৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 26/2023:-
1. নতুন দিল্লীত বীৰ বাল দিৱস।
ভাৰত মণ্ডপমত অনুষ্ঠিত হয় এই দিৱস।
অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
2. অৰুণাচলৰ পাছিঘাটত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
উত্তৰ-পূব আয়ুৰ্বেদ আৰু লোকচিকিৎসা গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হয় মন্ত্ৰীগৰাকী৷
চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।
অনুষ্ঠানত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
3. মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলিছে দুষ্টচক্ৰই।
ৰাইজক সতৰ্ক থকাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
4. ২৯ ডিচেম্বৰত আলফা-চৰকাৰৰ শান্তি চুক্তিৰ সম্ভাৱনা।
গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ’ব শান্তি চুক্তি।
দিল্লীত উপস্থিত হয় শশধৰ চৌধুৰী, অনুপ চেতিয়া৷
5. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এক অভিলেখৰ গৰাকী হ’ল।
ইউটিউবত ২ কোটি চাবচক্ৰাইবাৰছ থকা প্ৰথমগৰাকী বিশ্বনেতা হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।
6. ৰহাত জোঙাল বলহু দিৱসৰ ব্যাপক প্ৰস্তুতি৷
৩ জানুৱাৰীত দিৱসৰ দিনজোৰা বিস্তৃত কাৰ্যসূচী৷
মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷
সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে উদযাপন সমিতিয়ে।
7. মহানগৰীৰ মালিগাঁও গুৰুদ্বাৰত বীৰ বাল দিৱস উদযাপন।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘাল, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বহুকেইগৰাকী বিজেপিৰ নেতা-কৰ্মী।
8. ইজৰাইলৰ এয়াৰ ষ্টাইকত নিহত ইৰানৰ সেনা বাহিনীৰ ক’মাণ্ডাৰ ছৈয়দ ৰাজী মুছাভি৷
ডামাছকাছৰ ছাইদাহ জাইনাব এলেকাত ইজৰাইলী সেনাৰ বোমা বিস্ফোৰণ৷
ইৰানীয়ান ৰিভ’লিউচেনৰী গাৰ্ডছ কৰ্পছৰ ছিনিয়ৰ ক’মাণ্ডাৰ আছিল মুছাভি৷
9. বৰদিনত কেৰালাত সুৰাৰ বন্যা৷
তিনিদিনত ১৫৪ কোটি টকাৰ সুৰা বিক্ৰী৷
২০২২ চনতো বিক্ৰী হৈছিল ৭০০ কোটি টকাৰ সুৰা৷
সুৰাৰ পৰা কেৰালা চৰকাৰে সংগ্ৰহ কৰে ৬৭৫ কোটি টকাৰ ৰাজহ৷
10. কলগাছিয়াত শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত৷
বাছ-ইণ্ডিগ’ বাহনৰ মাজত সংঘৰ্ষত আহত হয় প্ৰায় ২০জন৷
গুৰুতৰভাৱে আহত হয় ইণ্ডিগ’ বাহনখনৰ চালকসহ ৪জনৰ।
11. কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰে এখন অটো ৰিক্সা।
দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলা।
12. তেজপুৰত শোণিতপুৰ প্ৰশাসনৰ উচ্ছেদ অভিযান৷
মৰাভৰলীৰ অনাতাঁৰ কেন্দ্ৰৰ সমীপত উচ্ছেদ৷
এক্সকেভেটৰ, বুলডজাৰ লৈ উচ্ছেদ চলায় জিলা প্ৰশাসনে।
13. বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ১৬৮ বস্তা বাৰ্মিজ চুপাৰি।
জব্দ কৃত চুপাৰিখিনিৰ মূল্য ৩৫ লাখ টকা।
14. মৰাণৰ চকলিয়া টেঁটুনবাৰীত মাটি কঢ়িওৱা ডাম্পাৰ জব্দ৷
আদিবাসী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে জব্দ কৰে ডাম্পাৰ৷
15. বশিষ্ঠ চাৰিআলিত ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দি ভূ-মাফিয়াৰ তাণ্ডৱ৷
ঘাইপথৰ দাঁতিৰ প্ৰায় ৮ কঠা ভূমিক লৈ বিবাদ৷
দুৰ্বৃত্তই দোকানৰ সামগ্ৰী উলিয়াই জ্বলাই দিয়ে দোকানকেইখন৷
একাংশ দোকানত তলা লগাই থৈও যায় দুৰ্বৃত্তই।
16. কাছাৰত পুষ্পা ছবিৰ ষ্টাইলেৰে পুনৰ বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা৷
কাটাৰেদি কাটি টেংকাৰৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুপাৰিখিনি৷
জব্দকৃত চুপাৰিৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হয়।
17. সৰ্থেবাৰীৰ বৰমাৰাত বিধ্বংসী অগ্নিকাণ্ড৷
জুইত ভস্মীভূত হয় পাঁচখনকৈ দোকান৷
অগ্নিকাণ্ডত প্ৰায় ৪৫ লাখ টকাৰ ক্ষতিসাধন হয়।
বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হয়।
18. শোণিতপুৰত ডাইনী সন্দেহত দম্পতীক নিৰ্যাতন৷
ঘৰ-দুৱাৰ ভাঙি পৰিয়ালটোৰ ওপৰত দলবদ্ধ নিৰ্যাতন৷
চাৰিদুৱাৰৰ অসম-অৰুণাচল সীমান্তৰ চটাই নমাইলত সংঘটিত হয় এই ঘটনা৷
19. মহানগৰীৰ কটাহবাৰীত STFৰ অভিযান।
অভিযানত জব্দ কৰে প্ৰায় ২ কেজি নকল সোন, জাল নোটৰ বাণ্ডিল।
গ্ৰেপ্তাৰ হয় ৩ সৰবৰাহকাৰী ছাহাৰ আলী, জাগীৰ আলী আৰু মুছফিকুৰ ৰহমান।
20. শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন৷
পলায়ন কৰা কয়দীটোৰ নাম ৰাকেশ বৰা৷
হত্যাৰ অপৰাধত বন্দী হৈ আছিল ৰাকেশ বৰা৷
Sangita Dutta News Editor Rnewsindia24.com