১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam 7 March 2024:-
1. উজ্বলা আঁচনিৰ হিতাধিকাৰীৰ বাবে সু-খবৰ৷
অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য৷
কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্ত৷
2. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ বোকাখাতত চলিছে ব্যাপক প্ৰস্তুতি।
বোকাখাতত ১ লাখ বন্তিৰে স্বাগতম জনাব প্ৰধানমন্ত্ৰীক।
প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বোকাখাতত জ্বল ১ লাখ বন্তি।
প্ৰজ্বলনস্থলীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী কেশৱ মহন্ত আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ৰাইজ।
3. CAA ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বাইক ৰেলী।
গুৱাহাটী মহানগৰীত বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে কেন্দ্ৰীয় নেতৃবৃন্দই।
4. অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত চলচ্চিত্ৰ নিৰ্মাণ অনুষ্ঠান।
পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান।
উপস্থিত থাকে অধ্যক্ষ সীমান্ত শেখৰ, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাকুলপ্ৰীত সিং, প্ৰযোজক, অভিনেতা জেকী ভাগনানী আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
5. ১১ মাৰ্চত ঘোষণা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা।
এই কথা ঘোষণা কৰে ভূপেন বৰাই৷
6. বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ মন্ত্ৰী হ’ল অনিমেষ দেৱবাৰ্মা।
7. আজি কংগ্ৰেছৰ নিৰ্বাচনী কমিটীৰ বৈঠক।
সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত হয় এই বৈঠক।
8. ‘মই থকালৈকে CAA আহিব নোৱাৰে।
CAA আনিলে আপোনালোকে ভোট নিদিব’।
CAAৰ বিৰুদ্ধে মন্তব্য জুবিন গাৰ্গৰ।
9. ক্লিনিক, ক্লিয়াৰাচিল ব্রণ চিকিৎসাত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ।
আমেৰিকা পৰীক্ষাগাৰৰ গৱেষণাত পোহৰলৈ আহে এই তথ্য।
10. উত্তৰ অসমৰ মা কল্যাণী দেৱালয়ত উপস্থিত মন্ত্ৰী অশোক সিংহল।
শক্তিপীঠখনত আশিস ল’লে মন্ত্ৰীগৰাকীয়ে ।
11. MPLAD পুঁজিৰ ধন ব্যয়ৰ গোচৰত গ্ৰেপ্তাৰ হয় ACS সুকন্যা বৰা।
৭ কোটি টকাৰ অপব্যয় হৈছিল MPLAD ফান্দৰ।
সেই সময়ত কামৰূপ মহানগৰৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত আছিল সুকন্যা।
12. পূব ছিৰিয়াত ISISৰ ভয়ংকৰ আক্ৰমণ।
১৮ জনকৈ লোকক গুলীয়াই হত্যা ISISৰ।
আহত হয় কেইবাজনো লোক।
বুধবাৰে সংঘটিত হয় এই ভয়ানক ঘটনা।
13. মহানগৰীত পুনৰ ফাটিল পানীৰ পাইপ৷
পানবজাৰত সংঘটিত হৈছে এই ঘটনা।
14. মহানগৰীৰ উলুবাৰীস্থিত CIDৰ কাৰ্যালয়ত প্ৰাক আন্তর্জাতিক নাৰী দিৱস পালন৷
গুৱাহাটী সাহানী কাৱৰিয়া NGOৰ উদ্যোগত নাৰী দিৱসৰ আয়োজন কৰা হয়৷
অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী আৰক্ষী বিষয়া আৰু বিশিষ্ট ব্যক্তি।
15. মাৰ্ঘেৰিটাত বুজন পৰিমাণৰ ধনসহ ২জন যুৱকক গ্ৰেপ্তাৰ৷
জব্দ হয় ৩০ লক্ষাধিক টকা।
সেনাৰ এটা দলে লিডুৰ বমগাৰাত চলাইছিল অভিযান৷
উগ্ৰপন্থীক যোগান ধৰাৰ উদ্দেশ্যে ধনখিনি নিয়াৰ সন্দেহ৷
16. ‘উন্নতি ২০২৪ৰ জৰিয়তে ‘এক্ট ইষ্ট পলিচী’ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ’৷
এই প্ৰতিশ্ৰুতিয়ে দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ বাণিজ্য সুদৃঢ় কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
17. উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত ভয়ংকৰ অগ্নিকাণ্ড।
দপদপাই জ্বলি উঠে দুটাকৈ সুউচ্চ অট্টালিকা।
গ্ৰেটাৰ নয়ডা পশ্চিমৰ এটা আৱাসিক এলেকাত সংঘটিত হয় এই ঘটনা।
18. অৰাৰিয়া, মুম্বাই, মথুৰা আৰু গুৰগাঁৱত DRIৰ অভিযান৷
অভিযানত ৪০ কিলোগ্ৰাম সোণ, ৬ কিলোগ্ৰাম ৰূপ, ৫.৪৩ কোটি টকা জব্দ কৰা হয়৷
সমগ্ৰ ঘটনা সন্দৰ্ভত ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হয়৷
19. মহানগৰীৰ জালুকবাৰীৰ উৰণসেতুত অঘটন৷
ৰাজপথত হঠাৎ জ্বলি উঠে এখন চাৰিচকীয়া বাহন৷
যান্ত্ৰিক বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷
20. দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড৷
শ্ৰেণী কোঠাৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷
Sangita Dutta Editor in Chief Rnewsindia24.com