Kamala Nehru

স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পত্নী কমলা কৌল নেহৰুৰ জীৱন যাত্ৰাঃ

Spread the love

 

 

কমলা নেহৰুৰ জন্ম হৈছিল ১৮৯৯ চনৰ ১ আগষ্টত পুৰণি দিল্লীৰ এটা কাশ্মিৰী পৰিয়ালত।

পিতৃ-মাতৃৰ নাম আছিল ৰাজপতি আৰু জৱাহৰমল অতল কৌল।

কমলা ঘৰখনৰ চাৰি সন্তানৰ জ্যেষ্ঠ্ সন্তান আছিল।

তেওঁৰ দুজন ভায়েক- চান্দবাহাদুৰ কৌল উদ্ভিদবিদ আছিল।

আনজন কৈলাশ নাথ কৌল। ভনীয়েকৰ নাম আছিল স্বৰূপ কাটজু।

তেওঁ ঘৰতে এজন পণ্ডিত আৰু এজন মৌলৱীৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰিছিল।

১৬ বছৰ বয়সত কমলা জৱাহৰলাল নেহৰুৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

জৱাহৰলাল নেহৰুৰ আত্মজীৱনীত পত্নীৰ বিষয়ে লিখিছিল যে, “মই প্ৰায়ে তেওঁক অৱজ্ঞা কৰি চলিছিলো।”

১৯১৭ চনত কমলাই এজনী ছোৱালী সন্তান জন্ম দিয়ে,

নাম ইন্দিৰা প্ৰিয়দৰ্শিনী আৰু

এটি ল’ৰা সন্তানৰো জন্ম দিছিল যদিও এসপ্তাহহে জীয়াই আছিল।

তাৰ পিছত কমলাই তেওঁৰ স্বামীৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰিছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনত তেওঁ এলাহাবাদত বিদেশী বস্ত্ৰ আৰু সুৰাৰ বিপনীত পিকেটিং কৰিবলৈ এটা মহিলাৰ দলক সংঘবদ্ধ কৰিছিল।

যেতিয়া তেওঁৰ স্বামীক ব্ৰিটিছৰ বিৰুদ্ধে দিয়া এটা ৰাজহুৱা বক্তৃতা বন্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰিছিল, তেতিয়া কমলা নেহৰুৱে তেওঁৰ স্বামীৰ স্থানলৈ গৈ বক্তৃতাটো পঢ়ি দিছিল।

ব্ৰিটিছে কম সময়ৰ ভিতৰতে কমলা নেহৰুৰ পৰা কেনে ধৰণৰ ভাবুকি আহিছে আৰু দিনে দিনে দেশজুৰি মহিলাসকলৰ মাজত যে তেওঁৰ জনপ্ৰিয়তা বাঢ়ি আহিছে, সেয়া বুজি পালে।

স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ অপৰাধত কমলা, সৰোজিনী নাইডু, জৱাহৰলালৰ মাক আৰু অন্যান্য মহিলাসকলৰ সৈতে পুলিচে গ্ৰেপ্তাৰ কৰিলে।

সেই সময়চোৱাৰ ভিতৰতে স্বাধীনতা আন্দোলনৰ আহত কৰ্মীসকল, তেওঁলোকৰ পৰিয়াল তথা এলাহাবাদৰ অন্যান্য বাসিন্দাসকলৰ চিকিৎসাৰ বাবে তেওঁ নিজা বাসভৱন স্বৰাজ ভৱনত এখন ঔষধালয় খুলিলে।

তেওঁৰ মৃত্যুৰ পিছত এই ঔষধালয়খন এখন পূৰ্ণাঙ্গ হাস্পাতালৰ ৰূপ দিয়া হয়।

কমলা নেহৰুৰ স্মৃতিত ইয়াৰ নাম ‘কমলা নেহৰু মেমোৰিয়েল হাস্পাতাল’ ৰখা হয়, যাৰ আধাৰশিলা মহাত্মা গান্ধীয়ে স্থাপন কৰিছিল।

১৯৩৬ চনৰ ২৮ ফেব্ৰুৱাৰীত কমলা নেহৰুৰ যক্ষ্মা ৰোগত ছুইজাৰলেণ্ডৰ Lausanne-ত মৃত্যু হয়।

এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.com

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *