৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 25/2023:-
1. আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৯সংখ্যক জন্মবাৰ্ষিকী।
দেশজুৰি উদযাপন কৰা হয় সুশাসন দিৱস।
দিল্লীত উদযাপন কৰা কাৰ্যসূচীত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰোপদি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
2. ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সুশাসন দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
3. আজি বৰদিন।
লোক কল্যাণ মাৰ্গত বৰদিন উদযাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
4. মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত লাভলীনা বৰগোহাঁই।
পেৰিছ অলিম্পিকৰ বাবে লাভলীনাক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
5. গোলাঘাট যোগীবাৰীত নানাৰঙী ফুলেৰে জাতিষ্কাৰ হ’ব ফুলৰ মেলা।
মেলাত অংশগ্ৰহণ কৰিব ৬০খনতকৈও অধিক ফুলৰ বিপণিয়ে।
নাগালেণ্ড-মেঘালয়ৰ লোকেও এই ফুলৰ মেলাত অংশগ্ৰহণ কৰিব।
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত হ’ব এই মেলাৰ আয়োজন।
6. “বগীবিলত অহা ফ্ৰেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব অত্যাধুনিক জাহাজ বন্দৰ”।
নিৰ্মীয়মান বন্দৰ পৰিদৰ্শন কৰি এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
7. ঔপন্যাসিক জয়ন্ত মাধৱ বৰালৈ ২০২৪ৰ ‘বাক্য সাহিত্য বঁটা’।
প্ৰকাশন প্ৰতিষ্ঠান ‘বাক্য’ই প্ৰদান কৰিব এই বঁটা।
সাহিত্যিকগৰাকীক শিৱসাগৰত প্ৰদান কৰা হ’ব এই বঁটা।
8. মহানগৰীৰ অনিল নগৰত চিলনী চোৰৰ সন্ত্রাস।
আনিষ নামৰ এজন যুৱকৰ পৰা চোৰে কাঢ়ি নিয়ে ম’বাইল।
স্কুটীত অহা দুই যুৱকে সংঘটিত কৰে এই চুৰিকাণ্ড।
9. দুই ৰাজপত্ৰিত বিষয়ালৈ জাননী SITৰ।
নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা, ACS হিতেশ মজুমদাৰলৈ জাননী।
২৯ ডিচেম্বৰত CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োকে।
ইফালে ২৬ ডিচেম্বৰত উপস্থিত হ’ব লাগিব জয়ন্ত দলে, প্ৰিয়ংকা ডেকা।
দুয়োৰে বিৰুদ্ধে APSCৰ মূল পৰীক্ষাত নম্বৰ বঢ়োৱাৰ অভিযোগ।
উল্লেখ্য যে জয়ন্ত দলে মূল পৰীক্ষাত উত্তীৰ্ণই হোৱা নাছিল।
10. জম্মু-কাশ্মীৰৰ আখনুৰত বুজন পৰিমাণৰ IED জব্দ।
১০ কেজি ওজনৰ ৬টা IED, দুটা পিষ্টল, এটা গ্ৰেনেড জব্দ কৰে।
পাকিস্তানৰ পৰা ড্ৰোনেৰে ভাৰতলৈ প্ৰেৰণ কৰিছিল মাৰণাস্ত্ৰখিনি।
11. বাক্সাৰ শালবাৰীৰ চূণবাৰীত ছাত্রীৰ বিহপানৰ ঘটনা।
গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এগৰাকী ছাত্রীৰ।
মৃত ছাত্রীগৰাকীৰ নাম নাছিমা পাৰবিন বুলি জানিব পৰা গৈছে।
12. বাইহাটা চাৰিআলি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
ডেৰ শতাধিক লোকে থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰা হত্যাকাৰীক ৰাইজে কৰে আটক।
হত্যাকাৰীক আটক কৰাৰ পাছতে ক্ষুব্ধ ৰাইজৰ থানা ঘেৰাও।
13. জয়সাগৰৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰু দুজনক আটক।
পল্লৱজ্যোতি গগৈৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত দুয়োকে আটক কৰে আৰক্ষীয়ে।
দুদিন পূৰ্বে পল্লৱজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
14. নগাঁৱৰ সমীপৱৰ্তী খালৈগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।
চলন্ত স্কুটাৰত পিছফালৰ পৰা খুন্দা মাৰে তীব্ৰবেগী বাইকে।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটাৰ আৰোহী।
নিহত যুৱকজন নগাঁৱৰ গোসাঁইবড়িৰ অমৃত মেধি।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাইক চালকে।
15. তেজপুৰত নৃশংস হত্যাকাণ্ড।
ডাইনী সন্দেহত জ্বলাই দিয়ে ৪০ বছৰীয়া মহিলাক।
তেজপুৰৰ বাঁহবাৰী বৰচোনত সংঘটিত হয় এই ঘটনা।
বৰ্তমানলৈকে ৪জনক আটক কৰে তেজপুৰ সদৰ আৰক্ষীয়ে।
16. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান।
BSF আৰু কাছাৰ আৰক্ষীৰ অভিযানত শিলচৰত জব্দ কৰে ১০ কোটি টকাৰ য়াবা টেবলেট।
সৰবৰাহৰে জড়িত ৫জন ব্যক্তিক আটক কৰে আৰক্ষীয়ে।
17. গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ গাঞ্জা জব্দ।
আগৰতলা ৰাণী কমলাপতি এক্সপ্ৰেছৰ পৰা জব্দ কৰে গাঞ্জাৰ ৫টাকৈ পেকেট।
আগৰতলাৰ পৰা পাটনালৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি।
আটক কৰে বিকাশ কুমাৰ নামৰ এটা সৰবৰাহকাৰী।
18. নাহৰকটীয়াৰ গোৱালপট্টীত অগ্নিকাণ্ড।
হঠাৎ জ্বলি উঠে এটা খেৰৰ পুঁজি।
অগ্নিকাণ্ডত ভস্মীভূত হয় সমীপৰ ৩টাকৈ বাসগৃহ।
অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনেৰে জুই নিৰ্বাপণ কৰে।
ৱেল্ডিঙৰ ফিৰিঙতিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
19. চতিয়াত সংঘটিত নৃশংস হত্যাকাণ্ড।
পাষাণ পিতৃৰ চোকা দাৰ ঘাপত মৃত্যু হয় পুত্ৰৰ।
প্ৰফুল্ল পাটৰে হত্যা কৰিলে ২৫ বছৰীয়া পুত্ৰ প্ৰবীণ পাটৰক।
মনাই চাহ বাগিচাৰ ১১ নং লাইনত সংঘটিত হয় এই হত্যাকাণ্ড।
হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
20. গোলকগঞ্জৰ ৰতিয়াদহত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে ট্ৰেক্টৰ।
থিতাতে নিহত হয় ট্ৰেক্টৰ চালক কনক ৰায়।
Sangita Dutta News Editor Rnewsindia24.com