৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam February 17/2024 :-
1. দিল্লীত দুদিনীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশন৷
ভাৰত মণ্ডপমত বিজেপিৰ মহামন্থন৷
অধিৱেশনত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাদ্দা, মন্ত্ৰী ৰণজিৎ দাস, পীযূষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিমল বৰা, বিধায়ক কৌশিক ৰায় আৰু বহু গণ্য মান্য ব্যক্তি।
2. গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ‘কা’ বিৰোধী গণ সমাৱেশ৷
‘কা’ বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সমাৱেশ৷
উক্ত সমাৱেশ অংশগ্ৰহণ কৰে বিশিষ্ট বুদ্ধিজীৱি হীৰেণ গোহাঁই, AJP, ৰাইজৰ দল, TMC, সাংসদ অজিত কুমাৰ ভূঞা আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
3. প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কৃত দাদু টায়ে৷
দলৰ পৰা বহিষ্কাৰ কৰে APCCৰ সভাপতি ভূপেন বৰাই৷
জাননীযোগে এই কথা উল্লেখ কৰিলে সভাপতিগৰাকীয়ে৷
গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি আছিল টায়ে৷
4. ওদালগুৰিৰ কলাইগাঁৱত বি পি এফৰ CWC বৈঠক।
বৈঠকত উপস্থিত থাকে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
5. ২০২৩ বৰ্ষৰ জ্ঞানপীঠ বঁটা ঘোষণা।
উৰ্দু কবি গুলজাৰ, সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্ৰাচাৰ্যলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটা।
6. উত্তৰ প্ৰদেশৰ গোলগাড্ডাৰ পৰা পুনৰ আৰম্ভ হয় ভাৰত জোড়ো ন্যায় যাত্ৰা।
বিশাল জনতাৰ সৈতে ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
7. কিংবদন্তি অভিনেত্ৰী অঞ্জনা ভৌমিকৰ দেহাৱসান।
৭৯ বছৰ বয়সত এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেত্ৰীগৰাকীক।
8. ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷
অভিযানত উদ্ধাৰ কৰে দুটা চাবোনৰ বাকচসহ ২২.৩৯ গ্ৰাম হেৰ’ইন৷
ৰঙিয়াৰ বালাগাঁৱৰ ইছাহক আলী, আছলাম হুছেইনক আটক কৰে আৰক্ষীয়ে।
9. ৰহাৰ চাপৰমুখত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
জব্দ কৰে ১০টা হেৰ’ইনভৰ্তি বাকচ।
চাবোনৰ বাকচত সৰবৰাহ কৰিছিল ড্ৰাগছখিনি৷
তিনিটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
ধৃত জৰীনা খাতুন, নিজাম উদ্দিন, বাহাৰুল ইছলামক৷
শিলচৰৰ পৰা ৰে’লযোগে চাপৰলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি৷
10. মহানগৰীৰ ৰূপনগৰত চাঞ্চল্যকৰ ঘটনা।
হাউছিং কমপ্লেক্সৰ পৰা পৰি এগৰাকী মহিলাৰ মৃত্যু হয়।
মৃত মহিলাগৰাকীৰ নাম ছুনিয়া দেৱী।
11. গোৱালপাৰাত অব্যাহত চোৰাং কাঠৰ অবাধ বেহা৷
মেঘালয় সীমান্তত বন বিভাগ-আৰক্ষীৰ অভিযান৷
জব্দ কৰে শাল, চেগুন গছৰ কুণ্ডাভৰ্তি ৮খন ট্ৰেক্টৰ৷
12. মহানগৰীত ফুটিল জলব’ৰ্ডৰ পানীৰ পাইপ৷
ভঙাগড়ত পানীৰ পাইপ ফুটি অহৰহ নিৰ্গত হয় পানী৷
13. ৰামলালাক বিশ্ৰাম দিবলৈ দুপৰীয়া ১২:৩০ বজাৰ পৰা ১:৩০ বজালৈ ভক্তৰ বাবে বন্ধ থাকিব অযোধ্যাৰ ৰাম মন্দিৰৰ দুৱাৰ।
14. তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা।
আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত হয় ৯জন লোক।
গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।
15. কামৰূপৰ মিৰ্জাত বুজন পৰিমাণৰ হেৰ’ইন জব্দ৷
৫টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰে ৭০ গ্ৰাম হেৰ’ইন৷
জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ১ কোটি টকা৷
পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ দ্ৰোণা গগৈ, নয়নজ্যোতি শইকীয়া আৰু সুনীল গগৈক৷
অভিযানত আৰক্ষীয়ে জব্দ কৰে এখন অল্টো বাহন।
16. মহানগৰীৰ ৰূপনগৰৰ হাউছফেড কমপ্লেক্সত অঘটন৷
সপ্তম মহলাৰ পৰা পৰি মৃত্যু হয় এগৰাকী মহিলা।
পৰিয়ালৰ সৈতে হাউছফেড কমপ্লেক্সত আছিল মহিলাগৰাকী৷
মহিলাগৰাকী বিহাৰৰ সুনীয়া চেত্ৰী৷
17. BJP যুৱ মৰ্চাৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হয় এজন চাইবাৰ অপৰাধী।
অনলাইন পেজ খুলি বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল ধন।
ধৃত অপৰাধীজন তপোব্ৰত নাৰায়ণ দেৱ।
18. জোনাইত ভয়ংকৰ ঘটনা।
ৰে’লে মহটিয়াই নিলে এখন এল্ট’ বাহন।
বাহনখনৰ এজন আৰোহীৰ ঘটনাস্থলীতে মৃত্যু।
মৃত লোকজনৰ নাম অপূৰ্ব সোণোৱাল।
লাচিত এক্সপ্ৰেছে মহটিয়াই নিয়ে বাহনখন।
19. লখিমপুৰত ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক।
নিহত চিয়াজুলি মাজগাঁৱৰ বিষ্ণু শইকীয়া।
উদ্ধাৰ হোৱা নাই নিহত আনজন যুৱকৰ পৰিচয়।
20. গোলকগঞ্জত নিচাজাতীয় দ্ৰব্য জব্দ৷
বহিঃৰাজ্যৰ পৰা গৌৰিপুৰলৈ সৰবৰাহ কৰে টেবলেট, কফ ছিৰাপ৷
জব্দ কৰে ১৪ হাজাৰ ৮০টা নিচাজাতীয় টেবলেট, ৯৬টা কফ ছিৰাপৰ বটল।
কনক নাথ নামৰ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
Sangita Dutta Editor in Chief Rnewsindia24.com