৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 20/2023:-
১/ কোকৰাঝাৰ আৰু চিৰাঙত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
বাগানশালীত নৱনিৰ্মিত বাথৌ মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিজনীত BTR চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
২/ ৰাজনীতিৰ পথাৰত নামিবলৈ সাজু অভিনেত্ৰী কংগনা ৰাণাৱট।
বিজেপিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অভিনেত্ৰীগৰাকীয়ে।
কংগনাই কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব তাৰ সিদ্ধান্ত ল’ব দলে।
এই কথা অৱগত কৰে কংগনাৰ পিতৃ অমৰদীপ ৰাণাৱটে।
৩/ হঠাৎ অসুস্থ মন্ত্ৰী পীযূষ হাজৰিকা।
তিতাবৰৰ এক দলীয় সভাত অসুস্থ হৈ পৰে মন্ত্ৰীগৰাকী।
ততাতৈয়াকৈ JMCHত ভৰ্তি কৰোৱা হয় মন্ত্ৰী গৰাকীক।
৪/ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব নোৱাৰিব ড’নাল্ড ট্ৰাম্প।
ক’লাৰাড’ উচ্চতম ন্যায়ালয়ে অযোগ্য ঘোষণা কৰে ট্ৰাম্পক।
কেপিটল হীল আক্ৰমণৰ ঘটনাৰ বাবে অযোগ্য ট্ৰাম্প।
২০২১ চনৰ ৬ জানুৱাৰীত ঘটিছিল আক্ৰমণৰ ঘটনা।
ৰিপাব্লিকানৰ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ শীৰ্ষত আছিল ট্ৰাম্প।
৫/ নতুন দিল্লীত আজি কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠক।
কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।
৬/ ‘নতুন আইনৰ অধীনত গণপ্ৰহাৰৰ বাবে দিয়া হ’ব মৃত্যুদণ্ড’।
লোকসভাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ।
৭/ ২০২৩ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা। বিশিষ্ট গল্পকাৰ ড০ প্রণৱজ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য একাডেমী।
‘ড০ প্রণৱজ্যোতি ডেকাৰ শ্রেষ্ঠ গল্প’ গ্রন্থৰ বাবে এই সন্মান।
প্রতিষ্ঠিত বড়ো সাহিত্যিক নন্দেশ্বৰ দৈমাৰীলৈও সাহিত্য একাডেমী সন্মান।
বড়ো সাহিত্যৰ বাবে নন্দেশ্বৰ দৈমাৰীলৈ সাহিত্য একাডেমী বঁটা।
নেপালী সাহিত্য আৰু লোক-সংস্কৃতিৰ বাবে অসমৰ যুদ্ধবীৰ ৰাণালৈ সাহিত্য অকাডেমি বঁটা।
৮/ তামুলপুৰৰ বৰখাটাত BPFৰ বিশাল যোগদান সভা।
অনুষ্ঠানত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰী আৰু BPFৰ শীৰ্ষ নেতাই।
৯/ কামাখ্যা মন্দিৰত বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলা।
মাৰ চৰণত বিশেষ পূজা-অৰ্চনা কৰে অভিনেত্ৰীগৰাকীয়ে।
১০/ ৰাজীৱ ভৱনত আজি যোগদান কাৰ্যসূচী।
কংগ্ৰেছত যোগদান কৰে বিজেপি নেতা উদয় শংকৰ হাজৰিকাৰ লগতে বহু লোকে।
১১/ আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত বঙাইগাঁৱত মক ড্ৰিল কাৰ্যসূচী।
বিপদগ্ৰস্ত লোকক উদ্ধাৰ আৰু অগ্নিকাণ্ডৰ সময়ত ল’বলগীয়া সাৱধানতা সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যে এই মক ড্ৰিল।
১২/ গোৱালপাৰাৰ আগিয়াৰ টুকুৰাত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত মহিলাসহ দুজন লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
লগতে জব্দ কৰে ১৮টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
১৩/ কলিয়াবৰৰ তেতুলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় ৰাজোৱাৰ নাম এজন লোকৰ মৃত্যু হয়।
১৪/ যোৰাবাটত জব্দ চোৰাং গৰুভৰ্তি বাহন।
বাহনখনৰ পৰা উদ্ধাৰ কৰে ২৩টাকৈ চোৰাং গৰু ।
লগতে আটক কৰে দুই সৰবৰাহকাৰী।
১৫/ তামিলনাডুৰ বানপীড়িত অঞ্চলত সাহায্য বিতৰণ কৰে ভাৰতীয় বায়ু সেনাই।
আজি পুৱা যোগান ধৰে ৫.৫ টন খাদ্য সামগ্ৰী।
১৬/ গোৱালপাৰাৰ লক্ষীপুৰ ধামৰত ইটাভাটা উচ্ছেদ কৰে প্ৰশাসনে।
এক্সকেভেটৰৰ সহায়ত প্ৰশাসনে উচ্ছেদ কৰে কেইবাটাও ভাটা।
১৭/ শিলচৰ মেডিকেল কলেজৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ।
মৃত যুৱকজন গুৱাহাটী ভাস্কৰ নগৰৰ কাৰ্তিক ৰায়।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
১৮/ ৰূপহীহাটত ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
লগতে জব্দ কৰা হয় এখন বলেৰ’ পিকআপ বাহন।
আটক কৰে ৫জনীয়া এটা ডকাইতৰ দল।
১৯/ জ্যেষ্ঠ সাংবাদিক, চলচ্চিত্র সমালোচক চন্দন শৰ্মাৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্রান্ত হৈ আছিল শৰ্মা।
২০/ ‘ভূপেন বৰাই শূন্যত গদা ঘূৰাই আছে।
ইয়াৰ ফলাফল কংগ্ৰেছে একো নাপায়’- এই মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ।
Sangita Dutta News Editor Rnewsindia24.com