ভোগালী বিহু

ভোগালী বিহুৰ শুভেচ্ছাৰে-

Spread the love

আজি বাপতি সাহোন ভোগালী বিহুৰ উৰুকা-

           অসমীয়াৰ প্ৰতিখন ঘৰৰ পাকঘৰত উদুলি মুদুলি পৰিবেশ।
হাঁহে-মাহে এসাঁজ খাবলৈ সাজু চহা অসমীয়া।

ভেলাঘৰ, মেজি সজাৰ বাবে দিনে নিশাই ব্যস্ত।
উজনিৰ পৰা নামনিলৈ পুৱাৰে পৰা বজাৰত ভিৰ কৰিছে জনতাই।

ধনী-দুখীয়া সকলোৱে মিলি এসাঁজ উদৰ পূৰাই খোৱাৰ আনন্দই হৈছে ভোগালী বিহু।
প্ৰচণ্ড শীতকো নেওচি নৈ, বিলৰ হিম চেঁচা পানীত নামিছে ৰাইজ।

পুৱতি নিশাৰে পৰা উদুলি মুদুলি হৈ পৰিছে নৈ বিলৰ পাৰ।
ৰৌ, বৰালী , ভকোৱা , চিতল , আৰি আদি ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ মাছ বজাৰ সমূহ ৷

আনহাতে, গাঁৱৰ আখলত জীয়ৰী বোৱাৰীৰ লাড়ু, পিঠা বনোৱাৰ পূর্ণ প্রস্তুতিৰে উখল-মাখল।

বিভিন্ন স্থান, বিভিন্ন গাঁও, চহৰত ভোগালী বিহু উদযাপনৰ আয়োজন কৰিছে স্থানীয় উদ্যোক্তাসকলে৷
বিভিন্ন খেল–ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছে বিভিন্ন স্থানত৷

এনেদৰে জাতীয় উৎসৱ ভোগালী বিহু উদযাপনৰ বাবে সমগ্র অসমবাসী প্রস্তুত হৈ উঠিছে৷

মুঠৰ ওপৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সীমাহীন ব্যস্ততা।
উৰুকাৰ নিশা মাছে–মঙহে হেঁপাহেৰে এসাঁজ খাই ভোগালীক আদৰাৰ বাবে সাজু অসম আৰু অসমীয়া।

কাৰণ এয়া ভোগৰ উৎসৱ। অসমীয়াৰ হেঁপাহৰ ভোগালী।

সদৌটিলৈকে Rnewsindia24.com তৰফৰ পৰা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

অসূয়া-অপ্ৰীতি বিনাশি মেজিৰ অগ্নিয়ে সমাজখনক আলোকিত কৰি ৰাখক।
ভোগালীৰ সুগন্ধিৰে আশাৰ ভঁড়ালবোৰ পৰিপূৰ্ণ কৰক আৰু আটাইৰে জীৱনবোৰ সুখ-শান্তিৰে ভৰি পৰক।

সকলো কুশলে থাকক।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *