Pijush Hazarika

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam 24 February 2024:-

1. দুদিনীয়া কাৰ্যসূচীৰে ৮ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
৯ মাৰ্চত যোৰহাটত সম্বোধন কৰিব বিশাল জনসভা।

2. কৰিমগঞ্জ আৰক্ষীক প্ৰশংসা কৰে ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই।
ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ আচঁনিৰ কাম-কাজৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে।

3. জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বিশেষ অনুষ্ঠান।
পঞ্চকৰ্মা উত্কৃষ্টতা কেন্দ্ৰ আৰু ৰাজ্যিক ফাৰ্মাচী নৱীকৰণ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

4. লোকসভা নিৰ্বাচনক লৈ আজি দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক।
উপস্থিত থাকে বিজেপি শাসিত প্ৰতিখন ৰাজ্যৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰী সকল।

5. বিশ্বনাথৰ বিহালী সমষ্টিত মিছন বসুন্ধৰা ২.০ অধীনত ভূমি পট্টা প্ৰদান অনুষ্ঠান।
শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

6. মৰাণৰ ডবা তিনিআলিত মিছন বসুন্ধৰা ২•০ ৰ অধীনত ভূমিপট্টা প্ৰদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন আৰু বহু গণ্য মান্য ব্যক্তি।

7. দলগাঁৱত মিছন বসুন্ধৰা ২.০ ৰ ভুমি পট্টা প্ৰদান অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, দৰং জিলা আয়ুক্ত আৰু বহু গণ্য মান্য ব্যক্তি।

8. দেশত ১ জুলাইৰ পৰা বলৱৎ হ’ব ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩।
ভাৰতীয় নাগৰিকৰ সুৰক্ষা সংহিতা ২০২৩।

9. উত্তৰ প্ৰদেশত যোগী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
প্ৰশ্নকাকত ফাদিলকলৈ বাতিল হ’ল আৰক্ষী কনিষ্টবলৰ নিযুক্তি পৰীক্ষা।
দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব উত্তৰ প্ৰদেশ চৰকাৰে।
ছমাহৰ ভিতৰত নিকা ভাৱে অনুষ্ঠিত হব পৰীক্ষা।

10. আজি বীৰ চিলাৰায় দিৱস।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত বঙাইগাঁও জিলাৰ বৰপাৰা খেলপথাৰত আয়োজন কৰে চিলাৰায় দিৱস।

11. ৪ জুনৰ পৰা Google Pay app আমেৰিকাত উপলব্ধ নহ’ব।
ইয়াৰ উদ্দেশ্য হৈছে ব্যৱহাৰকাৰীসকলক ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ প্ৰাপ্ত কৰাত সহায় কৰা।

12. তাৰিখ সলনি হ’ল বিজেপিৰ লোকসভা হিতাধিকাৰী সন্মিলন সমিতিৰ কৰ্মশালা।
২৫ ফেব্ৰুৱাৰীৰ সলনি ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব কৰ্মশালা।
১৪টা সমষ্টিৰ বাবে বিজেপিয়ে অসমত গঠন কৰিছে হিতাধিকাৰী সমিতি।

13. চাপৰত সুদখোৰ চৰকাৰী শিক্ষকক আটক।
১২৮০ নং কাঠলগুৰী এল পি স্কুলৰ প্ৰধান শিক্ষক আব্দুল ছাত্তাৰ।
চাপৰ আৰক্ষীয়ে আটক কৰে শিক্ষক আলীক।
সুদ বিচাৰি এজন শিক্ষকক হাৰাহাস্তিৰ অভিযোগ ছাত্তাৰৰ বিৰুদ্ধে।
উপায়হীন শিক্ষকজনে এজাহাৰ দাখিল কৰিছিল চাপৰ আৰক্ষীক।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে আব্দুল ছাত্তাৰক।

14. বোকাখাতৰ নাহৰজান চাহ বাগিচাত উদ্ধাৰ এটা নৰকংকাল।
হাবি কাটি থকা অৱস্থাত কংকালটো উদ্ধাৰ কৰে শ্ৰমিকে।
ঘটনাস্থলীত উপস্থিত হয় বোকাখাত আৰক্ষীৰ এটা দল।
কংকালটো পুৰুষৰ বুলি সন্দেহ আৰক্ষী, স্থানীয় ৰাইজৰ।

15. বৰ্তমান বন্ধ থাকিব কৃষকৰ দিল্লী চলো অভিযান।
২৯ ফেব্ৰুৱাৰীলৈ আন্দোলন স্থগিত ৰখাৰ ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ।

16. অমৃত সৰোবৰত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ। সাঁতুৰি থকা অৱস্থাতে পানীত ডুব যায় যুৱকজন।
নাম ৰাহুল কলিতা।

17. উত্তৰপ্ৰদেশৰ কাশগঞ্জত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে তীৰ্থযাত্ৰীৰ বাহন।
দুৰ্ঘটনাত ৭টা শিশুসহ ২০ গৰাকী লোকৰ কৰুণ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত হয় ২৫গৰাকী লোক।

18. গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড।
শিৱ মন্দিৰৰ সমীপত থকা কাবাৰী দোকান আৰু গাড়ীৰ ছিট নিৰ্মাণ কৰা দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়।

19. উত্তৰ গুৱাহাটীৰ শিলসাঁকোত অঘটন।
এগৰাকী ব্যক্তিৰ শুৱনি কোঠাত সোমাই তীব্ৰবেগী ডাম্পা।
কথমপি প্ৰাণ ৰক্ষা পৰে পীতাম্বৰ শৰ্মাৰ পৰিয়ালৰ ৪গৰাকী সদস্য।
পুৱতি নিশা সংঘটিত হয় এই ঘটনা।

20. যোগীঘোপাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।
জব্দ কৰে বুজন পৰিমানৰ হেৰ’ইন।
ধৃত দুই ব্যৱসায়ী ছাইদুল ইছলাম আৰু মমিনুৰ ৰহমান।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *