৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Jan 3/2024:-
1. দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা।
এখন ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষত ১৪গৰাকী লোকৰ মৃত্যু হয়।
বাছখনত আছিল ৪৫ গৰাকী যাত্ৰী।
গোলাঘাট আঠখেলীয়াৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল দলটো।
2. কেৰালাৰ থ্ৰিছুৰত বিশাল ৰোড শ্ব’।
অংশগ্ৰহন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
3. দেৰগাঁৱত দুৰ্ঘটনাত আহত হোৱা ৩০ গৰাকী JMCHত চিকিৎসাধীন হৈ আছে।
সংকটজনক অৱস্থাত চিকিৎসাধীন আহতসকল।
আহতসকলৰ বাবে তেজৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰে চিকিৎসকে।
আহত সকলক প্ৰয়োজনীয় তেজৰ যোগান ধৰিব অসম সেনা, যোৰহাট জিলা আছুৱে।
4. ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন গ্ৰেপ্তাৰ হ’ব পাৰে।
হেমন্ত ছোৰেনলৈ ৭ বাৰকৈ EDৰ চমন জাৰি।
এবাৰো EDৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই মুখ্যমন্ত্ৰীগৰাকী।
EDৰ মুখামুখি হ’লে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে হেমন্ত ছোৰেন।
5. দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নিহতৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা আৰু আহতসকলক ৫০ হাজাৰকৈ টকা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰদান কৰিব ক্ষতিপূৰণ।
6. উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দেহাঙ্গী পৰিষদীয় সমষ্টিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী নন্দিতা গাৰ্লোচা, মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা তাছা, বিধায়ক জিতু গোস্বামী, কৌশিক ৰায়, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে স্থানীয় ৰাইজ।
7. দেৰগাঁৱৰ বালিজানত সংঘটিত পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।
শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
8. গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত উপস্থিত মন্ত্ৰী অতুল বৰা।
শোকাৱহ দুৰ্ঘটনাক আহত আৰু নিহতৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।
9. ধেমাজি জিলাৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত লাইমেকুৰী গাঁও পঞ্চায়তত অনুষ্ঠিত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ অনুষ্ঠান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে
সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু,
জিলাৰ উপ- আয়ুক্ত শান্তনু গগৈ, মুৰ্কংচেলেকৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, গাঁও পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলি, জিলা পৰিষদৰ সদস্য অতুল পেগু, বিশিষ্ট সমাজকৰ্মী ৰূপা কামান, শিৱ দলে, পাৰ্থ ছেত্ৰী, ৰানু গগৈৰ লগতে স্থানীয় ৰাইজ।
10. ‘ঘন কুঁৱলীৰ মাজত মানুহে পুৱাতে পিকনিক আৰম্ভ কৰিব নালাগে।
আজি আৰক্ষীয়ে জাৰি কৰে SOP।
কুঁৱলী কমাৰ পাছতহে চলাব পাৰিব বাহন।
ঘন কুঁৱলীত বাহন চলালে এনেকুৱা দুৰ্ঘটনা হৈয়েই থাকিব’।
দুৰ্ঘটনা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
11. উৎকোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক ইবো তম্বি সিনহা।
৫ হাজাৰ উৎকোচ বিচাৰি দুৰ্নীতি নিবাৰকৰ জালত পৰে ৰঙিয়া থানাৰ SI গৰাকী।
12. পঞ্জাৱৰ লুধিয়ানাত বিধ্বংসী অগ্নিকাণ্ড।
উৰণসেতুৰ ডিভাইডাৰত খুন্দা মৰি জ্বলি উঠে এখন তেলৰ টেংকাৰ।
13. ইৰানত ভয়ংকৰ বোমা বিস্ফোৰণ।
বিস্ফোৰণত ১০০ৰো অধিক লোকৰ মৃত্যু হয়।
এই পৰ্যন্ত ১০৩ জন লোক মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে।
বোমা বিস্ফোৰণত আহত হয় ২ শতাধিক লোক।
জেনেৰেল কাছিম ছুলেমানীৰ সমাধিৰ কাষতে সংঘটিত হয় এই বিস্ফোৰণ।
14. মহানগৰীত STFৰ অভিযান।
যোৰাবাটৰ পৰা জব্দ কৰে নকল সোণ।
লগতে গ্ৰেপ্তাৰ কৰে তিনিজন নকল সোণ সৰবৰাহকাৰী।
15. জুৰীয়াত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
ড্ৰাগছসহ আটক কৰে এটা কুখ্যাত সৰবৰাহকাৰী।
২৭টা কণ্টেইনাৰভৰ্তি ৩৬.২৩ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ।
আটকাধীন সৰবৰাহকাৰীটো উদমাৰিৰ জাকিৰ হুছেইন।
16. প্ৰস্তুত কৰা হয় নাগৰিকত্ব সংশোধনী আইনৰ নিয়মসমূহ।
লোকসভা নিৰ্বাচনৰ পূৰ্বে জাননী প্ৰকাশৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ।
17. ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ সাহাদত আলীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান।
অভিযানকালত জব্দ কৰে মহাবিদ্যালয়খনৰ বহু আপত্তিজনক নথি-পত্র।
18. গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় বিশিষ্ট শিক্ষাবিদ, সাহিত্য়িক ড০ দিনেশ বৈশ্যৰ ‘বি. বৰুৱা কলেজ’ শীৰ্ষক উপন্যাস আৰু ‘INDIGENOUS METALLURGY AND METAL WARES OF NORTH EAST INDIA’ শীৰ্ষক গ্ৰন্থ।
গ্ৰন্থ দুখনী উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই।
19. দেৰগাঁৱৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৩জনক প্ৰেৰণ কৰা হয় GMCHলৈ ।
JMCHৰ ICUৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে GMCHলৈ।
20. যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত SDGP হৰমিত সিং।
আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় বিষয়াগৰাকীয়ে।
Sangita Dutta News Editor Rnewsindia24.com