Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।
Rnewsindia24.com Assam December 13/2023:-
1. ভাৰতৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাৰ ২২ বছৰ।
২০০১ৰ ১৩ ডিচেম্বৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল ভাৰতৰ সংসদ ভৱন।
সংসদ ভৱন চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দা হয় লোক সভাৰ অধ্যক্ষ ওম বিৰলা, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
2. আজি মধ্যপ্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ।
মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড° মোহন যাদৱে।
ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ।
3. নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল।
সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
4. আজি পুৱাই গুৱাহাটীৰ পাণবজাৰত উপস্থিত মন্ত্ৰী অশোক সিংহল।
ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে লগতে প্ৰকল্পটোৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।
5. বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী পদ ত্যাগ কৰে আঙুৰলতা ডেকাই।
আঙুৰলতা ডেকাৰ ঠাইত স্বপ্না বনিয়াক সভানেত্রীৰ দায়িত্ব।
বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দায়িত্ব অৰ্পন আঙুৰলতা ডেকাক।
6. ৰামদিয়াত আয়োজিত ‘সাংস্কৃতিক মহাসংগ্ৰাম’ কাৰ্যসূচী।
অংশগ্ৰহণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
7. গোলাঘাটৰ মহুৰা দিহিঙীয়া পথাৰত অত্যাধুনিক ধানকটা যন্ত্ৰ ব্যৱহাৰ কৰি ধান কাটে মন্ত্ৰী অতুল বৰাই।
অসমৰ ১২৬ টা সমষ্টিত একোটাকৈ মেচিন প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
8. বাজপেয়ী ভৱনত আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী।
৩ শতাধিক লোকে বিজেপিত যোগদান কৰে।
প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰয়ো বিজেপিত যোগদান কৰে।
উপস্থিত থাকে ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু দলীয় বিষয়ববীয়া সকল।
9. ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ১ লাখ টকাৰ ড্ৰাফ্টসহ আবেদন পত্ৰ জমা দিয়ে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে।
10. ৰূপহীহাটৰ গড়াজান আৰক্ষী পহৰা চকীৰ উপ পৰিদৰ্শকৰ ৰিজাৰ্ভ ক্লজ।
উপ পৰিদৰ্শক অম্বেশ্বৰ ৰাজখোৱাক ৰিজাৰ্ভ ক্লজ।
নগাঁও আৰক্ষীয়ে তাৎক্ষ্ণিকভাৱে ৰিজাৰ্ভ ক্ল’জ কৰে বিষয়াগৰাকীৰ।
11. ছত্তীশগড়ত শপত গ্ৰহণৰ পূৰ্বে IED বিস্ফোৰণ।
মাওবাদীৰ আক্ৰমণত নিহত হয় এজন জোৱান।
ৰাজ্যখনৰ নাৰায়ণপুৰত সংঘটিত হয় এই ঘটনা।
12. গুৱাহাটীত বুজন পৰিমাণৰ নিষিদ্ধ পপী ফুল জব্দ।
ম্যানমাৰৰ পৰা ৰে’লযোগে সৰবৰাহ কৰোতে গুৱাহাটী ষ্টেচনত জব্দ হয় ফুলখিনি।
13. চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁৱৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান।
অভিযানত ২০জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
14. চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে যোৰাবাট আৰক্ষীৰ অভিযান।
যোৰাবাটত জব্দ কৰে গো ভৰ্তি ট্ৰাক আৰু এখন বিলাসী বাহন।
উদ্ধাৰ কৰে ৩০টাকৈ গো-ধন, ২জনক আটক।
আৰক্ষীৰ জালত ধৃত মফিজুল ইছলাম আৰু পাছিং মাফিয়া আলমিন হক।
15. কলিয়াবৰত মাৰণাস্ত্ৰ লৈ ঘূৰি ফুৰা যুৱকৰ দলৰ এজনক আটক।
অতুল গঞ্জু নামৰ যুৱকজনক আটক কৰে শিলঘাট আৰক্ষীয়ে।
16. দেৰগাঁৱৰ ৰাজপথত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস।
পিষ্টল দেখুৱাই বাছ চালকক মৃত্যুৰ ভাবুকি।
নাহৰণিৰ খাটগাঁৱত সংঘটিত হয় এই ঘটনা।
পুলিন দাস নামৰ লোকজনক মৃত্যুৰ ভাবুকি অনুপম দত্তৰ।
অনুপম দত্তৰ বাহনত সামান্য ঘঁহনি খোৱাৰ বাবেই বাছ চালকক মৃত্যুৰ ভাবুকি।
দেৰগাঁৱৰ অনুশ্ৰী ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী অনুপম দত্ত।
17. গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ আফিং বীজ।
১২২ বস্তা আফিং জব্দ কৰে ৰে’ল আৰক্ষীয়ে।
নামনিমুৱা কম্বাইট’ৰ এক্সপ্ৰেছৰ পৰা জব্দ কৰে আফিং বীজখিনি।
18. বিজনীৰ পাণবাৰীৰ ১নং দৈলংঝাৰত হত্যাকাণ্ড।
নিশা শুই থকা অৱস্থাত চোকা অস্ত্রৰে যুৱকক হত্যা কৰে।
মৃত যুৱকজনৰ নাম মতিলাল বৰ্মন।
অচিনাক্ত দুৰ্বৃত্তই হানি-খুচি হত্যা কৰে মতিলালক।
19. গোৱালপাৰাৰ কৃষ্ণাইত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
ভেল্টাৰঘাট,ৰামপুৰত জব্দ কৰে বুজন পৰিমাণৰ কাঠ ।
20. জাগীৰোডৰ ভোমোৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাকে মহটিয়াই নিয়ে দুই বাইক আৰোহীক।
থিতাতে নিহত হয় এজন,
নাম ৰোমান বৰকটকী।
আহত আনজন বাইক আৰোহী।

Sangita Dutta News Editor Rnewsindia24.com