Sarbananda Sonowal

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam February 20/2024:-

1. বঢ়মপুৰবাসীৰ বাবে সু-খবৰ।
২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বঢ়মপুৰ ছহিদ থগি সূত ক্ৰীড়া প্ৰকল্প।
ক্রিকেট, লন টেনিছ, ইণ্ডোৰ বেডমিণ্টন, বাস্কেট বল আদিৰ প্ৰশিক্ষণ ল’ব পাৰিব খেলুৱৈসকলে।

2. বৰপেটাত স্থাপন হ’ব কেন্দ্ৰীয় বিদ্যালয়৷
প্ৰধানমন্ত্ৰী ঊষা আঁচনিৰ অধীনত স্থাপন হ’ব এই বিদ্যালয়৷
এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷

3. ২৬ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা।
চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবীত সংবাদমেলযোগে এই ঘোষণা কৰে বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে।
সংবাদমেলত উপস্থিত থাকে বিভিন্ন দল-সংগঠন নেতৃবিন্দ।

4. গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰকল্প মুকলি অনুষ্ঠান।
৩০৮ কোটিৰো অধিক টকাৰ প্ৰকল্প মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, কেইবাগৰাকী সাংসদ, বিধায়ক আৰু বহু গণ্যমান্য ব্যক্তি।

5. ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং৷
কিছুদিন পূৰ্বে কাৰাবন্দী খালিস্তানী নেতাৰ কুঠৰীত জব্দ হৈছিল আপত্তিজনক সামগ্ৰী, উন্মোচিত হৈছিল জে’লৰ পৰাই খালিস্তানী নেটৱৰ্ক চলি থকাৰ ভয়ংকৰ তথ্য৷
আজি সেই ঘটনাৰ বুজ ল’বলৈ ডিব্ৰুগড়ত উপস্থিত হয় DGPগৰাকী৷

6. কংগ্ৰেছ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে শংকৰ প্ৰসাদ ৰায়ে৷
ব্যক্তিগত কাৰণত প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ বুলি মন্তব্য কৰে শংকৰ প্ৰসাদ ৰায়ে।

7. কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ বিৰুদ্ধে নকল যোগান ধৰাৰ অভিযোগ৷
আত্মীয় পৰীক্ষাৰ্থীক ছিক বেডত বহাই নকল যোগান ধৰে অধ্যক্ষই৷
আত্মীয় পৰীক্ষাৰ্থীক হলৰ পৰিৱৰ্তে বহাইছিল ছিক বেডত৷
সোমবাৰে অনুষ্ঠিত হোৱা HSSৰ পৰীক্ষাত সংঘটিত হয় এই ঘটনা৷

8. টেলিভিছন অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান৷
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ৷

9. উত্তৰ কোৰিয়াৰ শাসক কিম জঙলৈ ভ্লাদিমিৰ পুটিনৰ বিশেষ উপহাৰ৷
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উপহাৰ হিচাপে দিয়ে এখন বিলাসী বাহন৷
ৰাছিয়াত নিৰ্মিত কোটিটকীয়া অৰুছ ছেনাট লিমোইলছাইন উপহাৰ কিম জঙলৈ৷

10. পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক বাংলাৰ সাংবাদিক ছাণ্টু পানক৷
ঘটনা সংঘটিত হোৱা স্থানত ৰিপ’ৰ্টিং কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে।
মমতা চৰকাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় সাংবাদিকজনক৷

11. GRPৰ অভিযানত বুজন পৰিমাণৰ চোৰাং সোণ জব্দ৷
চলিত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে ৩৫০ গ্ৰাম সোণ৷
তিনিচুকীয়াৰ পৰা উত্তৰ প্ৰদেশলৈ নিয়াৰ চেষ্টা ২২ লাখ টকাৰ সোণ৷
গোপন সূত্ৰৰ পম খেদি GRPয়ে সোণখিনি উদ্ধাৰ কৰে বঙাইগাঁৱত৷
বাহিৰত ৰূপ লগাই ভিতৰত সোণ ভৰাই সৰবৰাহ৷
লোকজনৰ পৰা জব্দ কৰে নগদ ৮০ হাজাৰ টকা।
আটক কৰে উত্তৰ প্ৰদেশৰ বসন্ত লাল নামৰ এজন সৰবৰাহকাৰীটোক।

12. কংগ্ৰছৰ পৰা নিলম্বিত হ’ব পাৰে সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুল ৰছিদ মণ্ডল।
দলীয় অনুশাসন নমনাৰ বাবে কঠোৰ ব্যৱস্থা লোৱাৰ সম্ভাৱনা৷

13. মিজোৰামৰ বৈৰৱীত অঘটন৷
টিলাং নদীত গা ধুবলৈ গৈ ডুব গ’ল ২জন যুৱক৷
এজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু আনজন সন্ধানহীন।

14. মাজুলীৰ পদুমণিত গঁড়ৰ আক্ৰমণত নিহত হয় এজন৷
মৃত লোকজনৰ নাম পদ্ম ভেৰুৱা।

15. বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক৷
তামিলনাডুত সন্ধানহীন গৌৰীসাগৰৰ অনন্ত বৰা নামৰ যুৱকজন৷
১৩ ফেব্ৰুৱাৰীত তামিলনাডুলৈ ৰাওনা হৈছিল যুৱকজন৷
তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন৷

16. গোৱালপাৰাৰ শিমলীতোলা চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ।
দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
দাবী পূৰণ নহ’লে নিৰ্বাচনত শাসকীয় পক্ষক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।

17. মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অভিযান৷
পলাশবাৰী আৰক্ষীৰ জালত পৰে দুজন সুদখোৰ৷
দখলাৰ ৰাম কলিতা, বৰিহাটৰ শৰৎ চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

18. লাহৰীঘাটৰ মেৰবিলত ৯১ কেজি গাঞ্জ জব্দ৷
গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ভূৰাগাঁও আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰীটো ৰুহুল আমিন৷
নিশা যন্ত্ৰচালিত নাৱেৰে সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি৷

19. নলবাৰীৰ বৰসৰকুছিত চাঞ্চল্যকৰ ঘটনা।
ঘৰৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰে মাতৃ-পুত্ৰৰ মৃতদেহ।
পিতৃ পলায়ন কৰে।

20. সৰুসজাই ষ্টেডিয়ামত অগ্নিকাণ্ড।
খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে এই অঘটন।
ষ্টেডিয়ামৰ মাজত থকা ডিজিটেল ষ্টেজত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
তাৎক্ষণিকভাৱে নিৰ্বাপন কৰা হয় জুই।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *