Eknath Shinde

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 6/2024:- 

1. “প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ সপোন পূৰণ কৰিলে”- মন্তব্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ।

2. “হাস্পাতালৰ পৰা সুস্থ হৈ উঠে মোহন খ্যাত দ্বীপজ্যোতি কেওঁট”।
ফেচবুকৰ জৰিয়তে সদৰি কৰে অভিনেতা গৰাকীয়ে।

3. কাছাৰ জিলাৰ উদাৰবন্দ ডি.এন.এইছ.এছ. বিদ্যালয় খেলপথাৰত অনুষ্ঠিত খেল মহাৰণ ২০২৩-২৪’।
উক্ত কাৰ্যসূচীৰ আজি কাছাৰ জিলাভিত্তিত অনুষ্ঠিত হোৱা প্রতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

4. আজিৰে পৰা দুদিনীয়াকৈ ঢেকীয়াজুলি ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মহাসভা।
দেওবাৰে মুকলি সভাত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।
শুভাৰম্ভণি অনুষ্ঠাত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল।

5. বিশিষ্ট শিল্পী ভূপেন উজিৰ অসুস্থ।
শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত শিল্পীগৰাকীক ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত।

6. নিৰ্ধাৰিত কক্ষপথত অৱস্থান ইছৰোৰ আদিত্য-এল ১ৰ।
সূৰ্যৰ অধ্যয়নৰ বাবে ইছৰোৱে প্ৰেৰণ কৰে আদিত্য-এল ১ক।

7. আজি ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰত আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনৰ নেতৃত্বৰ উপস্থিতিত তাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০০ গৰাকী মলুঙক ৩০,০০০ টকাকৈ মুখ্যমন্ত্ৰীৰ বিশেষ এককালীন সাহাৰ্য প্ৰদান কৰে।

8. ঘোষণা হ’ল T-20 বিশ্বকাপৰ সূচী।
১ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’ব বিশ্বকাপৰ মেচ।

9. ২০ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমান লোকসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান জনায় AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ৷
এই সময়ছোৱাত অযোধ্যাত ৰামক প্ৰতিষ্ঠা কৰা হ’ব বাবে ঘৰৰ ভিতৰতে মুছলমান লোকসকলক থাকিব লাগে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।

10. গোৱালপাৰা জিলা কৃষি বিষয়াক গ্ৰেপ্তাৰ৷
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰে কৃষি বিষয়া বুদ্ধেশ্বৰ দাসক।
ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা উৎকোচ লৈছিল বুদ্ধেশ্বৰ দাসে।

11. নগাঁৱত ১৪৪ ধাৰা জাৰি।
জনাঞ্চলত ঢেঁকীয়াপতীয়াৰ বিচৰণৰ বাবে জাৰি কৰে ১৪৪ ধাৰা।

12. সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত পৰে বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ৷
যোৰাবাট আৰক্ষীয়ে আটক কৰে ৰঞ্জিত দত্তৰ পুত্ৰ দ্বীপজ্যোতি দত্তসহ ৩ জন যুৱকক৷
নিশা সুৰাপান কৰি ফৰছুনাৰ গাড়ী চলাই আহিছিল দ্বীপজ্যোতি দত্তই৷

13. গুণোৎসৱৰ মাজতে কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ এখন বিদ্যালয়ত অঘটন৷
হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে প্ৰায় ৬০গৰাকী ছাত্ৰীৰ৷
ৰামকৃষ্ণ নগৰ বিদ্যাপীঠত সংঘটিত হয় এই ঘটনা৷
ছাত্ৰীসকলে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে অচেতন হৈ পৰে৷

14. মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনৰ পৰা চুৰি হোৱা বৈদ্যুতিক মেচিন উদ্ধাৰ৷
RPF-GRPয়ে অভিযান চলাই চুৰি মেচিনসহ গ্রেপ্তাৰ কৰে দুজনক৷
কামাখ্যা RPFৰ পৰিদৰ্শক বিক্ৰম সিঙৰ নেতৃত্বত চলিছিল অভিযান৷
১ জানুৱাৰীত চুৰি হৈছিল ১২ লাখ টকাৰ চিকিৎসালয়ৰ বৈদ্যুতিক মেচিন৷

15. JMCHৰ পৰা পলায়ন কৰা আচামীক আটক৷
নাগালেণ্ডৰ মোককচাঙৰ পৰা আটক কৰে অভিযুক্ত বৃন্দাবন বৰাক৷
২৪ নৱেম্বৰত JMCHৰ পৰা পলায়ন কৰিছিল আচামীটোৱে৷

16. ১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হব ‘ভোগালী মেলা ২০২৪’।
দীঘলী পুখুৰী পাৰত Pride East Entertainments Pvt. Ltd.ৰ উদ্যোগত আৰু কৃষক মৰ্চা, অসম প্ৰদেশৰ সহযোগত ‘ অনুষ্ঠিত হয় ভোগালী মেলা ২০২৪।’

17. বাংলাদেশৰ ঢাকাত যাত্ৰীবাহী ৰে’লত জুই৷
জুইত ভস্মীভূত হয় বেনাপোল এক্সপ্ৰেছৰ ৪টা দবা৷
ফলত ৫ জনকৈ লোকৰ মৃত্যু হয়।
নিৰ্বাচনৰ পূৰ্বে ৰে’লখনত অগ্নিসংযোগৰ সন্দেহ কৰে আৰক্ষীৰ৷

18. গুৱাহাটীৰ ৰে’লৱে ষ্টেচনত জব্দ সোণৰ বিস্কুট।
অবধ আসাম এক্সপ্রেছৰ পৰা জব্দ কৰে ২খন সোণৰ বিস্কুট।
জব্দকৃত ২খন সোণৰ বিস্কুটৰ ওজন ৩২৮ গ্রাম।
GRPৰ অভিযানত জব্দ হয় সোণৰ বিস্কুট ২খন।
গ্রেপ্তাৰ কৰে আলতাৰ খান নামৰ সোণ এটা সৰবৰাহকাৰী।

19. মৰিগাঁও বিহুতলিত কলা বেজ পৰিধান কৰি সাংবাদিকৰ মৌন প্ৰতিবাদ।
সাংবাদিকক জিলা আয়ুক্তই শাৰিৰীকভাবে প্ৰহাৰ কৰাৰ অভিযোগত সাব্যস্ত কৰে এই প্ৰতিবাদ ।
নগাওঁ জিলাৰ আয়ুক্তক অতি শীঘ্ৰেই তদন্ত প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী সাব্যস্ত কৰে।

20. সাংবাদিক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চৰ গৌৰীপুৰত প্ৰতিবাদ।
কলা বেজ পৰিধান কৰি গৌৰীপুৰত সদৌ অসম সাংবাদিক মঞ্চই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *