Pijush Hazarika

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam 21 February 2024:-

১/ জনতা ভৱনত আত্মসহায়ক আঁচনিৰ অধীনত গ্ৰাফিক ডিজাইন ইউনিট বিতৰণ অনুষ্ঠান।
৬০ গৰাকী নিৱনুৱা যুৱক-যুৱতীক বিতৰণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

২/ গুৱাহাটীত পানী পাবলৈ GMCৰ নতুন চৰ্ত।
পানী পাবলৈ দিব লাগিব সম্পত্তিৰ কৰ।
সম্পত্তিৰ কৰ অনাদায় থাকিলে বন্ধ হ’ব পানীৰ সংযোগ।
এই কথা জনাই গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়াই।

৩/ কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত হোৱা সাত দিনীয়া একনাম অখণ্ড কীৰ্তনৰ আজি পঞ্চমটো দিন।
পুৱা সেৱাশ্ৰমত উপস্থিত হয় BTR প্ৰধান প্ৰমোদ বড়ো।
গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীষ লয় প্ৰমোদ বড়োৱে।

৪/ জ্যেষ্ঠ বিহুৱা জয়ন্ত সোণোৱাললৈ বিহু ৰত্ন বঁটা-২০২৪।
বিহু শিল্পী সংস্থা অসমে প্ৰদান কৰিব এই বঁটা।

৫/ ৰাজ্যৰ মাধ্যমিক শিক্ষাত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা।
২০২২-২৩ৰ তুলনাত ২০২৩-২৪ বৰ্ষত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী ৪৯ হাজাৰতকৈ অধিক কমিল।
২০২২-২৩ত দ্বাদশ শ্ৰেণীত আছিল ২,৩২,৬১৬ শিক্ষাৰ্থী আৰু ২০২৩-২৪ত দ্বাদশ শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী ১,৮৩,২৭৯ গৰাকী।

৬/ বিগত ৩ বছৰত একত্ৰীকৰণ হৈছে ৰাজ্যৰ ৩,০৬৮ খন বিদ্যালয়।
২০২১-২২ বৰ্ষত একত্ৰীকৰণ হোৱা মুঠ বিদ্যালয়ৰ সংখ্যা ১,৩০৩ খন।
২০২২-২৩ বৰ্ষত একত্ৰীকৰণ হৈছে ৬৫৩ খন।
২০২৩-২৪ বৰ্ষত একত্ৰীকৰণ হৈছে ১,১১২ খন বিদ্যালয়।
সদনত এই তথ্য দাখিল DRSC ৰ অধ্যক্ষ ডাঃ পৰমানন্দ ৰাজবংশী।

৭/ কাইলৈ বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী।
বিজেপিত যোগদান কৰিব নলবাৰী জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কিশোৰ হাজৰিকা আৰু বহু ব্যক্তিয়ে।

৮/ মিত্ৰজোঁট চৰকাৰৰ আলোচনা সম্পূৰ্ণ হ’লেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব শ্বেহবাজ শ্বৰীফ।
আছিফ জাৰদাৰী হ’ব ৰাষ্ট্ৰপতি।

৯/ বিৱাহপাশত আৱদ্ধ হোৱাৰ বাবে মহিলাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব।
শেহতীয়াকৈ এই ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ।
কেন্দ্ৰক সামৰিক বাহিনীৰ এগৰাকী প্ৰাক্তন নাৰ্ছক ৬০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ ন্যায়ালয়ৰ।

১০/ চন্দ্ৰপুৰৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক জুৰি শৰ্মাক পুনৰ গ্ৰেপ্তাৰ৷
ভূমি পঞ্জীয়ন জালিয়াতিৰ গোচৰত জুৰি শৰ্মাক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰান্সে।

১১/ হাইলাকান্দিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰশ্নকাকত ভাইৰেল।
পৰীক্ষাৰ ৪০ মিনিটৰ ভিতৰত HSSC নামৰ এটা হোৱাটছএপ গ্ৰুপত মাতৃভাষাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হয়।
ঘটনা সন্দৰ্ভত এজন ছাত্ৰক আটক কৰে আৰক্ষীয়ে।
ভিক্ট’ৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হয় এই ঘটনা।

১২/ চাকৰিৰ পৰা নিলম্বন হ’ল ACTAৰ সভাপতি ড০ জয়ন্ত বৰুৱা।
ড০ বৰুৱা জামুগুৰিহাটৰ THB কলেজৰ সহযোগী অধ্যাপক আছিল।
ACTAৰ GS হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত নিয়োগ কৰিছিল টিউটৰ।

১৩/ কংগ্ৰেছ নেতা শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ নাগৰিক সন্মান Chevalier de la Legion d’Honneur (Knight of the Legion of Honour) ।
ফ্ৰান্সৰ দূতাবাসত এই সন্মান প্ৰদান কৰে ফ্ৰান্স চিনেটৰ স্পীকাৰ লাৰ্চাৰে।

১৪/ ফকিৰাগ্ৰামত একেদিনাই ১১টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে।
UPPL চৰকাৰৰ দিনত বিটিচিত উন্নয়নৰ নামত কেৱল অমাৱস্যা নামিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

১৫/ কামপুৰৰ নৱনিৰ্মিত উৰণ সেতুত অঘটন।
নিৰ্মীয়মাণ উৰণ সেতুখনৰ পৰা পৰি মৃত্যু হয় এগৰাকী শ্রমিক।
নাম দিপাংকৰ।
কামত নিয়োজিত হৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

১৬/ শিৱসাগৰ জিলাৰ ডিমৌ ৰজাবাৰীত তীব্ৰ প্ৰতিবাদ।
অসম চাহ নিগমৰ অধীনৰ ৰজাবাৰী চাহবাগিচাৰ চাহ শ্ৰমিক সকলে বিগত ৮ মাহে লাভ কৰা নাই মজুৰি।
যাৰ বাবে অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ।

১৭/ বাক্সাৰ বাঁ‌হবাৰীৰ ফাতেমাবাদ চাহ বাগিছাত উত্তাল প্ৰতিবাদ।
বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি,
চাহ শ্ৰমিকৰ মজুৰি, ছুটীৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।

১৮/ দিল্লী, পুনেত ২৫০০ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়।
নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰ’পিক চাবষ্টেন্স এক্ট (NDPS)ৰ অধীনত ৩গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ অভিযানত জব্দ কৰে ১১০০ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰন ।

১৯/ মহানগৰীৰ হাতীগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ।
২৭টাকৈ হেৰইন ভৰ্তি চাবোনৰ বাকচ, এখন বাহন, নগদ ১১ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে।
দক্ষিণগাঁৱৰ দোৱত বজাৰৰ সমীপত জব্দ কৰে ড্ৰাগছখিনি।
গ্ৰেপ্তাৰ কৰে নিজামুদ্দিন নামৰ প্ৰাক্তন গৃহৰক্ষী জোৱানক।

২০/ বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৮গৰাকী ব্যক্তি, গুৰুতৰভাৱে আহত হয় ৬গৰাকী ব্যক্তি।
এখন যাত্ৰীবাহী অটোত খুন্দা মাৰে তীব্ৰবেগী এখন ট্ৰাকে।
বিহাৰৰ লক্ষীচৰাইত সংঘটিত হয় এই দুৰ্ঘটনা।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *