বছৰি ৪ লাখ টকাতকৈ কম আয়ৰ লোকে পাব ৰেচন কাৰ্ড।
ৰেচন কাৰ্ড থাকিলে পাব ৫ কেজি চাউল, উজ্জ্বলা আঁচনিৰ সুবিধা।
এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।
4. ঘোষণা হ’ল অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা।
১৭গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বঁটা।
সংবাদমেলত নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
5. আজি আঁহতগুৰিত আনুষ্ঠানিকভাৱে হয় পৰম্পৰাগত ম’হযুঁজ।
লক্ষ্মীনাথ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় এই যুঁজ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই ম’হযুঁজ।
ম’হক যুঁজাবলৈ গোনাম’হক প্ৰশিক্ষণ দি সাজু হৈছে গোৱালসকল।
6. লক্ষ্ণৌৰ হনুমান সেঁতু মন্দিৰত উপস্থিত হয় ৰাজনাথ সিঙক।
মন্দিৰত পূজা-অৰ্চনাও কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
7. পদত্যাগ আৰু গৃহ বিভাগৰ অনুমোদন সন্দৰ্ভত উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাই আনন্দ মিশ্ৰই।
সামাজিক মাধ্যমত বিশেষ পোষ্ট IPS বিষয়াগৰাকীৰ।
8. সৰভোগৰ গৰখীয়া গোসাঁই থানত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল।
ঐতিহাসিক থানখনত আশীষ লয় মন্ত্ৰীগৰাকীয়ে।
9. অসমৰ চাহ জনগোষ্ঠীয় লোকৰ বাবে সুখবৰ।
‘ইটালিয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’লৈ নিৰ্বাচিত হৈছে ছাদ্ৰী ভাষাৰ ছবি ‘মিনি’।
অভিনেতা তথা চলচ্চিত্র নিৰ্মাতা পংকজ মহন্তৰ প্ৰযোজিত ছবি ‘মিনি’।