৪/ শিৱসাগৰত উপস্থিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।
পথ সুৰক্ষা সপ্তাহত উপস্থিত থাকি ৰাইজক সজাগ-সাৱধান হ’বলৈ আহবান জনাই মন্ত্ৰীগৰাকীয়ে।
৫/ ১৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা।
১৬, ১৭ আৰু ১৮ ডিচেম্বৰত আয়োজন কৰা হ’ব কৃষি মেলা।
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এই মেলা।
এই মেলাৰ বাবে ৭.৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ।সংবাদমেলযোগে জনাই মন্ত্ৰী অতুল বৰাই।
৬/ BTR চৰকাৰৰ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠান।
কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আলোচনাচক্ৰ ।
উপস্থিত থাকে প্ৰমোদ বড়ো আৰু বহু গণ্য মান্য ব্যক্তি।
৭/ ৫-৭ জানুৱাৰীত অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ।
পৰ্যটন বিভাগৰ উদ্যোগত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ।
১৫/ বজালীৰ কাটলা পথাৰত ভয়ংকৰ ঘটনা।
জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে কনিষ্ঠ ভাতৃক।
পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত এই হত্যাকাণ্ড।
কনিষ্ঠ ভাতৃ ধনজিত ৰয়ক হত্যা কৰে প্ৰাঞ্জল ৰয়ে।
১৬/ নতুন দিল্লীত টাই-আহোম যুৱ পৰিষদৰ প্ৰতিবাদ।
বিভিন্ন দাবীৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে।
১৭/ ৭ নং ফকিৰাগ্ৰামৰ চিথিলা বাসন্তী মন্দিৰ প্ৰাংগনত বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী।
বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৮ শতাধিক লোকে দলত যোগদান কৰে।
১৮/ বোকাখাতত বনৰীয়া ম’হৰ আক্ৰমণত নিহত মহিলা।
নিহত মহিলাগৰাকীৰ নাম দিপা মুণ্ডা।
ধান কাটি থকা অৱস্থাত বনৰীয়া ম’হে আক্ৰমণ কৰে মহিলাগৰাকীক।
কান্ধুলিমাৰীৰ পথাৰত সংঘটিত হয় এই ঘটনা।
কাজিৰঙাৰ পৰা ওলাই অহা ম’হৰ আক্ৰমণত মৃত্যু হয় মহিলাগৰাকীৰ।