সামৰণি পৰিল আঘোণৰ ব্যস্ততা।
Rnewsindia24.com
বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম মাহ আঘোণ।
কৃষকৰ সপোন পূৰণ কৰা মাহটোৱেই হ’ল আঘোণ মাহ।
লখিমী অনা, লখিমী আদৰা, ন-খোৱা ইত্যাদি উৎসৱ আঘোণ মাহতেই কৰা হয়।
বিশেষকৈ আঘোণ মাহ বিবাহৰ পক্ষে শুভ মাহ।
সেয়ে আঘোণ মাহ মোৰ খুবেই প্ৰিয়।
শাওন মাহৰ প্ৰখৰ ৰ’দত হাড়ভগা শ্ৰম, বোকা-পানী, ৰ’দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া সোণালী হ’ল।
লাগি লহপহকৈ বাঢ়ি থকা ধাননী ডৰাই যেন হাত বাউল দি মাতি আছে কৃষকক।
চৌদিশে সোণোৱালী পথাৰত সোনগুটি চপোৱাত ব্যস্ত চহা খেতিয়ক সকল।
পুৱাতে আহি ৰিব ৰিব মলয়াত হালি জালি থকা ধানৰ মুঠিত ধৰি দাৱনীয়ে খচ খচকৈ কাঁচি চলাইছে। তেওঁলোকৰ কপালত হৈ থাকে ঘাম আৰু হাতত পকা ধান পাতৰ আঁচোৰ, কটা-চিঙাৰ অন্ত নাই অথচ বুকুত অপাৰ আনন্দ আৰু প্ৰাপ্তিৰ হাঁহি।
বোৱাৰীৰ, জীয়াৰীৰ পৰা আইতা লৈকে ভীষণ ব্যস্ত আঘোণৰ পথাৰত।
বহুতৰে মুখত বিহুনাম, আইতাহতৰ মুখে মুখে হৰিনাম আৰু বিয়া নাম।
আঘোণ মাহত পথাৰত চাহ, ভাতৰ জুতিৰ লগতে ৰ’দত পথাৰৰ আলিত বহি খোৱা ৰৱাব টেঙা খোৱাৰ সোৱাদেই সুকীয়া নহয় নে?
শৈশৱত মোৰ দৰে আপুনি বাৰু পথাৰত লেছেৰি বুটলিছিল নে ? লগৰীয়াৰ সৈতে আনন্দত লেছেৰি বোটলোতে খাইছিল নে ভৰিত নৰাৰ খোঁচ।
সন্ধিয়া যেতিয়া লেছেৰিৰ টোপোলা বান্ধি ঘৰলৈ আহি হাত-ভৰি ধোৱা হয় তেতিয়া আকৌ চকুপানী টুকিছিল।
পিছত আইয়ে জুহালৰ কাষলৈ মাতি নি মিঠাতেল লগাই লগাই মালিছ কৰিছিল৷
এৰি চাদৰ গাত লৈ জুইৰ কাষত বহি থকা পিতাই ৰঙা চকুৰ চাৱনিত আইৰ কোলাতেই টোপনি গৈছিলোঁ।
উফ্ঃ কি যে দিন আছিল।
চহা খেতিয়কসকলৰ আঘোণৰ পথাৰেই যেন ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল।
Sangita Dutta News Editor Rnewsindia24.com