PM Narendra Modi

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 12/2024 :- 

1. দেশৰ দীৰ্ঘতম সমুদ্ৰ সেঁতু মুকলি।
মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ছয়লেনযুক্ত অটল সেঁতু।

2. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘যুৱ নেতৃত্ব সমাৰোহ’।
উক্ত সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তিয়ে।

3. মহাৰাষ্ট্ৰৰ নাছিকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোডশ্ব’৷
ৰোডশ্ব’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু বহু গণ্যমান্য ব্যক্তিয়ে।

আনহাতে, মহাৰাষ্ট্ৰৰ নাছিকৰ ৰামকুণ্ডত পূজা-অৰ্চনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

4. চাংসাৰিত NHMৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুকলি কৰে NIPERৰ নতুন চৌহদ।
উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু গণ্যমান্য ব্যক্তি।

5. গুৱাহাটীত ‘পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটী আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।

6. দীঘলীপুখুৰীৰ অনুষ্ঠিত হোৱা ভোগালী মেলাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
প্ৰত্যেকখন বিপণিৰ বিভিন্ন সামগ্ৰীৰ সোৱাদ লয় মুখ্যমন্ত্ৰীয়ে।
উপহাৰ পোৱা মাছসমূহ অনাথ আশ্ৰমত বিলাই দিব বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

7. আগন্তুক ৪ দিনলৈ সেমেকা হৈ থাকিব ৰাজ্যৰ বতৰ৷
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী৷
ৰাজ্যৰ ভিন্ন ঠাইত ঘন কুঁৱলীয়ে আৱৰি থকাৰো সম্ভাৱনা৷
মাঘ বিহুৰ সময়ছোৱাতো অব্যাহত থাকিব সেমেকা বতৰ৷

8. ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
অসমৰ বিপণিসমূহ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

9. শিৱসাগৰবাসীৰ বাবে সু-খবৰ৷
শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব।

10. ৰাজ্যবাসীৰ বাবে দুঃখবৰ৷
আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা৷
বন্ধ থাকিব উত্তৰ-পূবৰ ৭ টাকৈ গেছ প্ৰকল্পৰ পৰিবহণ সেৱা৷
বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, দুলীয়াজান বটলিং প্লাণ্টৰ পৰিবহণ সেৱা৷

11. ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা৷
ভক্তৰ বাবে সাজু কৰা হয় ৪৫ টন লাড়ু৷
প্ৰসাদ হিচাপে ভক্তসকলক দিয়া হ’ব এই লাড়ু।
বিশুদ্ধ ঘিউৰে প্ৰস্তুত কৰা হয় লাড়ুসমূহ৷
বাৰানসীত প্ৰস্তুত কৰা হয় লাড়ুসমূহ।

12. ভোগালী বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এটি বৰালি আৰু এটি চিতল মাছ উপহাৰ দিয়ে মন্ত্ৰী অতুল বৰাই।Himanta Biswa Sarma , Atul Bora

আনহাতে, উজান বজাৰৰ মৎস্য ব্যৱসায়ীসকলে ভোগালীৰ উপহাৰ হিচাপে
১০ কেজি ওজনৰ এটা চিতল আৰু ৮.৫ কেজি ওজনৰ এটা আৰি মাছ আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীলৈ।

13. অসম চৰকাৰে বাংলাদেশৰ পৰা ল’ব ইন্টাৰনেট সেৱা।
এমট্ৰনে চৰকাৰক দিব পৰা নাই নিয়মীয়া ইন্টাৰনেট সেৱা।
চৰকাৰী কাৰ্যালয়ত এমট্ৰনে যোগান ধৰিব পৰা নাই ইণ্টাৰনেট সেৱা।

14. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত মৎস্য চিকাৰত নিষেধাজ্ঞা।
মাঘৰ উৰুকাত মাছ ধৰাত নিষেধ প্ৰদান কৰে প্ৰশাসনে।
জিলা প্ৰশাসনে জাৰি কৰে ১৪৪ ধাৰা।
মৎস্য চিকাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

15. কলকাতাৰ TMC মন্ত্ৰীৰ বাসগৃহত EDৰ অভিযান৷
মন্ত্ৰী সুজিত বসুৰ বাসগৃহত চলে অভিযান৷
নগৰ নিগমৰ চাকৰি কেলেংকাৰি সন্দৰ্ভত চলে এই অভিযান৷

16. মহানগৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু।
বিগত কিছুদিন ধৰি মানসিক ৰোগৰ চিকিৎসা চলি আছিল কিশোৰীগৰাকীৰ ।
নিজৰ কোঠাতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ।
বশিষ্ঠ আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
ঘটনাস্থলীত উপস্থিত হৈ তদন্ত CID, ফৰেনছিক দলৰ।

17. মহানগৰীত খাৰঘুলিত পুনৰ ফুটিল পানীৰ পাইপ।
জয়পুৰ হাতীশিলৰ ৰাজপথত পানীৰে উপচি পৰে।

18. দুঃখবৰ।
কলিয়াবৰৰ মিছা ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে বাহন৷
থিতাতে নিহত হয় একে গাঁৱৰে তিনিজনকৈ যুৱক।
মৃত যুৱক কেইজন অৰ্জুন তাতি, অমৃত বিশ্বাস, ৰাহুল বিশ্বাস।

19. নুনমাটিৰ নিজৰাপাৰত মহিলাৰ ৰহস্যজনক মৃত্যু।
ঘৰৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ মহিলাগৰাকী।
মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট।
মৃত মহিলাগৰাকীৰ নাম মুনমুন বেগম।
২০০৪ চনত মহিলাগৰাকীৰ স্বামীকো হত্যা কৰিছিল দুৰ্বৃত্তই।

20. মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ আব্দুল ছালাম ভুট্টাভিৰ মৃত্যু৷
হাফিজৰ মৃত্যুৰ তথ্য নিশ্চিত কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে৷
হৃদৰোগত আক্ৰান্ত হৈ ২০২৩ৰ ২৯ মে’ত মৃত্যু হৈছিল হাফিজৰ৷
লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য আছিল হাফিজ আব্দুল ছালাম ভুট্টাভি।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *