৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam 3 March 2024:-
1. অসমবাসীৰ বাবে সু-খবৰ।
মাজুলীৰ মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰলৈ ভৌগোলিক স্বীকৃতি।
মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰই লাভ কৰে GI TAG।
2. নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক।
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক।
কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ বৈঠকত আলোচনা হয়।
3. নলবাৰীৰ চামতা ক্ৰীড়া সংঘৰ ষ্টেডিয়ামত বিকাশ যাত্ৰাৰ কাৰ্যসূচী।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
4. দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব শ্বাহৱাজ শ্বৰীফ।
শ্বাহৱাজ শ্বৰীফৰ প্ৰতিদ্বন্দ্বীৰূপে থিয় দিছে PTIৰ ওমৰ আয়ুব খানে।
5. বাক্সাৰ শালবাৰীত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো।
কেইবাটাও পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধানগৰাকীয়ে।
লগতে শালবাৰী মহাবিদ্যালয়, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে প্ৰমোদ বড়োৱে ।
6. কাইলৈ গোগামুখৰ দিৰপাইত নিৰ্মাণ কৰা ICARৰ শুভাৰম্ভ।
এছিয়াৰ ভিতৰতে বৃহৎ কৃষি গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত ICAR।
প্ৰথম পৰ্যায়ত ১০৫ গৰাকী শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব স্নাতক পাঠ্যক্ৰম।
বৰ্তমান ICARত কৰ্মৰত ৩১ গৰাকী বিজ্ঞানী আৰু মে’ মাহত যোগদান কৰিব আন ২৯ গৰাকী বিজ্ঞানীয়ে।
7. আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ভোজপুৰী কণ্ঠশিল্পী পৱন সিঙে।
‘X’যোগে এই কথা জনাই কণ্ঠশিল্পীগৰাকীয়ে।
8. ৭, ৮ আৰু ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত বন্ধ থাকিব জীপ ছাফাৰী।
৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
৯ মাৰ্চৰ পুৱা কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে।
যাৰ বাবে এক জাননী যোগে বন বিভাগে সদৰি কৰিছে এই তথ্য।
9. চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্রৱ।
১২নং নতুন মাটিৰ সোণাপুৰত হাতীৰ আক্রমণত নিহত হয় এজন।
নিহত লোকজনৰ নাম দুৰ্জো নাৰ্জাৰী।
10. বৈঠালাংছ’ত বন বিভাগৰ অভিযান।
টীকা পাহাৰত চোৰাং কাঠভৰ্তি এখন বাহন জব্দ কৰে।
প্রায় ৫০ হাজাৰ টকাৰ চোৰাং কাঠ কঢ়িয়াই আনিছিল বাহনখনে।
11. ঢকুৱাখনাৰ সোণাৰী চাপৰিৰ বাঁহপৰাত দুৰ্ঘটনা।
তীব্রবেগী বাইকৰ খুন্দাত নিহত হয় এটি কিশোৰ।
নিহত কিশোৰটোৰ নাম জিতুল দিহিঙীয়া।
12. জালুকবাৰীত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত মৃত্যু হয় পলাশবাৰীৰ উমেশ দাস।
সাতমাইলৰ পৰা জালুকবাৰী অভিমুখে আহিছিল উমেশ দাস।
13. বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী অভিযান।
ড্ৰাগছসহ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীক।
আৰক্ষীৰ জালত সৰবৰাহকাৰী ৰণ্টু খেৰকটাৰী।
ৰণ্টু খেৰকটাৰীৰ পৰা জব্দ কৰে ২১ গ্ৰাম ড্ৰাগছ।
14. কাছাৰৰ ধলাইত উদ্ধাৰ বুজন পৰিমাণৰ বিস্ফোৰক।
সেনা-আৰক্ষীৰ যুটীয়া অভিযানত সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰে ১৩ কেজি বিস্ফোৰক, ২,৯০০ ডাল ডিটেনেট।
মিজোৰাম সীমান্তৰ ধলাই ৰাজঘাটত ছেলিম উদ্দিন নামৰ লোকজনৰ ফাৰ্ম হাউছৰ সমীপত পুতি থৈছিল বিস্ফোৰক।
15. চাবুৱাৰ মুৰিপত্তিত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাছ আৰু বাইকৰ মাজত সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় অনুপম শৰ্মা নাম।
16. নগাঁৱৰ খাগৰিজানত বিধ্বংসী অগ্নিকাণ্ড।
খাগৰিজান কলেজৰ সন্মুখতে সংঘটিত হয় অগ্নিকাণ্ড।
জুইত জাহ যায় ৫ টাকৈ বাসগৃহ।
17. “কংগ্ৰেছ দলটো খিলঞ্জীয়া, অসমীয়া, ভাৰতীয় মূলৰ মানুহৰ পৰা বিচ্ছিন্ন। সেইবাবে উত্তৰ অসম, উজনি অসমত সমষ্টিবোৰত কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই”- মন্তব্য বিধায়ক মানৱ ডেকাৰ।
18. গোৱালপাৰাৰ পিতবাৰীৰ পৰা সুদখোৰক আটক আৰক্ষীৰ৷
ধৃত সুদখোৰটো মহিবুল ইছলাম৷
আৰক্ষীয়ে জব্দ কৰে ১১টা চোৰাং মোবাইল, এখন মটৰচাইকেল৷
19. হাউলীৰ মৈৰামাৰা আমতলত শোকাৱহ পথ দুৰ্ঘটনা।
বাইক আৰু বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী।
নিহত বগাইজানপাৰাৰ ছাদেক আলী।
20. গোৱালপাৰা জিলাৰ বলবলাত পথ দুৰ্ঘটনা৷
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো৷
দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়।
Sangita Dutta Editor in Chief Rnewsindia24.com