৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 15/2023:-
1. ৰাজস্থান জয়পুৰৰ ৰামনিৱাস বাগত শপত গ্ৰহণ অনুষ্ঠান ৰাজস্থানৰ নতুন চৰকাৰৰ।
উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে দিয়া কুমাৰীয়ে।
মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ভজন লাল শৰ্মাই৷
অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু বহু গণ্য মান্য ব্যক্তি।
2. মহেন্দ্ৰ সিং ধোনীলৈ BCCIৰ বিশেষ সন্মান৷
ভাৰতীয় দলৰ কোনো খেলুৱৈৰ পৰিধানত দেখা নাযাব ৭ নং জাৰ্ছী।
ধোনীৰ প্ৰতি বিশেষ সন্মান জনাই ৭ নং জাৰ্ছীক দিয়ে অৱসৰ।
3. শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ’ব নৱভাৰত সাক্ষৰতা অভিযান৷
ইয়াৰ বাবে মহানগৰীত অনুষ্ঠিত হয় জৰীপকাৰীৰ প্ৰশিক্ষণ৷
প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
4. কাজিৰঙাত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।
কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰে সঞ্চালক প্ৰধানগৰাকীয়ে।
পৰিয়ালসহ কাজিৰঙা দৰ্শন জি পি সিঙৰ।
5. ‘গুৱাহাটীৰ প্ৰতিঘৰৰ বাহিৰত QR ক’ড লগাব GMC-য়ে৷
জাবৰ সংগ্ৰহ কৰিলে QR ক’ডত স্কেন কৰিব লাগিব সংগ্ৰহকাৰী সংস্থাই’৷
বশিষ্ঠৰ যানশালাত ‘জাবৰমুক্ত গুৱাহাটী’ অভিযানৰ শুভাৰম্ভ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰে মেয়ৰ মৃগেন শৰণীয়া, আয়ুক্ত মেঘনিধি দাহাল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।
6. নতুন বছৰত আলফা (স্বাঃ)ৰ সৈতে ৰাজ্য চৰকাৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ব।
এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
7. ভূমি পঞ্জীয়ন জালিয়াতিৰ গোচৰত অধিবক্তা বাহাৰুল ইছলাম খানক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰান্সে৷
সাতগাঁৱৰ এডোখৰ ভূমিৰ ভূৱা নথি প্ৰস্তুত কৰিছিল খানে৷
ভূমিৰ গৰাকীৰ অজ্ঞাতে দালালে অন্য লোকক বিক্ৰী কৰিছিল ভূমিখিনি৷
8. চিৰাঙৰ সোণাইকোলাত SSBৰ অভিযান।
অগ্রং নৈৰ সমীপত জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা।
এখন স্কুটীৰে গাঞ্জা কঢ়িয়াই আনিছিল এজন যুৱকে।
9. লামডিং আৰক্ষীৰ অভিযানত জব্দ কৰে বাৰ্মিজ চুপাৰি।
কেচাঁ তামোল কঢ়িওৱা ট্ৰাকত লুকুৱাই সৰবৰাহ চুপাৰিখিনি ।
ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে।
10. মুছলমান লোকৰ নাগৰিকত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত দেশত শীঘ্ৰেই বলৱৎ হ’ব CAA।
ঘোষণা কৰে দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহৰ।
11. “কা বিৰোধ কৰিম, কিন্তু আন্দোলনত ভাগ নলওঁ”- মন্তব্য অভিনেতা ৰবি শৰ্মাৰ।
12. ধেমাজিত আৰক্ষীৰ জালত লোক নিৰ্মাণ বিভাগৰ অভিযন্তা।
সহকাৰী কাৰ্যবাহী অভিযন্তা সুনীল দলেক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
‘অসম মালা’ আঁচনি অধীনৰ পথ নিৰ্মাণ কেলেংকাৰীত গ্ৰেপ্তাৰ হয় অভিযন্তা গৰাকী।
13. বলীউড অভিনেতা শ্ৰেয়াস তলপড়ে অসুস্থ৷
হৃদজনিত ৰোগত আক্ৰান্ত হয় অভিনেতাগৰাকী৷
মুম্বাইত শ্বুটিঙত ব্যস্ত থকাৰ সময়তে অসুস্থ হৈ পৰে শ্ৰেয়াস৷
বৰ্তমান বেলিভিউ হাস্পাতলত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী৷
14. মহানগৰীৰ ভিন্ন স্থানত পৰিবহণ বিভাগৰ অভিযান৷
সুৰাপায়ী চালকৰ বিৰুদ্ধে এই অভিযান পৰিবহণ বিভাগৰ৷
বনভোজ, ৩১ ডিচেম্বৰৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ প্ৰশাসন৷
15. ঘোচখোৰ চৰকাৰী কৰ্মচাৰী আখেৰ জামালক নিলম্বন৷
মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক আখেৰ জামাল৷
আখেৰ জামালৰ বিৰুদ্ধে উচ্চপৰ্যায়ৰ তদন্তৰ দাবী দল-সংগঠনৰ।
16. নামতোলাৰ অসম-নাগালেণ্ড সীমান্তত ভয়ংকৰ ঘটনা৷
দলং ভাঙি নৈত পৰে প্লাইব’ৰ্ডভৰ্তি ট্ৰাক৷
নাগালেণ্ডৰ গ্ৰীণ প্লাই ফেক্টৰীৰ পৰা বহিঃৰাজ্যলৈ কঢ়িয়াইছিল প্লাইব’ৰ্ড৷
দলং ভঙাৰ ফলত ব্যাহত দুই ৰাজ্যৰ যাতায়াত ব্যৱস্থা৷
17. গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজিৰে পৰা আৰম্ভ ‘Under the sal tree-2023’ আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ৷
শালনিৰ তলত দেশৰ ভিন্ন প্ৰান্তৰ নাট্যগোষ্ঠীৰ নাট প্ৰদৰ্শন কৰে।
18. মেঘালয়ত ১ কোটি ৪২ লাখ টকাৰ সোণৰ বিস্কুট জব্দ৷
ডিয়েংপাছত এখন বাহনৰ পৰা জব্দ কৰে ২০ খন সোণৰ বিস্কুট৷
শুল্ক বিভাগে জব্দ কৰে সোণৰ বিস্কুট৷
এজন লোককো গ্ৰেপ্তাৰ কৰে শুল্ক বিভাগে।
19. গুৱাহাটীত ফুটিল পানীৰ পাইপ।
জি এছ ৰোডৰ মাজভাগতে ফুটিল পানীৰ পাইপ।
উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপত সংঘটিত হয় এই ঘটনা।
20. ফেব্ৰুৱাৰীৰ পৰা অসমত নচলিব বহু বিবাহ।
বহু বিবাহ কৰিলেই যাব লাগিব জে’ললৈ।
ঘোষণা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।
Sangita Dutta News Editor Rnewsindia24.com