯৫০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালে।
16. পাণ্ডুত ট্ৰাকৰ পৰা ধনদাবী
কৰি গ্ৰেপ্তাৰ হয় ৰিকি মল্লিক আৰু অমিত সিনহা।
ভুক্তভোগী চালকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় যুৱক দুজনক।
বিজেপি যুৱ মৰ্চাৰ নেতা বুলি পৰিচয় দিয়ে ধৃত দুই যুৱকে।
17. মহানগৰীৰ গড়চুকত ভূ-মাফিয়ালৈ আৰক্ষীৰ গুলী।
আৰক্ষীৰ গুলীত গুলীবিদ্ধ দালাল ৰমেন মদাহী।
ক্ৰাইম ব্ৰান্স আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত গুলীবিদ্ধ হয় দালালটো।
অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে।
গড়চুক লালুংগাঁৱত সংঘটিত হয় এই ঘটনা।
18. শিলচৰত ভয়ংকৰ ঘটনা।
সোপাধৰাৰ সন্দেহত মানসিক বিকাৰগ্ৰস্ত লোকক প্ৰহাৰ।
শিলচৰৰ চেংকুড়ি ৰোডত সংঘটিত হয় এই ঘটনা।
এটি ৮ বছৰীয়া শিশুক লোকজনে অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ।
লোকজনৰ হাত-ভৰি বান্ধি প্ৰহাৰ কৰে একাংশ ৰাইজে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনক।
19. নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ চূণজুলিত পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দিহিৰি নদীৰ দলঙৰ তলত পৰে দুই বাইক আৰোহী।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন আৰু গুৰুতৰভাৱে আহত হয় আনজন।
20. গুজৰাটত বজ্ৰপাতত ১৪জন লোকৰ মৃত্যু।
গাজনি-ঢেৰেকনিৰে পুৱাৰে পৰা প্ৰবল বৃষ্টিপাত।
কেইবাটাও অঞ্চলত বজ্ৰপাত।
বজ্ৰপাতত ১৪জনৰ মৃত্যুৰ লগতে ১০জন লোক আহত হয়।
বতৰ বিজ্ঞান বিভাগে জাৰি কৰে এলাৰ্ট।
Sangita Dutta News Editor Rnewsindia24.com