Sarbananda Sonowal

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam 17 March 2024

১/ অসম আৰক্ষীৰ ভয়ানক কাণ্ড।
বনকৰা কিশোৰীক যৌন উৎপীড়ন চলাই গ্ৰেপ্তাৰ হয় DSP কিৰণ নাথ।

২/ অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ভোটগণনাৰ তাৰিখ সলনি।
৪ জুনৰ পৰিৱৰ্তে ২ জুনত অনুষ্ঠিত হ’ব ভোটগণনা।

৩/ ২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ।
সৰুসজাইত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই মেচ।
২৩ মাৰ্চত দুয়োটা ফুটবল টীম উপস্থিত হ’ব গুৱাহাটীত।

৪/ ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ডিব্ৰুগড় লোকসভা নিৰ্বাচন৷
ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ অভিযান৷
চৌকিডিঙীত অগপ কাৰ্যালয়ত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল৷
সোণোৱালক উষ্ম আদৰণি জনায় দলীয় নেতা-কৰ্মীয়ে।

৫/ চৰাইদেউত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ৷
চৰাইদেউ মৈদামস্থলীত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী৷
মৈদামস্থলীত উপস্থিত হৈ পূৰ্বপুৰুষৰ আশীৰ্বাদ লয় গৌৰৱ গগৈয়ে৷

৬/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন৷
দিল্লীৰ সুৰা নীতিক লৈ চমন জাৰি কৰে অৰিবন্দ কেজৰিৱাললৈ৷

৭/ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চপাখোৱাস্থিত কৃষ্টি ভৱনত বিজেপিৰ সাংগঠনিক সভা।
উক্ত সভাত উপস্থিত থাকে বিধায়ক বলিন চেতিয়া, সাংসদ প্ৰদান বৰুৱা, দলীয় কাৰ্যকৰ্তাসকল।

৮/ নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে ফোন মুকলি ।
১৯৫০ নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ।
কামৰূপ মহানগৰ জিলা আয়ুক্তৰ এই ঘোষণা।

৯/ পশ্চিমবংগৰ সন্দেশখালী কাণ্ড সন্দৰ্ভত আৰু ৩জনক গ্ৰেপ্তাৰ৷
CBI-এ গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত শ্বাহজাহান শ্বেখৰ ভাতৃক৷
সন্দেশখালীত EDৰ দলক আক্ৰমণত অভিযুক্ত আটাইকেইজন৷

১০/ ডুমডুমা বিধানসভা সমষ্টিত বুথ সন্মিলন।
সন্মিলনত কংগ্ৰেছ দলৰ লগতে অন্যান্য দল সমূহৰ বহু নেতাই বিজেপিত যোগদান কৰে।
উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু কেইবা গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিজেপিৰ নেতা কৰ্মী।

১১/ দক্ষিণ শালমাৰাৰ ফুলকাটাৰীত হানী ট্ৰেপিং চক্ৰ উৎখাত৷
অসম আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই ৩টা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে।

১২/ আজিৰে পৰা সাতদিনীয়াকৈ বিহপুৰীয়াৰ চিনাতলী পথাৰত অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ।
ডবা, শংখ, মংগল ধ্বনিৰ সুৰত বৈকুণ্ঠপুৰীত পৰিণত হৈছে খ’ৰা সমন্বয় ক্ষেত্ৰ।

১৩/ কাছাৰৰ নৰসিংহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷
দুঘটনাত থিতাতে নিহত হয় ৩জন আৰু আহত হয় কেইবাজনো৷
শিলচৰ-আইজল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা৷

১৪/ বিগ বছ OTT-২ৰ বিজয়ী এলভিছ যাদৱক গ্ৰেপ্তাৰ।
সাপৰ সৈতে ভিডিঅ’ শ্বুটিং আৰু ৰেভ পাৰ্টীত সাপ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় এলভিছ যাদৱক।

১৫/ কৰিমগঞ্জৰ ৰাতাবাৰীত মটৰ চাইকেল দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বৈদ্যুতিক খুটাত খুন্দা মাৰে বাইকে।
দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন।
মৃত ব্যক্তি গৰাকী ফেনাই চাহ বাগিচাৰ মানিক চন্দ্ৰ ৰবি দাস।

১৬/ বজালীৰ ধুমাৰকুৰ দৈনিক বজাৰত অগ্নিকাণ্ড৷
৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়৷
বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা জুইৰ সুত্ৰপাত হয়।

১৭/ যোৰহাটত বিজেপিৰ যোগদান কাৰ্যসূচী।
বহু কেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

১৮/ শোণিতপুৰৰ চাৰিদুৱাৰত কয়লাভৰ্তি বলেৰ’ পিকআপ ভান জব্দ৷
বালিপৰাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথতো বন বিভাগৰ অভিযান৷
অভিযানত অবৈধভাৱে শিল-বালি কঢ়িওৱা এখন মিনি ট্ৰাক জব্দ কৰা হয়।

১৯/ পশ্চিম গোৱালপাৰাৰ শিঙিমাৰীৰ SBF ইটাভাটাত অঘটন৷
১৪ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যু।
ইটাভাটাৰ মালিকে বলপূৰ্বকভাৱে কামত নিয়োগ কৰাৰ অভিযোগ৷
যাৰ বাবে কিশোৰীগৰাকীয়ে লয় এই চৰম পন্থা৷

২০/ মানকাচৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷
ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ ব্যৱসায়ী৷
সৰবৰাহকাৰীৰ ঘৰত মাটিৰ তলত লুকাই থোৱা অৱস্থাত উদ্ধাৰ হয় সামগ্ৰীখিনি৷

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *