Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।
Rnewsindia24.com Assam 29 February 2024:-
1. বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
বৰপেটাৰোড ৰেলৱে ষ্টেচন আৰু সৰুপেটা ৰেলৱে ষ্টেচনৰ মাজত মুঠ ৪২.১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দুইলেনযুক্ত ৰেলৱে অভাৰ ব্ৰীজ ‘অটল উৰণ সেতু’ খন শুভ উদ্বোধন কৰে ড° শৰ্মাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বহু গণ্যমান্য ব্যক্তি।
আনহাতে বৰপেটাত “বিকাশ যাত্ৰা” কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
এই কাৰ্যসূচীৰ জৰিয়তে কেইবাটাও প্ৰকল্পৰ ভূমি পূজন, শিলান্যাস আৰু শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
2. ৰাজ্যত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে ২৭ হাজাৰ কোটি টকা অনুমোদন কেন্দ্ৰৰ।
ব্যক্তিগত বিনিয়োগেৰে এয়া হব ৰাজ্যৰ আটাইতকৈ ডাঙৰ ছেমি কণ্ডাক্টৰ।
মৰিগাঁৱত স্থাপন কৰা হব এই ছেমি কণ্ডাক্টৰ।
X যোগে এই কথা জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
3. বাজপেয়ী ভৱনত বিজেপিত যোগদান কাৰ্যসূচী।
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোগদান কৰে।
5. মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
সংবাদমেলত উপস্থিত থাকে অগপৰ নেতৃবিন্দ।
সংবাদমেলত UPPLক দিয়া হৈছে কোকৰাঝাৰ আসন।
বৰপেটা আৰু ধুবুৰী সমষ্টিৰ আসন অগপলৈ।
মুঠ ১১খন আসনত প্রতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে।
6. কোকৰাঝাৰত বিশ্ব শান্তিৰ বাবে আৰম্ভ হৈছে মহাযজ্ঞ ।
২৫ টাকৈ যজ্ঞকুণ্ডত ১২২ গৰাকী পুৰোহিতৰ মন্ত্ৰাচ্চাৰণেৰে আৰম্ভ ক্ষয় এই মহাযজ্ঞৰ ৷
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷
10. গুৱাহাটীত আছুৰ উদ্যাগত ‘কা’বিৰোধী বৈঠক।
হোটেল প্ৰাগ কণ্টিনেণ্টেলত অনুষ্ঠিত হয় এই বৈঠক।
আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃবিন্দই অংশগ্ৰহণ কৰে বৈঠকত।
11. ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধ হ’ব মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ।
উচ্চ শিক্ষা বিভাগৰ প্ৰমাণ-পত্ৰ অবিহণে নাপাব দৰমহা।
বিত্ত বিভাগে সকলো কোষাগাৰলৈ দিয়ে নিৰ্দেশনা।
AISHE পৰ্টেলত শুদ্ধ আৰু সম্পূৰ্ণ তথ্য দিব লাগিব মহাবিদ্যালয় সমূহে।