Atul Bora Keshab Mahanta

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam Jan 8/2024:- 

1. তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰে দৰঙৰ চুমি ভাগৱতীয়ে।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথম স্থান দখল কৰোতা চুমিক সোণৰ পদক পিন্ধাই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

2. ৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।
২৩ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব এই অধিৱেশন।

3. নলবাৰীত অগপৰ বুথ আৰু কৰ্মী সন্মিলন।
উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
লগতে বাইক ৰেলী অংশগ্ৰহণ কৰে অগপ নেতাসকলে।

4. দেশত বিগত বৰ্ষত ৪৬ হাজাৰ ১৫ কোটি টকাৰ GST ফাঁকি।
পোহৰলৈ আহিছে ২৯,২৭৩খন নকল ফাৰ্মৰ তথ্যও।
কৰ ফাঁকিৰ গোচৰত বিগত বৰ্ষত গ্ৰেপ্তাৰ কৰা হয় ১২১জন লোক।
GST ফাঁকিৰ ঘটনাৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ।

5. মাছখোৱা সাংস্কৃতিক প্ৰকল্পত কংগ্ৰেছ সেৱা দলৰ গুৰুত্বপূৰ্ণ বৈঠক।
উপস্থিত থাকে সেৱা দলৰ অধ্যক্ষ লালাজী দেশাই, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, APCC ৰ সভাপতি ভূপেন বৰা, অসম ৰাজ্যিক মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰক আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

6. পঞ্চমবাৰলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় শ্বেইখ হাছিনা।
গোপালগঞ্জ-৩ সংসদীয় সমষ্টিৰ পৰা শ্বেইখ হাছিনাৰ বৃহৎ জয়লাভ।
শ্বেইখ হাছিনাই লাভ কৰে ২,৪৯,৯৬৫টা ভোট।
শ্বেইখ হাছিনা হৈছে দেশখনত আটাইতকৈ বেছি সময় শাসনত থকা প্ৰধানমন্ত্ৰী ।

7. আজি ২ ৰাজপত্ৰিত বিষয়াক SITৰ তলব।
APS কুলপ্ৰদীপ ভট্টাচাৰ্য আৰু সহকাৰী নিয়োগ বিষয়া বিচিত্ৰ গোপাল নাথক তলব কৰে SITএ।

8. আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন।
২২ টা সমষ্টিৰ বাবে অনুষ্ঠিত হয় এই নিৰ্বাচন।
নিৰ্বাচনত অৱতীৰ্ণ হয় মুঠ ৮৭ গৰাকী প্ৰাৰ্থী।
মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৪১ হাজাৰ ১২৪ গৰাকী।

9. নগৰবেৰাত দুৰ্নীতি নিবাৰকৰ জালত উন্নয়ন খণ্ডৰ কৰ্মচাৰী।
আটকাধীন ভাস্কৰ দত্ত।
ছমৰীয়া উন্নয়ন খণ্ডৰ কম্পিউটাৰ সহায়ক ভাস্কৰ দত্ত।

10. কামৰূপ মহানগৰ জিলা পৰিষদৰ CEO দৰথী চুচিয়াঙক বদলি।
পাৰ্ছনেল বিভাগলৈ বদলি কৰে ACS বিষয়া দৰথী চুচিয়াঙক।
কামৰূপ মহানগৰ জিলা পৰিষদৰ CEOৰ দায়িত্ব পৰাগ কুমাৰ কাকতিক।
শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ কেলেংকাৰিত নাম সাঙোৰ খাইছিল চুচিয়াঙৰ।
চন্দ্ৰপুৰ, পানীখাইতি ব্লকৰ বিভিন্ন ঠাইত ৰূপায়ন কৰা হৈছিল প্ৰকল্প।

11. শিৱসাগৰৰ জয়সাগৰৰ বিস্ফোৰণেৰে জড়িত এজনক গ্ৰেপ্তাৰ।
ওদালগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে হিতেশ বৈশ্য নামৰ লোকজনক।
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হিতেশ বৈশ্যক।

12. কৰিমগঞ্জৰ ঝৰায়ালা গাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ।
মৃত যুৱকজনৰ নাম তজমুল হুছেইন।
মৃতদেহটো মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।
কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।

13. গোৱালপাৰাত দুই বনকৰ্মীক চাকৰিৰ পৰা নিলম্বন কৰা হয়।
নিলম্বিত দুই বনকৰ্মীৰ নাম জানিক আলী আহমেদ, মিৰ্জা মুছাৰফ হুছেইন।
কৰ্তব্যত অৱহেলাৰ অভিযোগত নিলম্বন কৰা হয় দুই বনকৰ্মীক।

14. দিল্লীৰ বৈভৱখণ্ডৰ এপাৰ্টমেণ্টত অসমৰ লোকৰ ৰহস্যজনক মৃত্যু।
দেওবাৰে এপাৰ্টমেণ্টত উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ।
দিল্লীত ছফ্টৱেৰ ডেভেলপাৰ হিচাপে কৰ্মৰত আছিল পাঞ্চজন্য পুৰকায়স্থ।
ঘৰ মালিগাঁৱ গোটানগৰ।

15. মহানগৰীৰ চচলত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ।
কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

16. টীয়কৰ ৰাজপথত বাহনত ভয়ংকৰ অগ্নিকাণ্ড।
ৰৈ থকা অৱস্থাতে দওদওকৈ জ্বলে এখন ইণ্ডিগ’ বাহন।
টীয়কৰ নামচিচু সংঘটিত এই কাণ্ড।
কি কাৰণত অগ্নিকাণ্ড হয় জানিব পৰা হোৱা নাই।

17. গোলাঘাটত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট।
চৰকাৰবিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
বহু কেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

18. দেৰগাঁৱৰ ৰাজপথত পুনৰ দুৰ্ঘটনা।
বাদুলিপাৰত ৰেলিঙত খুন্দিয়াই বাগৰি পৰে ৰন্ধন গেছৰ চিলিণ্ডাৰভৰ্তি ট্ৰাক।
দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।

19. মহানগৰীৰ মালিগাঁৱৰ NF ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰীৰ অনশন।
চাৰিদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰে’লৱেৰ কৰ্মচাৰীয়ে।
নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি নীতি প্ৰযোজ্যৰ দাবী।

20. গোৰেশ্বৰ-বগামাটি পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে চাৰিচকীয়া বাহন।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক।
নিহত লোক দুজন পৱন ৰাভা আৰু সঞ্জয় ৰাভা।
নাওকাটাৰ শুক্লাই জলসিঞ্চন প্ৰকল্পৰ কেনেলত বাগৰি পৰে বাহনখন।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *