৩/ গোলাঘাট গ্ৰন্থমেলাৰ চতুৰ্থ দিন।
আজিৰ দিনটোত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।
৪/ তিনিচুকীয়া মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্মীয়মান মেডিকেল কলেজ হাস্পতালখন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
৫/ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত টিংখঙত চ্যুকাফা দিৱসৰ আয়োজন৷
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
৬/ আনহাতে, সৰুপথাৰতো আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় অসম দিৱসৰ৷
বীৰ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে বিধায়ক বিশ্বজিৎ ফুকনে৷
অনুষ্ঠানত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।
৭/ সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত চ্যুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী।
ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তি।
৮/ মৰিগাঁৱৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী৷
আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।
১১/ ‘ৰাজ্যত ৮০% পথ দুৰ্ঘটনাই হয় বাইকত।
মদ্যপান, হেলমেট পৰিধান নকৰাটো দুৰ্ঘটনাৰ অন্যতম কাৰণ’।
লখিমপুৰত পথ সজাগতা কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
১২/ মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
আৰ জি বি ৰোডৰ শান্তি পথৰ সমীপত সংঘটিত হয় এই ঘটনা।
১৪/ বৰপেটাৰ মুছলিমপট্টিত শোকাৱহ দুৰ্ঘটনা।
ট্রাকৰ ভিতৰতে কাচৰ বাকচৰ হেঁচাত চালকৰ মৃত্যু হয়।
চৌধুৰী গ্লাছ কৰ্ণাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।
১৫/ কাছাৰৰ শিলৰ কুৱেৰীৰ পৰা ৩ জনকৈ চালকক অপহৰণ।
অচিনাক্ত বন্দুকধাৰীয়ে অপহৰণ কৰি নিয়ে চালককেইজনক ।
কাছাৰ-ডিমা হাছাওৰ সীমামূৰীয়া জয়পুৰ আয়নাচড়া শিলৰ কোৱেৰীত সংঘটিত হয় এই ঘটনা।
৩ চালকৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
১৯/ তেজপুৰ হজৰাপাৰত আৰক্ষীৰ অভিযান।
এটা ভাড়াঘৰৰ পৰা ড্ৰাগছসহ ৩গৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে।
স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে।
মহিলা ৩গৰাকীৰ পৰা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয়।
২০/ সোণাপুৰৰ ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনা৷
টেভেলাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই স্কুটী আৰোহী।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।