৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 15 February 2024 :-
1. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
মুঠ ১৫ টা বিভাগত ৮৪০ গৰাকীক নিযুক্তিপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
2. UAEৰ আবুধাবিৰ সমীপৰ আবু মুৰেইহাহত বৃহৎ মন্দিৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
3. যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
হোলোঙাপাৰাস্থিত লাচিত মৈদাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
4. বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহলৈ ‘দি লিট’ সন্মান ।
অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে এই বিশেষ সন্মান।
5. NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ড০ সমুজ্জল ভট্টাচাৰ্যৰ।
১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ।
কামৰূপ দেৱানী আদালতত ৰুজু গোচৰ।
6. ঢেকীয়াজুলিৰ নৱনিৰ্মিত জগন্নাথ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী।
কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
7. নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ে।
SBIক নিৰ্বাচনী বণ্ড বিক্ৰীত নিষেধাজ্ঞা আৰোপ।
পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে দিয়ে এই ৰায়।
নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য।
৩১ মাৰ্চৰ ভিতৰত ৱেবছাইটত তথ্য ৰাজহুৱা কৰাৰ নিৰ্দেশ।
8. আজিৰে পৰা CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ।
দেশজুৰি প্ৰায় ৩৯ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হয় এই পৰীক্ষাত ।
পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হয় পৰীক্ষা।
9. কাইলৈৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা।
অৱতীৰ্ণ হ’ব ৪লাখ ২৭ হাজাৰ পৰীক্ষাৰ্থী।
মুঠ ৯১৩টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
প্ৰথমবাৰলৈ মেট্ৰিক পৰীক্ষাত থাকিব OMR শ্বীট।
৪টা বিষয়ত থাকিব দুখনকৈ প্ৰশ্নকাকত।
10. মেৰাপানীত সাংসদ পুঁজিৰ অধীনত কেইবাটাও আধাৰশিলা স্থাপন।
সাংসদ গৌৰৱ গগৈয়ে স্থাপন কৰে আধাৰশিলা।
উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।
11. অযোধ্যাৰ ৰাম মন্দিৰ আৰু ৰাম লালা স্মাৰক মুদ্ৰা মুকলি কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
12. গুৱাহাটীৰ পল্টনবজাৰত চাঞ্চল্যকৰ ঘটনা।
CIDৰ উপ পৰিদৰ্শকক আক্রমণ কৰে দুৰ্বৃত্তই।
দুৰ্বৃত্তৰ আক্রমণত আহত হয় CIDৰ SI পিনাক সোণোৱাল।
বি বৰুৱা-চলাপাৰা পথত সংঘটিত হয় এই ঘটনা।
13. এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত পৰিবহণ আয়ুক্ত বেণী মাধৱ দলে।
14. দেশৰ কৃষক আন্দোলনৰ আজি তৃতীয় দিন।
কেন্দ্ৰীয় চৰকাৰৰে তৃতীয়সংখ্যক বৈঠক প্ৰতিবাদী কৃষকৰ।
বিয়লি ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হয় বৈঠক।
চৰকাৰৰ হৈ বৈঠকত থাকে কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য-উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেল, গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়।
15. অৰুণাচল প্ৰদেশৰ টাৱাং ৱাৰ স্মাৰক চৌহদত ‘Bob Khating Day’ উদ্যাপন।
ভাৰতীয় সশস্ত্ৰ বাহিনী, টাৱাং প্ৰশাসন আৰু টাৱাঙৰ স্থানীয় লোকসকলে ১৪ ফেব্ৰুৱাৰীত আয়োজন কৰে এই দিৱস।
16. মহানগৰীত নকল সোণসহ ২ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
কামাখ্যা ৰে’ল জংচনৰ পৰা গ্ৰেপ্তাৰ দুয়োকে।
ধৃত প্ৰৱঞ্চক দুটা আহমেদাবাদৰ ৰবি ঠাকুৰ, মম্ৰতভাই ঠাকুৰ।
17. আমেৰিকাত গুলীচালনাৰ ঘটনা।
চীফ ছুপাৰ বল পেৰেডৰ সময়তে গুলীচালনা।
গুলীচালনাত এজনৰ মৃত্যু হয় আৰু শিশুসহ আহত হয় ২২গৰাকী।
মাৰণাস্ত্ৰধাৰী দুজনক আটক কৰে আৰক্ষীয়ে।
পেৰেডত অংশ লোৱাৰ বাবে সমৱেত হৈছিল সহস্ৰাধিক জনতা।
কাঞ্চাছ চহৰত সংঘটিত হয় এই ঘটনা।
18. দলগাঁৱৰ ১/২ নং বৰুৱাঝাৰত বিধ্বংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ৫টাকৈ পৰিয়ালৰ বাসগৃহ৷
অগ্নিদগ্ধ হৈ মৃত্যু হয় এগৰাকী মহিলা।
19. লাহৰীঘাটৰ ভূৰাগাঁৱৰ বানমূৰীত ভয়ংকৰ অগ্নিকাণ্ড।
ভাৰতীয় পাট নিগম লিমিটেডৰ গুদামত জুইৰ সূত্ৰপাত হয়।
ভস্মীভূত হয় ১ লাখ কুইণ্টলতকৈ অধিক মৰাপাট।
সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰে ADGP এ।
20. বৰমাত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ।
হৰেন্দ্ৰনাথ বসুমতাৰী নামৰ এজনৰ বাসগৃহ আৰু দোকানৰ পৰা জব্দ কৰে ৭২ কাৰ্টন অবৈধ সুৰা।
বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীয়ে ঘৰৰ পৰাই চলাই গৈছিল সুৰাৰ বেহা।
Sangita Dutta Editor in Chief Rnewsindia24.com