Bhupen Kumar Borah
Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam December 28/2023:-

১/ বিশ্ববিদ্যালয়সমূহলৈ UGCৰ কঠোৰ নিৰ্দেশনা।
এতিয়াৰে পৰা নামভৰ্তি কৰিব নোৱাৰিব এম ফিলত।
এম ফিল কোনো ডিগ্ৰী নহয় বাবেই নামভৰ্ত্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে UGC এ।

২/ নলবাৰীত কংগ্ৰেছৰ ১৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী।
প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে উলিওৱা হয় বিশেষ পদযাত্ৰা।
পদযাত্ৰাত অংশগ্ৰহণ কৰে APCCৰ সভাপতি ভূপেন বৰাকে ধৰি দলৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে।

৩/ DMDK প্ৰধান তথা দক্ষিণৰ অভিনেতা বিজয়কান্তৰ দেহাৱসান।
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় DMDK নেতা গৰাকী।
চেন্নাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

৪/ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত উত্তৰ-পূব ধৰ্মাচাৰ্য সন্মিলন।
উপস্থিত থাকে সন্মিলনত সৰ সংঘচালক মোহন ভাগৱত, উত্তৰ-পূৰ্বাঞ্চলৰ ১৩০জনৰো অধিক সত্ৰাধিকাৰ আৰু ধৰ্মগুৰু।

৫/ দুলীয়াজানৰ পঞ্চায়তে পঞ্চায়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশগ্রহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
লগতে উত্তৰ পূৱ মহোৎসৱ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

৬/ CIDৰ কাৰ্যালয়ত ৫ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ APS অনলজ্যোতি দাসক।
ৰাজপত্ৰিত বিষয়াগৰাকীলৈ জাননী প্ৰেৰণ কৰে SIT-এ।
ডিমা হাছাওৰ ASP হিচাপে কৰ্মৰত আছিল অনলজ্যোতি দাস।
ইতিমধ্যে নিলম্বন কৰা হয় অনলজ্যোতি দাসক।

৭/ KLOৰ ছহিদৰ পৰিয়াললৈ আৰ্থিক অনুদান প্ৰদান কৰে EM অৰূপ কুমাৰ দে’ই।
কোকৰাঝাৰৰ খুৰীয়াবাৰীত অনুষ্ঠিত কাৰ্যসূচীত ছহিদৰ ১১টা পৰিয়ালক ২০ হাজাৰকৈ টকা প্ৰদান কৰে অৰূপ কুমাৰ দে’ই ।

৮/ বিজনীত IAS বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰৱণতা।
মুখ্যমন্ত্ৰী, BTCৰ CEMলৈ লিখা পত্ৰত ভয়ংকৰ তথ্য।
বিজনীৰ মহকুমাধিপতি IAS অভিষেক জৈনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।
যি নিৰ্যাতন সহিব নোৱাৰি মহিলা বিষয়াগৰাকীয়ে চাকৰিৰ পৰা বিচাৰিছে ছুটী।

৯/ শীঘ্ৰে বজাৰত উপলব্ধ হ’ব ‘ভাৰত চাউল’।
প্ৰতিকিলোত বজাৰ মূল্য মাত্ৰ ২৫ টকা।
ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন, ৰাষ্ট্ৰীয় কৃষি সমবায়, বিপণন সংস্থা আৰু কেন্দ্ৰীয় পণ্যাগাৰৰ অন্তৰ্গত স্থানসমূহত এই চাউল পোৱা যাব।
বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে এই বিশেষ আঁচনি।

১০/ ড্ৰাগছ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ হয় মহানগৰ আৰক্ষীৰ গৃহৰক্ষী জোৱান।
দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৃহৰক্ষী জোৱান ৰুবুল আলীক।

১১/ ডাঠ কুঁৱলীৰ বাবে হ’ব পৰা দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ প্ৰশাসন।
হোজাই জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।
সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ১৪৪ ধাৰা প্ৰযোজ্য হ’ব।
এই সময়ছোৱাত হোজাইৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ, ধাবা, ৰিজ’ৰ্ট, পথৰ দাঁতিত ৰখাই থব নোৱাৰিব বাহন।
ইয়াৰ উপৰিও ৰাষ্ট্ৰীয়, ৰাজ্যিক ঘাইপথত চলাচল কৰিব নোৱাৰিব ডাম্পাৰ।
সন্ধিয়া ৫ বজাৰ ৭ বজালৈ ডাম্পাৰ চলাচলত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ।
এই আইন উলংঘা কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’ব জিলা প্ৰশাসনে।

১২/ অযোধ্যাত বিক্ৰী কৰিব নোৱাৰিব সুৰা আৰু মাংস৷
ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে যোগী চৰকাৰৰ ঘোষণা৷

১৩/ কাইলৈ স্বাক্ষৰিত হ’ব আলফাৰে শান্তি চুক্তি।
ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আলফাৰ ১৬ জনীয়া দল।
তাৰ মাজতেই উজনিত উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান অসম আৰক্ষীৰ৷
বুধবাৰে তিনিচুকীয়া আৰক্ষীৰ জালত পৰে আলফা স্বাধীনৰ বিশেষ অভিযানকাৰী গোটৰ নেতা চাৰ্জেণ্ট মেজৰ বাস্তৱ ফুকন ওৰফে বিবেক অসম৷

১৪/ মধ্য প্ৰদেশৰ গুনাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
ডাম্পাৰৰ সৈতে হোৱা সংঘৰ্ষৰ পাছত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত নিহত হয় ১৩ জন, আহত হয় ১৭গৰাকী লোক।
আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১৫/ গুৱাহাটী ৰে’ল ষ্টেচনত ৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ।
অৱধ অসম এক্সপ্ৰেছ ১৫৯০৯ৰ পৰা জব্দ কৰে অবৈধ চিগাৰেটখিনি।

১৬/ মৰাণৰ খোৱাঙত নিশা ৰাজপথত জ্বলি উঠে এখন কণ্টেইনাৰ ট্ৰাক।
ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ ডেম্পৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে।
ট্ৰাকখনৰ ভিতৰৰ ডেম্পৰ সামগ্ৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ কৰা হয়।

১৭/ মহানগৰীৰ বৰাগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড।
কন্যাৰ পাছত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হয় পিতৃ।
পুৱা ১০ বজাত GMCHত মৃত্যু হয় পিতৃ বনজিৎ দাসৰ।
মূৰত যথেষ্ট আঘাত পাইছিল বনজিৎ দাসে।

১৮/ মৰিগাঁও-জাগীৰোড সংযোগী পথৰ ঔজাৰিত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো বুদ্ধেশ্বৰ বৰদলৈৰ বুলি চিনাক্ত কৰা হয়।
প্রাতঃভ্রমণলৈ যোৱাৰ সময়ত অচিনাক্ত বাহনে খুন্দিওৱাৰ সন্দেহ কৰা হয়।

১৯/ মহানগৰ গড়চুকত আৰক্ষী-SOGৰ অভিযান।
অভিযানত আটক কৰে ৭টা চোৰ।
ধৃত চোৰকেইটা মুছলিম উদ্দিন, হাছেন আলী, আব্দুল হক, গোলাম হুছেইন, চানিদুল ইছলাম, ৰাজাবুল ইছলাম, কাচেম আলী।

২০/ বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰত বিধ্বংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ২০খনতকৈও অধিক দোকান।
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *