৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Nov 28/2023:-  

1. দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
যোৰহাট-মাজুলী সংযোগী নিৰ্মীয়মান দলং আৰু মাজুলী-লখিমপুৰ জিলাক সংযোগী ‘চেলেক-ধুনাগুৰি’ দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে, মাজুলীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা মিত্ৰ দলৰ সাংগঠনিক সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী।

2. ৰাজ্যৰ শিক্ষকলৈ শিক্ষা বিভাগৰ বিশেষ জাননী৷
১২ দিনৰ বিশেষ ছুটী শিক্ষকসকললৈ৷
এইবাৰ পাঠ্যক্ৰমৰ বাবে নহয়, ‘বিপাসনা’ৰ বাবেহে ছুটী প্ৰদান৷
১০ দিনৰ ‘বিপাসনা’ৰ পাঠ্যক্ৰম কৰিব লাগিব শিক্ষকসকলে৷
অহা-যোৱাৰ বাবে দুদিনৰ ছুটী শিক্ষকসকলক৷
এই নিৰ্দেশনা SSA আৰু শিক্ষা বিভাগৰ৷

3. তেলেংগানাত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ।
চুইগী-জমেট’ ডেলীভাৰী বয়ৰ সৈতে মত বিনিময় কৰে ৰাহুল গান্ধীয়ে।
লগতে অটোৰিক্সাৰে পৰিভ্ৰমণ কৰে হায়দৰাবাদ।

4. হায়দৰাবাদত ঐতিহ্যমণ্ডিত কোটি দীপোৎসৱমত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

5. আজিৰে পৰা আৰম্ভ হয় উত্তৰ প্ৰদেশৰ শীতকালীন অধিৱেশন৷
শীতকালীন অধিৱেশন চলিব ১ ডিচেম্বৰলৈ৷

6. ১ ডিচেম্বৰত APS সুকন্যা দাসক হাজিৰ হোৱাৰ নিৰ্দেশ৷
ন্যায়িক আয়োগে APS সুকন্যা দাসৰ ৮খন বহী লাভ কৰিছিল, কিন্তু মূল পৰীক্ষাত মাত্র ৬টা বিষয়ৰহে প্রশ্নোত্তৰ লিখিব লাগে৷
সুকন্যা দাসৰ দুখন বহী জাল বুলি প্রমাণিত হৈছে৷

7. গুৱাহাটীত ইলেকট্ৰিক চিটী বাছ।
২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS।
বাছসমূহ ক্ৰয় কৰা হৈছে TATA আৰু OLCTRAৰ পৰা।
প্ৰতিখন বাছৰ দাম ১ কোটিৰ পৰা ১.২০ কোটি টকা।
গুৱাহাটীৰ ৫টাকৈ স্থানত নিৰ্মাণ কৰা হৈছে চাৰ্জিং পইণ্ট।

8. অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ মৃত্যু।
গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে৷
ললিত গগৈয়ে শোণিতপুৰ আৰু নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিবাহ কৰাৰ লগতে পৰিবহন আৰু ৰাজহ বিভাগৰ আয়ুক্ত পদত অধিস্থিত হৈছিল।
মৃত্যুৰ সময়ত বিষয়াগৰাকীৰ বয়স ৬৩ বছৰ৷

9. ৪৬% লৈ বৃদ্ধি হয় ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ।
১ জুলাইৰ পৰা লাভ কৰিব ৫ মাহৰ বকেয়া ধন।

10. শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত IED উদ্ধাৰ৷
ভালুকপুং বজাৰৰ সমীপৰ পৰা উদ্ধাৰ কৰে ৩টাকৈ হস্তনিৰ্মিত IED ৷

11. আজি গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন T-20 মেচ৷
সন্ধিয়া ৭ বজাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয় মেচ৷

12. বঢ়মপুৰৰ ৰাসথলীত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংক “অসম গৌৰৱ- ২০২৩” বঁটা প্ৰদান।
সমন্বয় ৰাস মঞ্চত “অৰণ্য পিতৃ” উপাধিৰে পায়েংক বিভূষিত কৰে জাগৰণ সচেতন নাগৰিক মঞ্চয়ে।

13. ‘৬ মাহলৈ বিজুলী উৎপাদন নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত’।
ঘোষণা কৰে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে।

14. চতিয়াৰ ঘাঁহিগাঁৱত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ মহামিলনৰ দিকদৰ্শন সমাৰোহ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আৰু বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।

15. চাংসাৰিত STFৰ অভিযানত ১ কিলো ৮০০ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়।
জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা৷
গাড়ীগাঁৱৰ চুনু আলী, জালুকবাৰীৰ অৰ্জুন বাছফৰক আটক কৰে।
STFৰ DIG পাৰ্থ সাৰথি মহন্তৰ নিৰীক্ষণত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান৷

16. মণিপুৰৰ জোঁৱাই হ’বলৈ সাজু বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা৷
মণিপুৰৰ মডেল তথা অভিনেত্ৰী লীন লেইছৰামৰ সৈতে ২৯ নৱেম্বৰত বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকীৰ৷

17. ‘মোৰ দিনত কোনো কেলেংকাৰি নাই।
আৰক্ষীয়ে যি কৰিব লাগে ১০০%ই কৰিব।
আমি সদায়ই ভৱিষ্যৎ চাব লাগে।
APSC কেলেংকাৰিক লৈ আলোচনা কৰি থাকিলে লাভ নহয়।
এইবোৰ কথা পাতি থাকিলে বৰ্তমানৰ পৰীক্ষাৰ্থীসকল নিৰাশ হ’ব’।
APSC কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী গ’ল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।

18. খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিশেষ কাৰ্যসূচী।
জলজীৱন মিছন-ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ হ’ব চুক্তি স্বাক্ষৰ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, কেশৱ মহন্ত আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তি।

19. বোকাখাতৰ গড়মূৰ হাইস্কুলৰ সমীপত পথ দুৰ্ঘটনা৷
তেল পৰিবাহী টেংকাৰ-ছুইফটৰ মাজত মুখামুখি সংঘৰ্ষ ফলত ৪জন আহত হয়।

20. পল্টন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
হোটেল নন্দনত সংঘটিত হয় এই অগ্নিকাণ্ড।
জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *