Dr. Ranoj Pegu Education Minister of Assam
Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam December 4/2023:- 

১/ ২৯ ডিচেম্বৰৰ পৰা -৯ জানুৱাৰীলৈ চানমাৰি খেলপথাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’।

২/ আগন্তুক ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব গুণোৎসৱ৷
৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ গুণোৎসৱ৷
ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

৩/ শদিয়াত পথ সুৰক্ষা তথা সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
শদিয়াত পৰিবহণ বিভাগৰ কাৰ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ।

৪/ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হ’ব সুদক্ষ প্ৰাক্তন IPS লালদুহোমা।
ছাৰ্শ্বিপ সমষ্টিৰ পৰা ZPMৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰে লালদুহোমা এ।
বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক পৰাস্ত কৰে লালদুহোমাই।

৫/ বিশিষ্ট শিল্পী, সংগীতজ্ঞ, সুৰকাৰ ভৱেশ গোস্বামীৰ দেহাৱসান৷
৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ভৱেশ গোস্বামীৰ৷
দীৰ্ঘদিনে অসুস্থ হৈ আছিল ভৱেশ গোস্বামী।

৬/ কাইলৈ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক৷
মুখ্যমন্ত্ৰী গ’ল হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত BTRক লৈ হ’ব পৰ্যালোচনা বৈঠক।

৭/ ৬-১০ ডিচেম্বৰলৈ ষষ্ঠদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ।
জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব চলচ্চিত্ৰ মহোৎসৱ।
মহোৎসৱত প্ৰদৰ্শিত হ’ব দেশ বিদেশৰ ১৭ খন চলচ্চিত্ৰ।

৮/ তামিলনাডুত ঘূৰ্ণিবতাহ মিচাঙৰ প্ৰভাৱ।
চেন্নাইত ঘূৰ্ণিৰ প্ৰভাৱত প্ৰচণ্ড ধুমুহা-বৰষুণ৷
পানীৰ তলত চহৰখনৰ বাট-পথ।
উটি যায় বহু বাহন।

৯/ আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন৷
১৯ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন৷
২২ ডিচেম্বৰলৈকে চলিব শীতকালীন অধিৱেশন৷

১০/ ৫ দিনৰ SITৰ জিম্মালৈ ADCP সুকন্যা দাস।
বিশেষ ন্যায়াধীশৰ আদালতৰ এই নিৰ্দেশ।
APSC কেলেংকাৰিত গ্ৰেপ্তাৰ হৈছিল সুকন্যা দাস।
গুৱাহাটীৰ ADCP ক্ৰাইম হিচাপে কৰ্মৰত হৈ আছে সুকন্যা দাস।

১১/ তেলেংগানাত বায়ু সেনাৰ এয়াৰ ক্ৰাফট বিমান দুৰ্ঘটনাগ্ৰস্ত৷
পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় পিলাটাছ পি চি-২ বিমানখন৷
দুৰ্ঘটনাত দুগৰাকী পাইলট নিহত হয় ৷
হায়দৰাবাদৰ AFAৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই ঘটনা৷

১২/ নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড৷
জুইত জাহ যায় ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷
জুইত ভস্মীভূত হয় ৭০ লক্ষাধিক টকাৰ সা-সম্পত্তি৷

১৩/ মৰিগাঁৱৰ বংগালধৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা৷
ৰৈ থকা ট্ৰাকত খুন্দা মাৰে TATA ACE বাহনে।
দুৰ্ঘটনাত ৩ জনকৈ লোকৰ মৃত্যু হয় আৰু আহত আন ৩ জন৷
নিহত ইউনিশ, চান্দ মহম্মদ, চেহজাদ৷

১৪/ আমিনগাওঁত আৰক্ষী আৰু ড্ৰাগচ সৰবৰাহকাৰীৰ মাজত ভয়ংকৰ গুলীয়াগুলী।
গুলীয়াগুলীত আহত হয় চাৰিজন লোক আৰু নিহত হয় এটা ড্ৰাগচ সৰবৰাহকাৰী।

১৫/ ৪ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হয় গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মা।

১৬/ মহানগৰীৰ খানাপাৰাত মিচিং ৰাইজৰ উত্তাল প্ৰতিবাদ।
‘আলি-আ:য়ে-লৃগাঙ’ত ৰাজ্যিক বন্ধ দিয়াৰ দাবীত মহানগৰীৰ খানাপাৰাত মিচিং ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।

১৭/ ওদালগুৰিৰ কলাইগাঁ‌ৱত উপস্থিত মন্ত্ৰী অশোক সিংহল।
২৪ কোটি টকাৰ জলসিঞ্চন প্ৰকল্পৰ শুভ উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে।

১৮/ অগপৰ বৰ্ষীয়ান নেতা ভদ্রেশ্বৰ তাঁতীৰ দেহাৱসান।
বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় অগপৰ প্রাক্তন সাংসদগৰাকীৰ।

১৯/ দেশত পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
ট্ৰাকৰ সৈতে যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষ।
লাইনচ্যুত হয় যাত্ৰীবাহী ৰাধিকাপুৰ এক্সপ্ৰেছ।

২০/ কংগ্ৰেছৰ অধিক আত্মবিশ্বাস আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতেই হ’ল কাল- মন্তব্য ভূপেন বৰাৰ।

 

Sangita Dutta News Editor Rnewsindia24.com

 

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *