Anand Mishra IPS

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam December 27/2023:- 

1. ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।
শীঘ্ৰে বিজেপিত যোগদানৰ প্ৰস্তুতি আনন্দ মিশ্ৰৰ।
ৰাজ্যৰ মুখ্য সচিব, DGP জি পি সিঙলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে IPS বিষয়া গৰাকীয়ে।

‘প্ৰক্ৰিয়াবোৰ শেষ হ’লে গাঁৱলৈ যাম, গাঁৱত থাকিম’।
পদত্যাগ-পত্ৰ দাখিলৰ পাছতে মাজুলীত আনন্দ মিশ্ৰৰ প্ৰথম প্ৰতিক্ৰিয়া।
১৫ জানুৱাৰীৰ পাছত পৰৱৰ্তী পদক্ষেপ ৰাজহুৱা কৰিব বুলিও মন্তব্য কৰে।

2. ‘CAA দেশৰ আইন, CAA বলৱৎ হ’বই।
CAA কাৰ্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে’।
পশ্চিমবংগত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

3. সু-খবৰ।
সুদক্ষ IPS বিষয়া হিচাপে সমগ্ৰ দেশতেই খ্যাতি অৰ্জন কৰা সংযুক্ত পৰাশৰে আৰক্ষীৰ মহাপৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰে।

4. নগাঁৱৰ জিলা আয়ুক্তৰ সভাকক্ষত পথ সুৰক্ষা আৰু সজাগতা সভা।
সভাত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
বাইক চলাই পথ সুৰক্ষা আৰু সজাগতা ৰেলীতো অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।

5. পাছিঘাটত উপস্থিত হয় উত্তৰাখণ্ডৰ মন্ত্ৰী সতপাল মহাৰাজা।
সপৰিয়ালে পাছিঘাটলৈ আহি উৎফুল্লিত হয় মন্ত্ৰীগৰাকী।
পাছিঘাটৰ পাহাৰ আৰু চিয়াং নৈৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰে সতপাল মহাৰাজা।

6. অভয়াপুৰীৰ চৌতাকীত আয়োজন কৰা Golden Langur Festivalৰ থীম ছং মুকলি।
৩-৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব মহোৎসৱ।

7. পুনৰ আন এগৰাকী ৰাজপত্ৰিত বিষয়ালৈ SITৰ জাননী।
সমবায় বিভাগৰ সহ-পঞ্জীয়ক চক্ৰধৰ ডেকাক ২ জানুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।

8. অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু।
নিজৰ বাহনত মৃতদেহ উদ্ধাৰ কৰে অভিনেতাগৰাকীৰ।
৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লী চান-কিউৰ।
নিষিদ্ধ ড্ৰাগৰ সেৱনৰ অভিযোগত তদন্ত চলি আছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে।

9. তিতাবৰৰ দীপাংকৰ গগৈৰ ঘটনা সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
৩০ দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন।

10. পুনৰ প্ৰকাশ পালে ১০ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন।
শিক্ষা বিভাগত প্ৰথমবাৰৰ বাবে TET CUM RECRUITMENTৰ মাধ্যমেৰে হ’ব নিযুক্তি।

11. গৌৰীপুৰত বন্ধন কন্নাগৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী।
ধুবুৰী জিলাত কৰ্মৰত প্ৰায় ৭০গৰাকী কৰ্মচাৰীয়ে হঠাৎ চাকৰিৰ পৰা অব্যাহতি পত্ৰ লাভ কৰি ক্ষুব্ধ হৈ ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী।

12. ধুবুৰীৰ চাপৰত বিৰোধী মহাজোঁটৰ বৈঠক।
১৫টা ৰাজনৈতিক দলৰ নেতাই অংশ লয় এই সমাৱেশত।
নিৰ্বাচন বাবে আসন ভাগ বাটৰোৱাক লৈ আলোচনা কৰা হয় এই বৈঠকত।

13. নগাঁৱত কিশোৰী নিৰ্যাতনকাৰী দুটা অভিযুক্তক গ্ৰেপ্তাৰ।
চলচলিৰ জীয়াবুৰ ৰহমান, চামচুল আলীক গ্ৰেপ্তাৰ।
মঙলবাৰে নিশা চিলঙনীৰ এগৰাকী কিশোৰীক চলাইছিল যৌন নিৰ্যাতন।
কিশোৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্তদ্বয়ক।
আৰক্ষীৰ জেৰাত চামচুলে স্বীকাৰ কৰে নিৰ্যাতন চলোৱাৰ কথা।

14. গুৱাহাটীত গ্ৰেপ্তাৰ মণিপুৰৰ প্ৰৱঞ্চক।
মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অজয় বাহাদুৰ সিং নামৰ প্ৰৱঞ্চকজনক।
শিল-বালি যোগানৰ নামত বিভিন্নজনক কৰে প্ৰৱঞ্চনা।
মণিপুৰৰ লগতে নগালেণ্ডৰো বহুতক প্ৰৱঞ্চনা অজয়ৰ।
গ্ৰেপ্তাৰৰ পিছতে অসুস্থতাৰ ভাও জুৰি GMCHত ভৰ্তি হয়।

15. বোকাজানত চাঞ্চল্যকৰ ঘটনা।
আৰক্ষীৰ তালাচীত ৫ অস্ত্ৰ সৰবৰাহকাৰী।
সৰবৰাহকাৰীকেইটাৰ পৰা জব্দ কৰে 38mm পিষ্টলসহ উদ্ধাৰ ১২ জাঁই সক্ৰিয় গুলী আৰু নগদ ধন।

16. নৱবৰ্ষৰ প্ৰাকক্ষণত সষ্টম আৰক্ষী, পৰিবহণ বিভাগ।
সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজপথত অভিযান।
যোগীঘোপাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু পৰিবহন বিভাগৰ যুটীয়া অভিযান চলাই।

17. ডিমৌৰ হিলৈবাম গাঁৱত শোকাৱহ ঘটনা।
বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এগৰাকী বৃদ্ধাৰ।
বন্যহস্তীৰ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰে ঘৰ, খাই তহিলং কৰে ভৰাঁলৰ ধান।

18. ধেমাজিত গৰু ছিণ্ডিকেটৰ ৰমৰমীয়া বেহা।
অবৈধ প্ৰক্ৰিয়াৰে গৰুক বৈধ সজাই বাংলাদেশলৈ সৰবৰাহ।
বাংলাদেশ, মেঘালয়লৈ ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় গো-ধন।
অৰুণাচলৰ অবৈধ গৰু অসমলৈ ভুৱা চালানেৰে সৰবৰাহ।
গো-মাফিয়াই আৰক্ষী, প্ৰশাসনক মেনেজ কৰাৰ অভিযোগ একাংশৰ।
ধনৰ বিনিময়ত কুলাজানত ভুৱা গৰু ক্ৰয়ৰ ৰচিদো প্ৰদান কৰে এটা চক্ৰই।

19. কাজিৰঙাৰ গেলেকীত আৰক্ষীৰ অভিযান।
অভিযানত এখন ধাবাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ডিজেল।
ধাবাখনৰ স্বত্বাধিকাৰীৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

20. শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
পৃথক পৃথক স্থানত হোৱা পথ দুৰ্ঘটনাত ৫জন লোক নিহত হয়।
বালিপৰাত বাইকক মহটিয়াই নিয়ে দ্ৰুতবেগী বাহনে।
উদমাৰী আৰু দীঘলীত সংঘটিত হয় দুৰ্ঘটনা।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *