ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান “মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা” ।
ক্ৰীড়াক্ষেত্ৰলৈ বিভিন্ন সন্মান তথা কৃতিত্ব, অমূল্য অৱদান আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰে।
পূৰ্বতে এই বঁটা “ৰাজীৱ গান্ধী খেলৰত্ন বঁটা” নামেৰে জনাজাত আছিল।
এই বঁটাটি ২০২১ চনত দেশৰ ক্ৰীড়া জগতৰ মহিৰূহ, কিংবদন্তি ক্ৰীড়াবিদ, হকীৰ যাদুকৰ “ধ্যান চান্দ”ৰ নামেৰে পুনঃনামকৰণ কৰা হয়।
২০২০ চনৰ তথ্য অনুসৰি, এই বঁটা বিজয়ী সকলক এটি পদক, এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয়।
১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰীড়াবিদ হৈছে – ভাৰতৰ প্ৰথম দবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ আৰু পাঁচ বাৰ বিশ্ব দবা চেম্পিয়নশ্বিপ বিজয়ী বিশ্বনাথন আনন্দ।
দ্বিতীয় গৰাকী হৈছে – পঙ্কজ আদৱানী ।
তেখেত একমাত্ৰ ক্ৰীড়াবিদ যি দুটা ভিন্ন ক্ৰীড়াক্ষেত্ৰৰ (বিলিয়াৰ্ড আৰু স্নুকাৰ) বাবে এই বঁটা লাভ কৰিছে।
তৃতীয় গৰাকী হৈছে – বক্সাৰ মেৰী কম।
তেখেত এই বঁটা লাভ কৰা উত্তৰ-পূব ভাৰতৰ দ্বিতীয়গৰাকী ক্ৰীড়াবিদ আৰু প্ৰথমগৰাকী হৈছে নামেইৰাকপাম কুঞ্জৰাণী দেৱী।
১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈকে মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা ক্ৰীড়াবিদ সকল ক্ৰমে –
১৯৯১-১৯৯২ চনত দবা বিশ্বনাথন আনন্দ, ১৯৯২-১৯৯৩ চনত বিলিয়াৰ্ড গীত শেঠী, ১৯৯৩-১৯৯৪ চনত য়াচটিঙ হ’মী মতিৱালা,
১৯৯৩-১৯৯৪ চনত য়াচটিঙ পুষ্পেন্দ্ৰ কুমাৰ গাৰ্গ, ১৯৯৪-১৯৯৫ চনত ভাৰাত্তোলন কৰ্ণম মালেশ্বৰী, ১৯৯৫-১৯৯৬ চনত ভাৰাত্তোলন কুঞ্জৰাণী দেৱী, ১৯৯৬-১৯৯৭ চনত লন টেনিছ লিয়েণ্ডাৰ পেজ, ১৯৯৭-১৯৯৮ চনত ক্ৰিকেট শচীন তেণ্ডুলকাৰ, ১৯৯৮-১৯৯৯ চনত এথলেটিকছ জ্যোতিৰ্ময়ী শিকদাৰ, ১৯৯৯-২০০০ চনত হকী ধনৰাজ পিল্লাই , ২০০০-২০০১ চনত বেডমিণ্টন পুল্লেলা গোপীচান্দ, ২০০১ চনত শ্বুটিং অভিনৱ বিন্দ্ৰা, ২০০২ চনত এথলেটিকছ কে. এম. বীণামোল, ২০০২ চনত শ্বুটিং অঞ্জলি ভাগৱত, ২০০৩ চনত এথলেটিকছ অঞ্জু ববী জৰ্জ,
২০০৪ চনত শ্বুটিং ৰাজ্যৱৰ্ধন সিং ৰাথোড়, ২০০৫ চনত বিলিয়াৰ্ড আৰু স্নুকাৰ পঙ্কজ আদৱানী, ২০০৬ চনত শ্বুটিং মনৱীত সিং সান্ধু, ২০০৭ চনত ক্ৰিকেট মহেন্দ্ৰ সিং, ২০০৯ চনত বক্সিং মেৰী কম, ২০০৯ চনত বক্সিং বিজেন্দ্ৰ সিং, ২০০৯ চনত মল্লক্ৰীড়া সুশীল কুমাৰ, ২০১০ চনত বেডমিণ্টন ছাইনা নেহৱাল, ২০১১ চনত শ্বুটিং গগন নাৰং, ২০১২ চনত শ্বুটিং বিজয় কুমাৰ , ২০১২ চনত মল্লক্ৰীড়া যোগেশ্বৰ দত্ত, ২০১৩ চনত শ্বুটিং ৰঞ্জন সোধী, ২০১৫ চনত লন টেনিছ ছানিয়া মিৰ্জা, ২০১৬ চনত বেডমিণ্টন পি. ভি. সিন্ধু , ২০১৬ চনত জিমনাষ্টিকচ দীপা কৰ্মকাৰ, ২০১৬ চনত শ্বুটিং জিতু ৰায়, ২০১৬ চনত মল্লক্ৰীড়া সাক্ষী মালিক , ২০১৭ চনত পেৰালিম্পিক এথলেটিকছ দেৱেন্দ্ৰ ঝাঝাৰীয়া, ২০১৭ চনত হকী চৰদাৰা সিং, ২০১৮ চনত ভাৰাত্তোলন সাইখোম মীৰাবাই চানু, ২০১৮ চনত ক্ৰিকেট বিৰাট কোহলি, ২০১৯ চনত পেৰালিম্পিক এথলেটিকছ দীপা মালিক, ২০১৯ চনত মল্লক্ৰীড়া বজৰং পুনিয়া, ২০২০ চনত ক্ৰিকেট ৰোহিত শৰ্মা, ২০২০ চনত পেৰালিম্পিক এথলেটিকছ মাৰীয়াপ্পান থানগাভেলু,
২০২০ চনত টেবুল টেনিছ মণিকা বাত্ৰা, ২০২০ চনত মল্লক্ৰীড়া বিনেশ ফোগাট,
২০২০ চনত হকী ৰাণী ৰামপাল, ২০২১ চনত এথলেটিকছ নীৰজ চোপ্ৰা,
২০২১ চনত ফ্ৰীষ্টাইল মল্লযুঁজ ৰবি কুমাৰ দাহিয়া, ২০২১ চনত বক্সিং লাভলীনা বৰগোহাঁই , ২০২১ চনত হকী পি. আৰ. শ্ৰীজেশ,
২০২১ চনত পেৰালিম্পিক শ্বুটিং অৱনী লেখাৰা,
২০২১ চনত পেৰা-এথলেটিকছ সুমিত আন্তিল, ২০২১ চনত পেৰা-বেডমিণ্টন প্ৰমোদ ভগত , ২০২১ চনত পেৰা-বেডমিণ্টন কৃষ্ণা নাগৰ,
২০২১ চনত পেৰালিম্পিক শ্বুটিং মনীষ নাৰৱাল, ২০২১ চনত ক্ৰিকেট মিতালী ৰাজ, ২০২১ চনত ফুটবল সুনীল ছেত্ৰী, ২০২১ চনত হকী মনপ্ৰীত সিং, ২০২২ চনত টেবুল টেনিছ অচন্ত শৰৎ কমল , ২০২৩ চনত বেডমিণ্টন চিৰাগ শেট্টী,
২০২৩ চনত বেডমিণ্টন সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী।
২০২৪ বৰ্ষৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগে ঘোষণা কৰে।
শ্বুটাৰ মনু ভাকেৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমপ্ৰীত সিং, বিশ্ব দবা চেম্পিয়ন গুকেশ ডি আৰু পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্ৰবীন কুমাৰলৈ আগবঢ়োৱা হৈছে এই বিশেষ বঁটা।
উল্লেখ্য যে, অহা ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব।
এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ সমূহ জানি থাকিবৰ বাবে Visit কৰিব আমাৰ Website – rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com