Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 10/2024:- 

1. কলাক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা।
উপস্থিত থাকে ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা, আৰু বহু গণ্য মান্য ব্যক্তি।
“২০২৭ত ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হ’ব”- মন্তব্য জে পি নাড্ডাৰ।

2. অসম লোকসেৱা আয়োগত দুজনকৈ সদস্য নিযুক্ত।
অৱসৰপ্রাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাক APSCৰ সদস্য নিযুক্ত আৰু অৱসৰপ্রাপ্ত IPS বিষয়া দেৱৰাজ উপাধ্যায়কো APSCৰ সদস্য নিযুক্ত।

3. মা কামাখ্যা ধামত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷
মা কামাখ্যাৰ আশিস ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে৷

4. ভাৰততে অনুষ্ঠিত হ’ব IPL 2024।
বিশেষ সূত্ৰ অনুসৰি ২২ মাৰ্চৰ পৰা ভাৰততে অনুষ্ঠিত হ’ব IPL 2024।

5. উৎকোচ লৈ চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শক চিণ্টু দাসক গ্ৰেপ্তাৰ৷
জব্দকৃত বাহন মোকলাই দিয়াৰ নামত ১০ হাজাৰ টকা উৎকোচ লৈছিল ঢালিগাঁও টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চিণ্টু দাসে৷

6. ২৩ জানুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা৷
USTMত চাৰি ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব ৰাহুল গান্ধী৷

7. ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী।
১৭ জানুৱাৰীত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।
ডিফুৰ তাৰালাংছ’ৰ কাৰ্বি পিপ’লছ হলত ১৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী।

8. গোৱালপাৰাৰ পঞ্চৰত্নত উচ্ছেদ প্ৰশাসন বন বিভাগৰ৷
অৰ্ধশতাধিক বাসগৃহত চলে বুলড’জাৰ৷
পঞ্চৰত্ন পাহাৰৰ সমীপত বসবাস কৰা লোকসকলক উচ্ছেদ কৰা হয়।
দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এই উচ্ছেদ অভিযান চলাই প্ৰশাসনে।

9. ধুবুৰী জিলাত ১,৯১৮খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ।
জিলাখনত মুঠ ২,৭২,০১৮ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে গুণোৎসৱত।

10. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান।
আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে।

11. ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ নলয় কংগ্ৰেছে৷
আয়োজকসকলে জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান কংগ্ৰেছ নেতৃত্বৰ৷
এই সন্দৰ্ভত আজি দলটোৱে প্ৰকাশ কৰিছে বিবৃতি৷
অনুষ্ঠানত RSS-BJPয়ে ৰাজনীতিকৰণ কৰাৰ অভিযোগ কংগ্ৰেছৰ৷

12. ‘পুনৰ অসমত আৰম্ভ হ’ব CAA বিৰোধী আন্দোলন’৷
আন্দোলন পুনৰ গঢ়ি তোলাৰ দাবী ড° হীৰেন গোহাঁইৰ৷

13. কাৰ্বি আংলঙৰ লাংহিনত ভয়ংকৰ দুৰ্ঘটনা৷
শৰকাঠি দলঙত খুন্দিয়াই তলত পৰে এখন ১২ চকীয়া ট্ৰাক৷
গুৰুতৰভাৱে আহত হয় ট্ৰাক চালক জীয়াবুৰ ৰহমান।

14. বকোৰ নামশান্তিপুৰত বন্যহস্তীৰ আক্রমণ।
বনৰীয়া হাতীৰ আক্রমণত নিহত হয় এজন লোক।
নিহত লোকজন কটাহবাৰী গাঁৱৰ অনিল ৰাভা।

15. GMCHত চিকিৎসাধীন অৱস্থাত নিৰুদ্দিষ্ট এজন যুৱক।
৭ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে তামুলপুৰৰ দীনেশ বড়ো।
GMCH কৰ্তৃপক্ষৰ লগতে আৰক্ষী চকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ।

16. আদানি গ্ৰুপে অহা পাঁচ বছৰত গুজৰাটত ২ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।
ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ত এই কথা উল্লেখ কৰে গৌতম আদানীয়ে৷
২ লাখ বিনিয়োগে ১ লাখ চাকৰি সৃষ্টিত সহায় কৰিব বুলিও মন্তব্য কৰে গৌতম আদানীয়ে৷

17. গহপুৰত ডেংগীত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু।
মহিলা গৰাকী চেংমৰাৰ গুণেশ্বৰী বৰা।
ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে।

18. শিলচৰৰ মধুৰাপুলত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যু হয় এজনৰ।
নিহত লোকজন নজৰুল হক বৰভূঞা।

19. ৰহাত নকল সোণ ৰমৰমীয়া বেহা।
আৰক্ষীয়ে ৰহাৰ দীঘলিআটীৰ পৰা আটক কৰে নকল সোণৰ ৩ সৰবৰাহকাৰীক।
আটকাধীন সৰবৰাহকাৰী ক্ৰমে-আজিজুৰ ৰহমান, হবিবুৰ ৰহমান আৰু আফাজুদ্দিন।

20. কাজিৰঙাত পক্ষী গণনা আৰম্ভ।
মঙলবাৰৰ পৰা আৰম্ভ হয় পক্ষী গণনা।
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন কৰে গণনা কাৰ্য।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *