10. নাজিৰাৰ ন-মাটি দিহিঙ্গীয়া গাঁৱত ২৮ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ৬ দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভাওনা সমাৰোহ।
সমাৰোহৰ লাইখুঁটা স্থাপন কৰে কলিয়াপানীৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে।
11. মহানগৰীৰ লাখটকীয়াৰ পৰা অনুপ ডেকা নামৰ এজন যুৱকৰ পৰা নিশা তিনি দুৰ্বৃত্তই কাঢ়ি নিছিল ম’বাইল, মানীবেগকে ধৰি বহু সামগ্ৰী।
যুৱকজনৰ এজাহাৰৰ ভিত্তিত লাখটকীয়াৰ ২নং গেটত অভিযান চলাই তিনি ডকাইতক গ্ৰেপ্তাৰ কৰে পানবজাৰ আৰক্ষীয়ে।
ধৃত ডকাইতকেইটা বিকাশ ফুকন, ৰোহিত আলী আৰু মেহবুব আলী ।
12. মুকালমুৱাৰ দৰঙ্গীপাৰাত আটক ড্ৰাগছ সৰবৰাহকাৰী ।
সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ৫৯৫টা নিচাযুক্ত টেবলেট, এটা মোবাইলৰ লগতে এখন দুচকীয়া বাহন।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চফিকুল হ’ক।
13. ২০২২-২৩ বৰ্ষত নিৰ্বাচনী ট্ৰাষ্টৰ পৰা বিজেপিয়ে লাভ কৰে ২৫৯.০৯ কোটি টকাৰ অনুদান।
দেশৰ ৩৯টা কৰ্পোৰেট গোষ্ঠী তথা ব্যৱসায়ীয়ে আগবঢ়োৱা ৩৬৩ কোটি টকাৰ মুঠ অনুদানৰ ৭০ শতাংশৰো অধিক অৰ্থাৎ সৰ্বাধিক অনুদান লাভ কৰে বিজেপিয়ে।
এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
তালিকাৰ দ্বিতীয় স্থানত আছে তেলেংগানাৰ BRS দল।
BRS দলে লাভ কৰিছে ৯০ কোটি টকা।
আনহাতে, কংগ্ৰেছে লাভ কৰিছে ১৭. ৪০ কোটি টকা।
15. ঘোষণা হ’ল T-20 বিশ্বকাপৰ সময়সূচী।
৪ জুনৰ পৰা ৩০ জুনলৈ অনুষ্ঠিত হ’ব T-20 বিশ্বকাপ।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব প্ৰতিযোগীতা।
প্ৰতিযোগিতাত ২০টা দলে অংশগ্ৰহণ কৰিব।
17. অসম পাঞ্জা সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ মাধুৰ্য্য ডেকাৰ দেহাৱসান৷
নগাঁৱৰ এখন চিকিৎসালয়ত ৪৭ বছৰ বয়সত মৃত্যু হয় খেলুৱৈগৰাকী।
18. শুকুৰবাৰৰ পৰা ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন।
ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছ সেৱাও।
গুৱাহাটীত নচলিব অ’লা-উবেৰ।
৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব এই সেৱা।
যান-বাহনৰ নতুন আইন বাতিলৰ দাবীত এই বন্ধ কাৰ্যসূচী।