৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam February 16 / 2024:-
১/ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিছন বসুন্ধৰা-৩.০ৰ উদ্বোধনী অনুষ্ঠান।
মিছন বসুন্ধৰা-৩.০ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে বহু কেইগৰাকী মন্ত্ৰী বিধায়কৰ লগতে বহু গণ্য মান্য ব্যক্তি।
২/ উচ্চশিক্ষা সঞ্চালকালয়ৰ অধীনত ২৭৩ প্ৰাৰ্থীক সহযোগী অধ্যাপক হিচাপে নিযুক্তি।
নিযুক্তি পত্ৰ বিতৰণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
৩/ দিল্লীৰ আলিপুৰৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তক সাহায্য ঘোষণা অৰবিন্দ কেজৰিৱালৰ।
মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ঘোষণা কৰে।
গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ, সামান্য আঘাতপ্ৰাপ্তলৈ ২০ হাজাৰ টকাকৈ ঘোষণা।
৪/ জনতা ভৱনত Assam Urban Service App মুকলি।
গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ পৰা App আৰু Online Portal মুকলি কৰে মন্ত্ৰী অশোক সিংহলে।
৫/ বিহাৰত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা।
ৰাহুল গান্ধীৰ সৈতে ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰে তেজস্বী যাদৱে।
৬/ ‘কাছাৰত ফাদিল হোৱা নাই কোনো প্ৰশ্নকাকত’৷
এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷
‘এজন শিক্ষকৰ মোবাইলৰ পৰাহে প্ৰশ্নকাকত ভাইৰেলৰ অভিযোগ উত্থাপন হৈছিল, তদন্তৰ অন্তত স্পষ্ট হৈছে এই সকলোবোৰ কথা’৷
৭/ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ।
৮/ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ৷
ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ১৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷
খেৰণিৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত মন্তব্য জি পি সিঙৰ৷
৯/ ২০২৪-২৫ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণি।
অসম ৰাজ্যিক পাঠ্যপুঠি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটীৰ কাৰ্যালয়ত অনুষ্টিত কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।
১০/ মহিলাৰ হাতত সত্ৰ পৰিচালনাৰ দায়িত্ব।
বিশিষ্ট সাহিত্যিক, সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ নিৰুপমা মহন্তক এই গুৰুদায়িত্ব অৰ্পণ।
শিৱসাগৰৰ খাটপাৰ সত্ৰৰ পৰিচালনাৰ দায়িত্বত আছিল ড০ মহন্ত।
প্ৰয়াত সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ বাৰ্ষিক শ্ৰাদ্ধত এই সিদ্ধান্ত গ্ৰহণ।
প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্তৰ মাতৃ নিৰুপমা মহন্ত।
১১/ উত্তৰ কমলবাৰী সত্ৰৰ ৩৫০ বছৰ উপলক্ষ্যে দিল্লীত ‘সত্ৰীয়া সংস্কৃতি সংগম’ শীৰ্ষক অনুষ্ঠান।
কাইলৈ দিল্লী বিশ্ববিদ্যালয়ৰ দৌলতৰাম মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা হ’ব এই অনুষ্ঠান।
অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰায় ৫ হাজাৰ লোকে।
১২/ চিকিৎসালত ভৰ্তি প্ৰিয়ংকা গান্ধী।
অংশগ্ৰহণ কৰিব নোৱাৰে ‘ভাৰত জোড়ো যাত্ৰা’ত।
‘X’ জৰিয়তে জনাই শাৰীৰিক অসুস্থতাৰ কথা।
১৩/ পূৰ্বৰ সূচী অনুসৰি হ’ব CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
পৰীক্ষা পিছুৱাইছে বুলি একাংশই উলিয়াইছিল উৰা বাতৰি।
এয়া সম্পূৰ্ণ ভুৱা খবৰ বুলি স্পষ্ট কৰিলে CBSE-এ।
১৪/ ‘মই ভূপেন বৰা নহয় বাবেই গান-কবিতা গাব নোৱাৰিম।
‘ভূপেন বৰা হৈ গ’লে মোৰ ৰাজনীতি খতম, কবিতা-গান গাই সেইটো ভুল নকৰো’- বিধায়ক ৰূপজ্যোতি কুৰ্মী।
১৫/ ডবকাৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী পোনাৰাম গগৈৰ দেহাৱসান।
কৰ্কট ৰোগত আক্ৰান্ত হৈ ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষাবিদগৰাকীয়ে।
১৬/ ৫০০ কোটি টকা ব্যয় সাপেক্ষে IIT গুৱাহাটীত স্থাপন হ’ব এডভান্স মেডিকেল ৰিচাৰ্চ চেণ্টাৰ।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে এই কথা।
ৰাজ্য চৰকাৰে ব্যয় কৰিব এই পুঁজি।
১৭/ শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী তথা হোটেল ব্যৱসায়ী মুন বৰুৱাৰ দেহাৱসান ।
৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ব্যৱসায়ী গৰাকীয়ে।
১৮/ বোকাখাতত নাবাৰ্ডৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰা “দিচৈ-নিকৰি শম্ভুৰাম মিৰি” সাপ্তাহিক বজাৰগৃহ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
১৯/ মাৰ্ঘেৰিটাত কল ইণ্ডিয়া মজদুৰ সংঘৰ প্ৰতিবাদ৷
কল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুই শতাধিক কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ৷
শীঘ্ৰে টিৰাপ কলিয়ৰীৰ মাইনিং কোম্পানী পুনৰ মুকলিৰ দাবী প্ৰতিবাদকাৰীৰ৷
২০/তিনিচুকীয়াত DSP বিনন্দ বসুমতাৰীৰ ব্যক্তিগত দেহৰক্ষী গুলীবিদ্ধ।
ৰহস্যজনকভাৱে ভৰিত গুলীবিদ্ধ হয় বসন্ত গগৈ৷
Sangita Dutta Editor in Chief Rnewsindia24.com