Narendra Modi

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam December 19/2023:- 

1. ৰাজ্যৰ শিক্ষকলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ।
অনুমতি অবিহনে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব কোনো শিক্ষকে।
অনুমতি অবিহনে নামভৰ্তি কৰিব নোৱাৰিব বি এড কলেজত।
বিধি ভংগ কৰিলেই বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব সংশ্লিষ্ট শিক্ষক।
মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে জাৰি কৰে এই নিৰ্দেশনা।

2. নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ এ।

3. তিতাবৰত বুথ শক্তিশালীকৰণ কাৰ্যসূচী।
কেইবাখনো সাংগঠনিক সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

4. ৰাজ্যৰ ১০খন চহৰৰ উন্নয়নৰ বাবে জৰুৰী বৈঠক৷
জনতা ভৱনত মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক৷
তেজপুৰ, যোৰহাট, নগাঁও, বিশ্বনাথ চহৰৰ উন্নয়নক লৈ আলোচনা৷
বৈঠকত অংশগ্ৰহণ কৰে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে।

5. কলিয়াবৰৰ হাতীমুৰাত মন্ত্ৰী পীযূষ হাজৰিকা।
জল সম্পদ বিভাগৰ নিৰ্মীয়মান শ্লুইছগেট পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

6. ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব অযোধ্যাৰ ৰাম মন্দিৰ৷
আজি মন্দিৰ পৰিদৰ্শন কৰে স্থপতি চন্দ্ৰকান্ত সোমপুৰাই৷

7. ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন।

8. “হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা মিডিয়াই হে দেখা পায়।
দুখনমান ফটো মাৰিলে জনপ্ৰিয়তা নুবুজায়।
গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা হিমন্ত বিশ্ব শৰ্মাতকৈ বহু বেছি”। – বিধায়িকা শিৱামনি বৰা।

9. মৰিগাঁওত উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী গাঁওপ্ৰধান।
নাম মিকিৰভেটা বালিগাৱৰ ইৰফান আলি।
জিলা আয়ুক্তৰ নিৰ্দেশত গ্ৰেপ্তাৰ হয় চৰকাৰী গাওঁ প্ৰধান গৰাকী।

10. বিলাসীপাৰাৰ বাঙালীপাৰা খেলপথাৰত কংগ্ৰেছৰ বিশাল জনসভা।
জনসভাত উপস্থিত থাকে ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ লগতে কেইবাগৰাকীও ৰাজ্যিক, কেন্দ্ৰীয় পৰ্যায়ৰ নেতা।

11. “চাকৰিৰ নামত বৃহৎ বজাৰ চলে বাজপেয়ী ভৱনত।
মিটিং পতা, সাংস্কৃতিক অনুষ্ঠানৰ নামত টেক্স লয় বিজেপি চৰকাৰে।”- মন্তব্য কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ।

12. কুঁৱলীৰ বাবে ব্যাহত মাজুলীৰ ফেৰীসেৱা৷
ব্যাহত অফলামুখ-নিমাতী সংযোগী ফেৰীসেৱা৷
কুঁৱলীৰ বাবে পুৱা ৭.৩০ বজাত মুকলি কৰিব পৰা নগ’ল ফেৰী৷
বৰ্তমান দুয়োটা ঘাটতে ৰখাই থোৱা হয় ফেৰীসমূহ৷

13. মহানগৰীৰ মালিগাঁৱৰ পৰা সন্দেহজনক আলফা (স্বাঃ)ৰ কেডাৰক গ্ৰেপ্তাৰ।
মালিগাঁৱৰ BBC কলনীত আত্মগোপন কৰি আছিল ৩ সদস্যই।
অসীম অধিকাৰী, ৰূপজ্যোতি দাস, মুন দেৱনাথক গ্ৰেপ্তাৰ।

14. চীনত বিধ্বংসী ভূমিকম্প৷
ভূমিকম্পত নিহত হয় ১১১ জন আৰু আহত ২৩০ জনৰো অধিক লোক৷

15. নলবাৰীৰ নখেতিত পথ দুৰ্ঘটনা৷
বিজুলীঘাট-ঘগ্ৰাপাৰ সংযোগী পথত সংঘটিত দুৰ্ঘটনা৷
দুৰ্ঘটনাত আহত হয় ৪ জনকৈ লোক৷
পথৰ দাঁতিত ৰখাই থোৱা বাহনত খুন্দা মাৰে তীব্ৰবেগী বাহনে।

16. বঙাইগাঁও জিলাৰ তালগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক-চাৰিচকীয়া বাহনৰ সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক।
আহত হয় আন এজনৰ অৱস্থা সংকটজনক।
দুৰ্ঘটনাৰ পাছতে ট্ৰাকচালক-হেণ্ডিমেনৰ পলায়ন কৰে।
উদ্ধাৰ হোৱা নাই মৃত ব্যক্তি গৰাকী।

17. মৰিগাঁৱত ভুৱা চিকিৎসকক আটক ।
লাহৰীঘাটৰ দিলদাৰ হুছেইন নামৰ এজনক আটক।
লাহৰীঘাটৰ এখন ফাৰ্মাচীত ভুৱা চিকিৎসক দিলদাৰে চলাইছিল চিকিৎসা ।

18. মিঞাসকলে কাম, পৰিশ্ৰমৰ মূল্য বুজি পায়।
মিঞাসকলক বাদ দিয়াটো মূৰ্খৰ ধাৰণা।
তেওঁলোকক এৰিলে আমাৰে সমস্যা হ’ব – মন্তব্য হীৰেন গোহাঁইৰ।

19. দিল্লীত I.N.D.I.A.ৰ চতুৰ্থখন বৈঠক আৰম্ভ।
বৈঠকত উপস্থিত থাকে ২০টাৰো অধিক বিৰোধী দলৰ নেতা।

20. ৰাজীৱ ভৱনত কাইলৈ যোগদান কাৰ্যসূচী।
কংগ্ৰেছত যোগ দিব বিজেপিৰ সাংসদ প্ৰাৰ্থীয়ে।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *