Arvind Kejriwal

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam Jan 13/2024:- 

১/ ১৮ জানুৱাৰীত EDৰ সন্মুখত হাজিৰ হ’ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷
চতুৰ্থবাৰৰ বাবে ED-এ চমন জাৰি কৰে কেজৰিৱাললৈ৷
দিল্লীৰ সুৰানীতি কেলেংকাৰিক লৈ চমন জাৰি কৰা হয়।

২/ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ভোগালী বিহুৰ প্ৰাকক্ষণত নসত্ৰত সেৱা লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

৩/ ২১ জানুৱাৰীত অসমলৈ আহিব মল্লিকাৰ্জুন খৰ্গে ।
কলিয়াবৰৰ এখন বিশেষ সভাত ৰাহুল গান্ধীৰ সৈতে অংশগ্ৰহণ কৰিব AICCৰ সভাপতিগৰাকীয়ে।

৪/ মাঘ বিহুৰ আৰম্ভণিতে ১৬ জানুৱাৰীত অসম চৰকাৰে ৭৫০ কোটি টকাৰ ঋন ল’ব।

৫/ বিশিষ্ট ঔপন্যাসিক ড০ কৰবী ডেকা হাজৰিকালৈ ২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা।
কাৰ্বি আংলঙৰ বকলীয়াঘাটত প্ৰদান কৰা হ’ব এই বিশেষ বঁটা।

৬/ কোকৰাঝাৰত বিজেপি-UPPLৰ বিশাল যোগদান সভা।
বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ যোগদান সভা।
উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু বহু গণ্য মান্য ব্যক্তি।

৭/ “কৰ নিদিলে সম্পত্তি জব্দ কৰিব প্ৰশাসনে।
কাটি দিয়া হ’ব আপোনাৰ বিদ্যুতৰ সংযোগ।
বান্ধি দিলে শেষ সময়সীমা”- GMCৰ আয়ুক্ত মেঘা নিধি দাহাল আৰু মেয়ৰ মৃগেন শৰণীয়াৰ এই ঘোষনা।

৮/ আজিৰে পৰা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্বি যুৱ মহোৎসৱ৷
উদুলি-মুদুলি ডিফুৰ তাৰালাংছ’ৰ বাকৰি৷
১৭ জানুৱাৰীত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।

৯/ মল্লিকাৰ্জুন খৰ্গেক I.N.D.I.A. মহাজোঁটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

১০/ চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈক নিলম্বন কৰে জিলা প্ৰশাসনে৷
মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতিছিল প্ৰধান শিক্ষকগৰাকীয়ে৷

১১/ লিডুৰ পেট্ৰ’ল পাম্পত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মত্যু৷
ডিপোত তেল সংগ্ৰহ কৰিবলৈ আহি মৃত্যু হয় শ্ৰমিক গৰাকী ৷
মৃত শ্ৰমিকজনৰ নাম পাপু বৰুৱা৷
টিৰাপ কলিয়ৰী ভাৰত পেট্ৰ’ল পাম্পত সংঘটিত হয় এই ঘটনা৷

১২/ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত কলিয়াবৰৰ মিছাত শোকাৱহ পথ দুৰ্ঘটনা৷
যাত্ৰীবাহী বাছে মহটিয়ালে ৮ বছৰীয়া এটি কণমানি শিশুক৷
থিতাতে নিহত হয় শিশুটো।
নাম বিনীতা কৈৰী৷

১৩/ গোৱালপাৰাৰ উচ্ছেদিত এলেকাত অঘটন।
প্রচণ্ড ঠাণ্ডাত প্রাণ গ’ল এজন ৫৫ বছৰীয়া লোকৰ।
ব্যক্তি গৰাকীৰ নাম বয়াত আলি।

১৪/ নেপালৰ ডং জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা।
দুৰ্ঘটনাত দুজন ভাৰতীয় সহ ১২ জন লোকৰ মৃত্যু হয়।

১৫/ গুৱাহাটীৰ হোটেলত বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ।
পল্টনবজাৰৰ হোটেল KKত গ্ৰাহকৰ পৰা প্ৰায় ২০ লাখ টকাৰ জালনোট জব্দ কৰে আৰক্ষীয়ে।

১৬/ লখিমপুৰৰ লালুক চাৰিআলিত আছুৰ সহযোগত অভিযান।
জব্দ কৰা হয় ৬খন গৰুভৰ্তি বাহন।
আছুকৰ্মী আৰু ৰাইজে কৰায়ত্ত কৰে বাহন।
গোগামুখৰ পৰা তেজপুৰ অভিমূখী  আছিল গৰুভৰ্তি বাহনকেইখন।

১৭/ “নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ হাজাৰ হাজাৰ জনতাৰ সৈতে অন্যায় হৈছে।
দেশবাসীৰ বাবে ন্যায়‌ বিচাৰি ৰাহুল গান্ধীয়ে যাত্ৰা কৰিব”-
কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ মন্তব্য।

১৮/ মহানগৰীত বুজন পৰিমাণৰ জালনোট উদ্ধাৰ৷
হোটেল KKৰ পৰা উদ্ধাৰ কৰে ২০লাখ টকাৰ জালনোট৷
কৰিমগঞ্জৰ পৰা আনিছিল জালনোটখিনি৷
কৰিমগঞ্জৰ আলী হুছেইনে নামৰ লোকজনে জালনোট দিছিল হোটেলত৷

১৯/ ছিপাঝাৰত আৰক্ষীৰ জালত ৩টা গভাইত চোৰ।
চোৰ ৩টাৰ পৰা এখন চাৰিচকীয়া বাহনসহ এটা চুৰি ছাগলী জব্দ কৰে।

২০/ মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড।
খনি পালাভাৰ ব্লিডিঙত সংঘটিত হয় এই অগ্নিকাণ্ড।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *