Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam 25 February 2024 :-

1. গুজৰাটত দেশৰ আটাইতকৈ দীঘল কেবল ব্ৰিজ ‘সুদৰ্শন সেতু’ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সেতুখনৰ দৈৰ্ঘ্য প্ৰায় ২.৩২ কিলোমিটাৰ।
লগতে শ্ৰীকৃষ্ণৰ আশিস বিচাৰি সাগৰৰ গভীৰত থকা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

2. নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
নগাঁৱৰ ইনড’ৰ ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।

3. ২৬ ফেব্রুৱাৰী অৰ্থাৎ অহা কাইলৈ দেশৰ ৫৫৪টা ষ্টেচনৰ শিলান্যাস কৰিব দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।
অসমৰ কামাখ্যা আৰু শিলচৰ ষ্টেচনে পাব বিশ্বমানৰ ৰূপ।

4. কলিয়াবৰত মিছন বসুন্ধৰা ২.০ আঁচনিৰ অধীনত হিতাধিকাৰীক ভূমিপট্টা বিতৰণ অনুষ্ঠান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বহু গণ্যমান্য ব্যক্তি।

5. জাগীৰোডত ভূমি পট্টা বিতৰণ অনুষ্ঠান।
প্ৰায় ২৫০০ লোকক ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকাই।

6. বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ মহাপালনাম থানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কেন্দ্ৰীয় প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

7. অৰুণাচল প্ৰদেশত বিজেপিত যোগদান কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

8. কংগ্ৰেছ ত্যাগৰ প্ৰথমটো খোজ ৰাণা গোস্বামীৰ৷
উজনি অসমৰ দায়িত্ব এৰিলে APCCৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে৷

9. AAPৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি তিলক চন্দ্ৰ গগৈ আৰু তিলক চন্দ্ৰ গগৈৰ সহযোগী দিগন্ত দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
বেংকৰ ঋণ দিয়াৰ নামত দুখীয়া লোকক প্ৰৱঞ্চনা কৰিছিল দুই প্ৰৱঞ্চকে৷
দুখীয়া লোকৰ নামত ঋণ লৈ আত্মসাৎ কৰিছিল ধন৷

10. নলবাৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী।
জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কেইবাটাও ৰাজনৈতিক দলৰ ১,০০০ৰো অধিক সদস্যই বিজেপিত যোগদান কৰে.
উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বহু গণ্য মান্য ব্যক্তি।

11. সৰভোগৰ মইনবড়ী সত্ৰৰ মণিকূট গৃহ মুকলি অনুষ্ঠান।
আনুষ্ঠানিকভাৱে মুকলি কৰে সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীয়ে।
প্ৰায় ১.২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সত্ৰৰ মণিকূট গৃহ।
৫৩২ বছৰ পূৰ্বে স্থাপন কৰিছিল শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাই।

12. শিৱসাগৰত মিছন বসুন্ধৰা ২.০ ভূমি পট্টা প্রদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত ৭৬৫ পৰিয়াললৈ ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে।
উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি।

13. গোৱালপাৰা চহৰৰ নামাবস্তিত ভয়ংকৰ অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত ভস্মীভূত হয় ৭টাকৈ বাসগৃহ৷
কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় জুইত।

14. শিৱসাগৰৰ বলিয়াঘাটৰ ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা।
ঘাইপথৰ খান্দি থোৱা পুখুৰীত সোমাল চাৰিচকীয়া বাহন।
যোৰহাটৰ পৰা শিৱসাগৰলৈ আহি থকা চেভ্ৰলে’ বাহনখনে খুন্দা মাৰে হুণ্ডাই i10 বাহনত।
দুৰ্ঘটনাত আহত হয় চেভ্রলে’ বাহনৰ দুই আৰোহী।

15. হাৰিয়ানাৰ INLD প্ৰধান নফে সিঙক গুলীয়াই হত্যা।
বৰাহী ফাটকৰ সমীপত সংঘটিত হয় এই ঘটনা।

16. উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ আতচবাজী কাৰখানাত বিস্ফোৰণ।
বিস্ফোৰণত নিহত হয় ৪জন লোক।
গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।

17. ‘এপ্ৰিলৰ প্ৰথম সপ্তাহত হ’ব লোকসভা নিৰ্বাচন’৷
এই দাবী কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ৷
তেলেংগানাত বিজয় সংকল্প যাত্ৰাত অংশ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

18. ডিফুত আৰক্ষী-CRPFৰ যুটীয়া অভিযান।
কাৰ্বি পাহাৰত অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।
অভিযানত উদ্ধাৰ কৰে মেগজিনসহ এটা AK ছিৰিজৰ ৰাইফল, ৩টা পইণ্ট থ্ৰী টু পিষ্টলসহ ৩টা মেগজিন, ৩টা হেণ্ড গ্ৰেনেড, ছিমকাৰ্ডসহ ২টা মোবাইল উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।
আটক কৰে নীজেশ লাংথাছা, মাণিক হাফলংবাৰ, কুমুদ ওৰফে ৰথাই ফংল নামৰ সৰবৰাহকাৰীক।

19. কামৰূপৰ চাংসাৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড৷
মণিয়ৰী পথাৰত উদ্ধাৰ মহিলাৰ মৃতদেহ৷
দূবৃত্তই হত্যা কৰি পথাৰত পেলাই দিয়াৰ সন্দেহ স্থানীয় লোকৰ।

20. যোৰহাটৰ বালিগাঁও সন্মিলনী নাট্য মন্দিৰত সদৌ অসম পূৰ্ণাংগ নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান আৰু বক্তৃতানুষ্ঠান ।
উপস্থিত থাকে সংগীত নাটক একাডেমীৰ ভাৰত চৰকাৰৰ মনোনীত সদস্য ড০ অনিল শইকীয়া, বিশিষ্ট অতিথি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক মনোজ বৰপূজাৰী আৰু বহু গণ্যমান্য ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *