৮/ তামিলনাডুত ঘূৰ্ণিবতাহ মিচাঙৰ প্ৰভাৱ।
চেন্নাইত ঘূৰ্ণিৰ প্ৰভাৱত প্ৰচণ্ড ধুমুহা-বৰষুণ৷
পানীৰ তলত চহৰখনৰ বাট-পথ।
উটি যায় বহু বাহন।
৯/ আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন৷
১৯ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন৷
২২ ডিচেম্বৰলৈকে চলিব শীতকালীন অধিৱেশন৷
১০/ ৫ দিনৰ SITৰ জিম্মালৈ ADCP সুকন্যা দাস।
বিশেষ ন্যায়াধীশৰ আদালতৰ এই নিৰ্দেশ।
APSC কেলেংকাৰিত গ্ৰেপ্তাৰ হৈছিল সুকন্যা দাস।
গুৱাহাটীৰ ADCP ক্ৰাইম হিচাপে কৰ্মৰত হৈ আছে সুকন্যা দাস।
১১/ তেলেংগানাত বায়ু সেনাৰ এয়াৰ ক্ৰাফট বিমান দুৰ্ঘটনাগ্ৰস্ত৷
পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় পিলাটাছ পি চি-২ বিমানখন৷
দুৰ্ঘটনাত দুগৰাকী পাইলট নিহত হয় ৷
হায়দৰাবাদৰ AFAৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই ঘটনা৷
১২/ নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড৷
জুইত জাহ যায় ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷
জুইত ভস্মীভূত হয় ৭০ লক্ষাধিক টকাৰ সা-সম্পত্তি৷
১৩/ মৰিগাঁৱৰ বংগালধৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা৷
ৰৈ থকা ট্ৰাকত খুন্দা মাৰে TATA ACE বাহনে।
দুৰ্ঘটনাত ৩ জনকৈ লোকৰ মৃত্যু হয় আৰু আহত আন ৩ জন৷
নিহত ইউনিশ, চান্দ মহম্মদ, চেহজাদ৷
১৪/ আমিনগাওঁত আৰক্ষী আৰু ড্ৰাগচ সৰবৰাহকাৰীৰ মাজত ভয়ংকৰ গুলীয়াগুলী।
গুলীয়াগুলীত আহত হয় চাৰিজন লোক আৰু নিহত হয় এটা ড্ৰাগচ সৰবৰাহকাৰী।
১৫/ ৪ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হয় গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মা।