Atul Bora

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

1. ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন।
১ ফেব্রুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্রীয়ে।
ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মূৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন।

2. দীঘলীপুখুৰীত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ উদ্যোগত অনুষ্ঠিত হয় ভোগালী মেলা।
মেলাৰ উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ভোগালী মেলা।

3. আটাছুৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় বসন্ত গগৈ।

4. ‘কোনোবাই ভাওনা কৰিবলৈ আহিলে কোনে ভাওনা চাব’।
ৰাহুল গান্ধীয়ে আৰম্ভ কৰিবলগীয়া ন্যায় যাত্ৰাক ভাওনা আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।
ৰাহুল গান্ধীক পৰ্যটক আখ্যা দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

5. ৬.১ প্ৰাৱল্যৰ ভূঁইকঁপে জোকাৰিলে আফগানিস্তান।
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাবুলৰ উত্তৰ-পূব অংশ।
উত্তৰ ভাতৰত জোকাৰণি অনুভূত হয়।

6. ১৬ জানুৱাৰীৰ পৰা ৪২ লাখ ৮৫ হাজাৰ ৭৪৫গৰাকী ব্যক্তিক ৰেচন কাৰ্ড দিব ৰাজ্য চৰকাৰে।
মুঠ ১০ লাখ ৭৩০০টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড।
ৰেচন কাৰ্ড পোৱা মানুহে পাছলৈ লাভ কৰিব অৰুণোদয় আঁচনি।
সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

7. আজিৰে পৰা আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা।
সন্ধিয়া ৭ বজাত মোহালিত অনুষ্ঠিত হয় শৃংখলাৰ প্ৰথমখন মেচ।
টীম ইণ্ডিয়াৰ T20 দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই।
আজিৰ মেচত অংশ নলয় বিৰাট কোহলিয়ে।

8. শিলচৰত আৰক্ষীৰ অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান।
অভিযানত জব্দ কৰে এখন চোৰাং চুপাৰিভৰ্তি ট্রাক।
ট্রাকখনৰ পৰা উদ্ধাৰ কৰে ৬১ বস্তা বাৰ্মিজ চুপাৰি।

9. জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক EDৰ তলব।
মানি লণ্ডাৰিঙৰ গোচৰত সোধা-পোছাৰ বাবে তলব ।
বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

10. হাটশিঙীমাৰীত উপস্থিত হয় IGP দিলীপ কুমাৰ দে’।
আৰক্ষী জোৱান কুশল কলিতাৰ মৃত্যুৰ তদন্তৰ বাবে উপস্থিত হয় IGP গৰাকী।

11. ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা’ আঁচনি মুকলি।
গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটেৰে জড়িত মহিলাসকললৈ এই সুবিধা।
গ্ৰামাঞ্চলৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা।
আঁচনিখনৰ বাবে কেইবাটাও চৰ্ত আৰোপ ৰাজ্য চৰকাৰৰ।
সাধাৰণ জাতি আৰু OBCৰ মহিলাৰ থাকিব নোৱাৰিব তিনিটাতকৈ অধিক সন্তান।
মৰাণ, মটক জনগোষ্ঠীৰ মহিলাৰ থাকিব লাগিব ৪টাকৈ সন্তান।
অনুসূচিত জাতি-জনজাতিৰ মহিলাৰো ৪টাতকৈ অধিক হ’ব নোৱাৰিব সন্তান।
এই আঁচনিৰ জৰিয়তে প্ৰথম বছৰত পাব ১০ হাজাৰকৈ টকা।
দ্বিতীয় বছৰত বেংকে ১২,৫০০ টকা আৰু চৰকাৰে দিব ১২,৫০০ টকা।
১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ পঞ্চায়তত উপলব্ধ হ’ব প্ৰ-পত্ৰ।

12. বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নলবাৰীৰ ঘগ্ৰাপাৰত পুনৰ ১৪৪ ধাৰা জাৰি কৰা হয়।
বিভাগীয় হাতী-এক্সকেভেটৰেৰে হাতী খেদাৰ প্ৰয়াস বন বিভাগ আৰু জিলা প্ৰশাসনৰ।

13. ভূমি নথি কেলেংকাৰিৰে জড়িত গ্ৰেপ্তাৰ মণ্ডল।
মহানগৰীৰ জ্যোতিনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে জীতেন্দ্ৰ তালুকদাৰক।
চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত তালুকদাৰক।

14. মাজুলীত কুঁৱলীৰ বাবে ফেৰীৰ চলাচলত বাধা।
পুৱা ৭.৩০ বজাৰ পৰা নিমাতীৰ-অফলামুখলৈ চলাচল কৰিব পৰা নাছিল ফেৰী।
পানী কমি যোৱাৰ ফলতো কমলাবাৰী-নিমাতীৰ মাজত বন্ধ চলাচল হয়।

15. গোলাঘাটত ড্ৰাগছ বিৰোধী অভিযান।
গোলাঘাটৰ এজন ব্যৱসায়ীৰ ঘৰত লাখ লাখ টকাৰ খমখমীয়া নোট, ১৭খন ATM কাৰ্ড, টকা গণা মেচিন আৰু কোটি টকাৰ হেৰ’ইন জব্দ কৰা হয়।
ব্যৱসায়ীজনৰ নাম নাছিম শ্বেখ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বেখক।

15. শিৱসাগৰ গৌৰীসাগৰ চাৰিং দুৱৰাপাৰত পথ দুৰ্ঘটনা।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৪ জনকৈ লোক।

16. পিতা-পুত্ৰসহ ৩গৰাকী মেইটেই লোকৰ মৃতদেহ উদ্ধাৰ।
মনিপুৰৰ বিষ্ণুপুৰ জিলাৰ কুম্বি হাওতাকত উদ্ধাৰ কৰা হয় মৃতদেহকেইটা।
আজি পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে তিনিওটা মৃতদেহ।
মৃতদেহকেইটা ইম্বুচা মেইটেই, আনন্দ মেইটেইৰ।
কুকি দুষ্কৃতিকাৰীয়ে লোককেইজনক হত্যা কৰাৰ সন্দেহ।

17. হোজাই আৰক্ষীৰ অভিযান।
লামডিং বনাঞ্চল, সৰ্থেগাঁও অঞ্চলত অভিযান চলাই জব্দ কৰে ৩টা হাতেসজা বন্দুক।
সোধা-পোছাৰ বাবে এজনক আটক কৰে আৰক্ষীয়ে।

18. অৰুণাচল প্ৰদেশৰ লাজুত আত্মসমৰ্পণ দুই আলফা (স্বাঃ) কেডাৰৰ।
আত্মসমৰ্পণ মনোজ বুঢ়াগোহাঁই ওৰফে প্ৰমোদ অসম আৰু মচুদ কৰিম সৰকাৰ ওৰফে ফটিক অসমৰ।
আলফা (স্বাঃ)ৰ ম্যানমাৰ শিবিৰৰ পৰা পলায়ন কৰি আহি আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰিছে দুয়োগৰাকীয়ে৷
মনোজ বুঢ়াগোহাঁইৰ ঘৰ ডিগবৈৰ টিংৰাইত আৰু মচুদ কৰিম সৰকাৰৰ ঘৰ দক্ষিণ শালমাৰাৰ শান্তিপুৰত৷

19. হোজাই মোৰাঝাৰত যোগান আৰু কৃষি বিভাগৰ অভিযান।
অভিযানত ধানভৰ্তি দুখন ট্ৰাক জব্দ কৰে যোগান বিভাগে।

20. ভুৱা ডক্তৰেট ডিগ্ৰীধাৰীৰ বিৰুদ্ধে চৰকাৰে চলাব অভিযান।
‘বিশ্ববিদ্যালয়ৰ পৰা ‘সন্মানীয় ডক্তৰেট’ ডিগ্ৰী লাভ কৰা লোকে নামৰ আগত লিখিব নোৱাৰিব…’ড০’ – মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *