4. কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ৷
মানীবেগ আৰু মোবাইলৰ বাহিৰে আন কোনো সামগ্ৰী৷ ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব।
সন্ধিয়া ৭ বজাত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেচখন৷
5. নৱগঠিত ৪৮নং টংলা বিধানসভা সমষ্টিৰ খালিংদুৱাৰত বিজেপিৰ বিশাল জনসভা।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
6. গুৱাহাটীৰ ফাঁচী বজাৰৰ হোলছেল মাৰ্কেট চাংসাৰি অথবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ।
এই কথা সদৰি কৰে মন্ত্ৰী অশোক সিংঘালে।
7. BTRত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ।
পৰ্বতঝোৰাৰ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰা আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে।
8. আজি গুৰুনানকৰ ৫৫৪ সংখ্যক জন্ম জয়ন্তী।
ৰাজ্যজুৰি উদযাপন কৰা হয় জন্ম দিন।
তাৰ সমান্তৰালকৈ ফাঁচী বজাৰৰ পৰা উলিওৱা হয় এক ধৰ্মীয় শোভাযাত্ৰা। গুৰুনানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে কৰে অংশগ্ৰহণ ৰেলীত।
9. কোকৰাঝাৰৰ ফকিৰাগ্ৰামত UPPLৰ বৃহৎ যোগদান কাৰ্যসূচী।
BPF, AIUDFৰ কেইবাহাজাৰ নেতা-কৰ্মীৰ যোগদান UPPLত।
কাৰ্যসূচীত উপস্থিত থাকে BPF প্ৰধান প্ৰমোদ বড়ো আৰু বহু গণ্য মান্য ব্যক্তি।
10. পল্টন বজাৰত নৱনিৰ্মিত হনুমান মন্দিৰৰ শুভ উদ্বোধন।
পঞ্চমুখী হনুমান মূৰ্তি প্ৰতিষ্ঠাৰ লগতে অনুষ্ঠিত হয় বিশেষ সভা।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, মেয়ৰ মৃগেন শৰণীয়া আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
11. মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাকৰ চেপাত থিতাতে নিহত হয় বাইক আৰোহী।
নিহত লোকজনৰ নাম মইনুদ্দিন আহমেদ।
12. নাৰায়ণপুৰৰ চুনজুলিত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দলঙৰ তলত পৰিল বাইক আৰোহী।
থিতাতে নিহত হয় এজন, গুৰুতৰভাৱে আহত আনজন আৰোহী।
মৃত ব্যক্তি জন অজিত বৰা।