৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Jan 15/2024:-
1. ৩ দিনীয়া উত্তৰ-পূৱ ভ্ৰমনেৰে গুৱাহাটীত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰোপডী মুৰ্মু।
বৰঝাৰ বিমানবন্দৰত ৰাষ্ট্ৰপতি দ্ৰোপডী মুৰ্মুক আদৰণী জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
2. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাইৰ যুঁজ।
সুদীৰ্ঘ ৯ বছৰৰ পাছত হাজোত অনুষ্ঠিত হয় বুলবুলি চৰাইৰ যুঁজ।
উক্ত যুঁজ আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
3. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জ্যেষ্ঠ ভগ্নী ৰাজুবেনৰ দেহাৱসান।
মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
4. অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত ছবিগৃহ মুকলি।
পাঞ্জাবাৰীৰ জোনাকী ক’মপ্লেক্সত ‘আইদেউ’ ছবিগৃহ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা প্ৰাপক ‘অনুনাদ’ৰ শুভ মুক্তি ।
5. প্ৰথমবাৰৰ বাবে মেঘালয়ত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু।
বালজেক বিমানবন্দৰত আদৰণি জনায় মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
6. পহিলা মাঘ অৰ্থাৎ কাইলৈ আহঁতগুৰিত অনুষ্ঠিত হ’ব পৰম্পৰাগত ম’হযুঁজ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ম’হযুজস্থলী পৰিদৰ্শন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকাই।
7. “চৰকাৰী আঁচনিসমূহ আটাইতকৈ পিছপৰা জনজাতীয় ভাই-ভনীসকলৰ ওচৰলৈ যাব লাগে, অত্যন্ত পিছপৰা ভাই-ভনীয়ে কোনো চৰকাৰী আঁচনিৰ পৰা বাদ পৰিব নালাগে ” – মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
8. অযোধ্যাৰ ৰাম মন্দিৰ মুকলিৰ প্ৰাকক্ষণত অযোধ্যালৈ আন এক ভাল খবৰ।
অযোধ্যাই লাভ কৰিব দেশৰ প্ৰথমখন 7 STAR হোটেল ।
হোটেলখনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ।
9. ২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ।
কেইবাখনো সভাত অংশগ্ৰহন কৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।
10. ১৪.৫ কোটি টকাৰে অযোধ্যাত মাটি ক্ৰয় কৰে বিগ বি অমিতাভ বচ্চনে।
11. ‘বন্ধু’ চিনেমাৰ সফলতাৰ পাছত চলিত বৰ্ষত অভিনেতা নয়ন নীলিমে অসমবাসীক উপহাৰ দিব ৩খনকৈ চিনেমা।
গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ মেন্দিপথাৰত এক বিশেষ অনুষ্ঠানত এই কথা সদৰী কৰে অভিনেতাগৰাকীয়ে।
12. আজি হেঁপাহৰ ভোগালী বিহু।
সমগ্ৰ ৰাজ্যত উদযাপন কৰাৰ সমান্তৰালকৈ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত বিহু উদযাপন কৰে বিধায়ক পদ্ম হাজৰিকাই।
পৰম্পৰা অনুসৰি মেজি জ্বলায় বিধায়কগৰাকীয়ে।
13. আজিৰে পৰা আৰম্ভ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ।
দৰং জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ নিগমৰ উদ্যোগত অনুষ্ঠিত হয় মঙলদৈ ভেবাৰঘাট বাছ আস্থানত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২৪ উদ্যাপন।
14. লখিমপুৰৰ বান্দৰদেৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ পৰা প্ৰায় ২০ফুট তললৈ বাগৰি পৰে যাত্ৰীবাহী টাটা এচি গাড়ী।
বাহনখনত আছিল ১৮জনকৈ যাত্ৰী আৰু গুৰুতৰভাৱে আহত হয় আটাইকেইজন।
15. যোৰহাটৰ ঢাপকতা শ্ৰীশ্ৰী মহা বিষ্ণু যজ্ঞ মন্দিৰত পূজা-অৰ্চনা।
দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনাত নিহতসকলৰ আত্মাৰ সদগতি, আহতসকলৰ আশু আৰোগ্য কামনাৰে কৰা হয় পূজা।
অকাল মৃত্যুক আঁকোৱালি লোৱা গোলাঘাটৰ বছা ভৰলুৱা গাঁৱৰ ১১গৰাকী লোকক জনোৱা হয় শ্ৰদ্ধাঞ্জলি।
16. গোলাঘাটৰ মৰঙিৰ লেটেকুজানত শোকাৱহ ঘটনা সংঘটিত হয়।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা বন্যহস্তীৰ।
17. অসমীয়া সুগম সংগীতৰ কণ্ঠশিল্পী বলো দাসৰ দেহাৱসান।
উৰুকাৰ ভোজ-ভাত খাই নিশা হঠাৎ অসুস্থ হৈ পৰে শিল্পীজন।
পুৱতিনিশা নুমলীগড়ৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
বলো দাস ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰবীণ শিল্পী আছিল।
18. দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
কথমপি প্রাণ ৰক্ষা পৰে বাছখনত থকা যাত্রীৰ।
গুৰুতৰভাৱে আহত হয় চেন্ট্র’ বাহনখনৰ ২জন লোক।
আহত দুজনক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্রেৰণ কৰা হয়।
19. উৰুকাৰ নিশা গোৱালপাৰাৰ লক্ষীপুৰৰ কাবাইটাৰীত বিধ্বংসী অগ্নিকাণ্ড।
আব্দুল হুছেইন নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় বহু সামগ্ৰী।
20. পাকিস্তানত ভয়াৱহ ৰূপত মূল্যবৃদ্ধি।
১ ডজন কণীৰ দাম হয় ৪০০ পাকিস্তানী ৰুপি।
ইয়াৰ বিপৰীতে প্ৰতিকেজি মাংসৰ দাম ৬১৫ পাকিস্তানী ৰুপি।
Sangita Dutta Editor in Chief Rnewsindia24.com