Dr. Jatin Mipun IPS

ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা মিচিং জনগোষ্ঠীয় প্ৰথম ব্যক্তি ড৹ যতীন মিপুনৰ জীৱনযাত্ৰাঃ

Spread the love

 

যতীন মিপুন জন্ম হৈছিল ১৯৫২ চনৰ ১ আগষ্টত যোৰহাট জিলাৰ গন্ধীয়া মিচিং গাঁৱত ।
তেখেত এগৰাকী প্ৰশাসনিক বিষয়া আৰু বিশিষ্ট লেখক আছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
১৯৯৮ চনত ‘মিচিং সমাজ আৰু সংস্কৃতিৰ পৰিৱৰ্তন আৰু প্ৰগতি’ শীৰ্ষক গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডিগ্ৰী লাভ কৰিছিল।

তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল ধেমাজি মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে।
তাৰ পিছত ১৯৭৯ চনত ডিফুত প্ৰথম জিলা গৱেষক বিষয়া হিচাপে যোগদান কৰে।
১৯৮০ চনত অসম প্ৰশাসনিক সেৱাত যোগদান কৰে আৰু ধুবুৰীত অতিৰিক্ত সহকাৰী আয়ুক্ত নিযুক্তি লাভ কৰিছিল।
তেওঁ ভাৰতীয় পুলিচ সেৱাত ১৯৮৩ চনত অসম-মেঘালয় কেডাৰত যোগদান কৰিছিল।
ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল।
১৯৯৭ চনত তেখেতে ৰাজ্যিক অগ্নি-নিৰ্বাপক বিভাগ সঞ্চালক হিচাপে যোগদান কৰে।
২০০২ চনত আৰক্ষী মহাপৰিদৰ্শকলৈ পদোন্নতি লাভ কৰে।

যতীন মিপুনৰ তিনি জন পুত্ৰ আছিল।
তেওঁৰ পত্নী নিলিমা মিপুনো এগৰাকী প্ৰশাসনিক বিষয়া।

তেখেতে ১৯৬৮ চনৰ পৰাই বিভিন্ন আলোচনী আৰু বাতৰি কাকতত লিখা-মেলাৰ কাম আৰম্ভ কৰিছিল। ‘মিক্‌চিজিলি’ শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা “অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা” লাভ কৰিছিল।
এই উপন্যাসখন পৰৱৰ্তী সময়ত নাট্যলৈ ৰূপান্তৰ কৰি দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল।
তেওঁ ‘বাৰ্তা পখিলী’ নামৰ আলোচনীখনৰ মুখ্য সম্পাদক আছিল।
২০০৩ চনত India International Society-য়ে তেখেতক ‘ভাৰত জ্যোতি বঁটা’ প্ৰদান কৰিছিল।

তেখেতে ৰচনা কৰা গ্ৰন্থ সমূহ হৈছে- মিপাক মাগ্ব, অসম দৰ্শন, লজ্জাৰ দেশত লাজ পাই আহিলোঁ, কাংকনৰ পৃথিৱী, তানি আগম, জয়শ্ৰীৰ কথাৰে, কাতি বিহুৰ ৰূপৰেখা, বাৰ্তা পখিলীৰ নিৰ্বাচিত গল্প
আটাই (অপ্ৰকাশিত), The Mishing of Assam আদি।

গৱেষণামূলক গ্ৰন্থখন হৈছে- Development of a new lifestyle.

কবিতা সংকলন- দুপৰ নিশাৰ বাঁহীত

২০০৭ চনৰ ১০ জানুৱাৰীত ৫৪ বছৰ বয়সত গোৱাত তেওঁৰ মৃত্যু হয়।

তেখেতৰ যুগজয়ী সৃষ্টি আৰু কৰ্মৰাজি নতুন প্ৰজন্মৰ বাবে সদায়েই অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *